৮ ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নতুন দিল্লীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। ৮ ছেপ্টেম্বৰত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি অসম ভ্রমণৰ বাবে আমন্ত্রণ জনায়। সক্ষাৎকালত প্রধানমন্ত্রী মোদীয়ে মুখ্যমন্ত্রী ড° শৰ্মাৰ আমন্ত্ৰণ ৰক্ষা কৰি সেইদিনা অসম ভ্ৰমণৰ প্ৰতিশ্রুতি প্ৰদান কৰে। লক্ষণীয়ভাৱে নতুন দিল্লীৰ ৭ জনকল্যাণ মাৰ্গস্থিত প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসভৱনত হোৱা প্ৰায় ২০ মিনিটৰ বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই লগতে প্রধানমন্ত্রী মোদীক আছাম বায়’-ইথানল প্রকল্প উদ্বোধন কৰিবলৈও অনুৰোধ জনায়। এই প্রকল্পটোত বার্ষিক ৪৯ কেটিপিএ ইথানল উৎপাদন হ’ব আৰু ইয়াৰ বাবে ৩০০ কেটিপিএ বাঁহ কেঁচামাল হিচাপে ব্যৱহাৰ হ’ব। আনহাতে মুখ্যমন্ত্রী ড° শর্মাই ৫,৭০০ কোটি টকা ব্যয়সাপেক্ষ গুৱাহাটী ৰিং ৰোড প্ৰকল্প আৰু দৰং চিকিৎসা মহবিদ্যালয় আৰু হাস্পতালৰ শিলান্যাস কৰিবলৈকো প্রধানমন্ত্রী মোদীক আমন্ত্রণ জনায়। পিছত নিজৰ সামাজিক মাধ্যমত এই বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৈতে আজি নতুন দিল্লীত এক সৌহাৰ্দ্যপূৰ্ণ সাক্ষাতত মিলিত হোৱাৰ সৌভাগ্য হয়। বৰেণ্য শিল্পী, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অসমবাসীৰ হৈ আমন্ত্ৰণ জনাবলৈ পাই সৌভাগ্য অনুভৱ কৰিছোঁ। এই সুযোগতেই ৪৯ কেটিপিএ উৎপাদন ক্ষমতা থকা, ৩০০ কেটিপিএ বাঁহ কেঁচামাল হিচাপে ব্যৱহাৰ হ’বলগীয়া আছাম বায়’-ইথানল প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ প্রধানমন্ত্রী মোদীক অনুৰোধ জনালোঁ। ইয়াৰ উপৰি, ৫,৭০০ কোটি টকা ব্যয়সাপেক্ষে গুৱাহাটী বিং ৰোড প্ৰকল্প আৰু দৰং মেডিকেল কলেজ আৰু হাস্পতালৰ শিলান্যাস কৰিবলৈ অনুৰোধ জনাওঁ আৰু আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ যে চলিত বৰ্ষৰ ৮ ছেপ্টেম্বৰত অনুষ্ঠিতব্য এই গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহত উপস্থিত থকাৰ ক্ষেত্ৰত মাননীয় মোদী ডাