অলকা বুজৰ বৰুৱাৰ “দ্ৰৌপদী” উপন্যাসৰ এক চমু অবলোকন
যুগান্ত দাস
ভৱানীপুৰ, বজালী
মহাভাৰতৰ এক উল্লেখযোগ্য নাৰী চৰিত্ৰ হৈছে “দ্ৰৌপদী ” । এই বিচিত্ৰ চৰিত্ৰটোকে অবলম্বন কৰি কবি , ঔপন্যাসিক অলকা বুজৰ বৰুৱাই লিখি উলিয়াইছে “দ্ৰৌপদী” নামৰ উপন্যাসখন । তেখেতৰ এই উপন্যাসখন ইতিমধ্যে বাংলা ভাষালৈ অনুবাদ কৰা হৈছে । উপন্যাসখন বাংলা ভাষালৈ অনুবাদ কৰিছে কলকাতাৰ প্ৰখ্যাত বাংলা আৰু অসমীয়া অনুবাদক বাসুদেৱ দাসে ।
অলকা বুজৰ বৰুৱাই “দ্ৰৌপদী” উপন্যাসখনত এক নতুন দৃষ্টিভংগীৰে মহাভাৰতৰ দ্ৰৌপদী চৰিত্ৰটোক উপস্থাপনৰ প্ৰয়াস কৰিছে । দ্ৰৌপদীৰ মনত উদয় হোৱা খং , ক্ষোভক এগৰাকী সাধাৰণ নাৰীৰ দৃষ্টিভংগীৰে অনুধাৱন কৰি ঔপন্যাসিকে উপন্যাসখনত তুলি ধৰিছে । ৰাজকুঁৱৰী দ্ৰৌপদীক , এগৰাকী সাধাৰণ নাৰীৰ ৰূপত তুলি ধৰাটোৱে উপন্যাসখনৰ এক বিশেষ দিশ । দ্ৰৌপদীৰ জীৱনলৈ নামি অহা দুৰ্যোগবোৰ মূৰ পাতি লোৱাৰ বাহিৰে যেন তাইৰ ওচৰত আন একো উপায় নাছিল । অনাকাংক্ষিত ভাৱে তাইৰ জীৱনত ঘটি যোৱা ঘটনাবোৰে তাইক কৰি তুলিছিল এগৰাকী প্ৰতিবাদী নাৰী । যাৰ প্ৰকাশ উপন্যাসখনৰ কেইবাঠাইতো দেখা যায় । সময়ে সময়ে দ্ৰৌপদী যুধিষ্ঠিৰৰ স্বভাৱ চৰিত্ৰ দেখি সন্দিহান হৈ পৰিছে । সেয়ে ঔপন্যাসিকে এঠাইত দ্ৰৌপদীৰ মুখেৰে কৈছে — ” হে ধৰ্মৰাজ , নিজৰ অনুজৰ পত্নীক নিজৰ স’তে ভগাই লোৱাটো কেনে ধৰ্ম ? ধৰ্মৰ ৰক্ষক হৈ ধৰ্মৰ কোনটো দৃষ্টিকোণেৰে এনে এটা কথা আপুনি মানি ল’লে? নে আপোনাৰো মোক পত্নী হিচাপে পোৱাৰ হাবিয়াস এটা বুকুৰ কোনোবা এঠাইত লুকাই আছিল , যাক আপুনি বিসৰ্জন দিব নোৱাৰিলে ? মোৰ ৰূপ যৌৱনে আপোনাৰ দেহতো জগাই তুলিছে নেকি আদিম শিহৰণ এটা যাক আপুনি নেওচা দিব নোৱাৰিলে । ” এনেধৰণে দ্ৰৌপদী উপন্যাসখনত দ্ৰৌপদী চৰিত্ৰৰ মাজেৰে যুধিষ্ঠিৰলৈ দ্ৰৌপদীয়ে প্ৰশ্ন কৰা দেখুওৱা হৈছে । যুধিষ্ঠিৰৰ প্ৰতি থকা ক্ষোভে দ্ৰৌপদীক অস্থিৰ কৰি তুলিছে ।
নিজৰ প্ৰতিবাদী মনোভাৱ আৰু প্ৰতিশোধ পৰায়ণ মনোবৃত্তিয়ে দ্ৰৌপদীক এগৰাকী সাধাৰণ নাৰীৰ পৰা অসাধাৰণ নাৰীলৈ উত্তৰণ ঘটাইছে । নিজক কৰা অপমানৰ প্ৰতিশোধ ল’বলৈ দ্ৰৌপদী ব্যগ্ৰ হৈ পৰা দেখা গৈছে। অৰ্জুনৰ প্ৰতিও দ্ৰৌপদীৰ মনত ক্ষোভৰ উদগীৰণ নঘটাকৈ থকা নাই । দ্ৰৌপদীৰ হৃদয়ত থকা অৰ্জুনৰ প্ৰতি যি প্ৰেম সেয়া এগৰাকী প্ৰেমিকাৰ প্ৰেমিকৰ প্ৰতি থকা অফুৰন্ত প্ৰেমৰ নিদৰ্শন হিচাপে চিত্ৰিত কৰিছে ঔপন্যাসিকে । যেতিয়া অৰ্জুনে পুনৰ বিবাহ কৰায় তেতিয়া দ্ৰৌপদী আশাহত হৈ পৰে । এইখিনিতে দ্ৰৌপদীৰ অসহায় অৱস্থাটোক সুন্দৰ ভাৱে উপস্থাপন কৰিছে ।
