নিজ ঘৰতে তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ প্ৰাক্তন ডিজিপিৰ মৃতদেহ 

নিজ ঘৰতে তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ প্ৰাক্তন ডিজিপিৰ মৃতদেহ 

ৰঙিলী বাৰ্ত্তাসেৱা- কৰ্ণাটকত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কৰ্ণাটকৰ প্ৰাক্তন আৰক্ষী সঞ্চালক (ডিজিপি) ওম প্ৰকাশক হত্যা । নিজ বাসগৃহত ছুৰীৰে আক্ৰমণ কৰি নিৰ্মমভাৱে হত্যা কৰা হয় প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকী।দেওবাৰে বেংগালুৰু চহৰৰ এইচ এছ আৰ লেআউটস্থিত তেওঁৰ বাসগৃহতে তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো । আৰক্ষীয়ে জনোৱা মতে, ওম প্ৰকাশক ছুৰীৰে আঘাত কৰি হত্যা কৰা হৈছে, কাৰণ তেওঁৰ দেহত বহুতো আঘাতৰ চিন পোৱা গৈছে । আৰক্ষীয়ে জনোৱা মতে, ওম প্ৰকাশৰ পত্নী পল্লৱীয়ে আৰক্ষীক এই ঘটনাৰ বিষয়ে জনাইছিল । খবৰ পোৱাৰ লগে লগে জ্যেষ্ঠ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় । তেওঁৰ তিনিমহলীয়া ঘৰটোৰ গ্ৰাউণ্ড ফ্লোৰত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হয় । আৰক্ষীৰ মতে, কোনো দুৰ্বৃত্তই নহয়, এই হত্যাকাণ্ড সংঘটিত কৰিছে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ পত্নীয়ে। ঘটনাৰ পাছতে আৰক্ষীয়ে মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। মূলতঃ বিহাৰৰ চম্পাৰণৰ আই পি এছ ওম প্ৰকাশে অৱসৰৰ পিছত পৰিয়ালৰ সৈতে বাংগালুৰুত বাস কৰি আছিল। ৬৮ বছৰীয়া ওম প্ৰকাশ ১৯৮১ বেটচৰ আইপিএছ বিষয়া আছিল । তেওঁ কৰ্ণাটক হোম গাৰ্ডছ আৰু ফায়াৰ ব্ৰিগেডৰ মহা-নিৰ্দেশক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ২০১৫ ৰ পৰা ২০১৭ লৈকে তেওঁ কৰ্ণাটকৰ আৰক্ষী মহা-নিৰ্দেশকৰূপে দায়িত্ব পালন কৰিছিল । প্ৰয়াত ওম প্ৰকাশে ভূ-বিদ্যাত এম.এছ.চি. ডিগ্ৰী লাভ কৰিছিল ।