আনহাতে কুন্তী চৰিত্ৰটোৰ মাজেৰে ঔপন্যাসিকে চিৰন্তন মাতৃৰ ছবি এখন দাঙি ধৰিছে । দ্ৰৌপদী আৰু কুন্তীৰ মাজেৰে আদৰ্শ শাহু বোৱাৰীৰ চিত্ৰ চিত্ৰিত কৰিছে উপন্যাসখনত । বোৱাৰী হ’লেও কুন্তীয়ে দ্ৰৌপদীক মাতৃত্বৰ উমেৰে আবৰি ৰাখিছে । আনহাতে দ্ৰৌপদীয়েও কুন্তীৰ ওচৰত নিজৰ মাতৃক বিচাৰি পাইছে । পুত্ৰৰ নৈতিক স্খলনত এগৰাকী মাতৃয়ে ভোগা অন্তৰ্দন্দক কুন্তীৰ চৰিত্ৰটোৰ মাজেৰে ঔপন্যাসিক অলকা বুজৰ বৰুৱাই সুন্দৰ ভাৱে প্ৰতিফলিত কৰিছে ।
চাবলৈ গ’লে সকলো ফালৰ পৰাই “দ্ৰৌপদী” এখন সৰ্বাংগসুন্দৰ উপন্যাস। পৌৰাণিক নাৰী চৰিত্ৰ এটাক এগৰাকী সাধাৰণ নাৰী ৰূপে অংকণ কৰি ঔপন্যাসিকে নিজৰ দক্ষতাৰ পৰিচয় দাঙি ধৰিছে । উপন্যাসখনৰ বহু ঠাইত ঔপন্যাসিক নিজেই ধৰা দি “দ্ৰৌপদী ” চৰিত্ৰটোৰ মাজত একাত্ম হৈ পৰা দেখা যায় । একঘেয়ামী কথনশৈলী বিবৰ্জিত এই উপন্যাসখন । অতিৰঞ্জিত কাহিনী কথনে উপন্যাসখন ভাৰাক্ৰান্ত কৰা নাই । ভাষাৰ প্ৰয়োগত ঔপন্যাসিক সচেতন । উপন্যাসখনৰ ক’তো বাহুল্য বৰ্ণনা নাই । ঔপন্যাসিকে উপন্যাসখনৰ কলেবৰ বৃদ্ধিত গুৰুত্ব নিদি এখন মনোগ্ৰাহী উপন্যাস সৃষ্টিত সততে দৃষ্টি ৰাখি কাহিনী ভাগ আগবঢ়াই নিছে যাৰ বাবে উপন্যাসখন পঢ়ি পাঠকে বিৰক্তিবোধ কৰিব লগা নহয় । যিকোনো গ্ৰন্থ এখনৰ ভাষা শ্ৰুতিমধুৰ হোৱাটো বাঞ্ছনীয় । কাৰণ সাহিত্যত ভাষাৰ মৰ্যদা উল্লেখযোগ্য দিশ । “দ্ৰৌপদী ” উপন্যাসৰ ভাষা মাৰ্জিত আৰু ৰুচিপূৰ্ণ।
“দ্ৰৌপদী” উপন্যাসখন বাংলা ভাষালৈ অনুবাদ হোৱাটো ঔপন্যাসিকৰ বাবে এক ডাঙৰ কৃতিত্ব । ঔপন্যাসিকৰ ” দ্ৰৌপদী” প্ৰথম উপন্যাস । পৰবৰ্তীসময়ত তেওঁৰ পৰা এনেকুৱা শ্ৰুতিমধুৰ , উচ্চখাপৰ উপন্যাস পঢ়িব পাম বুলি আশা ৰাখিলো । শেষত এটা কথা ক’ব লাগিব যে ঔপন্যাসিক হিচাপে প্ৰথম খোজতেই অলকা বুজৰ বৰুৱাই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াতেই তেওঁৰ অধ্যয়নশীলতা আৰু কাহিনী বৰ্ণনাৰ কৌশল প্ৰশংসাৰ যোগ্য ।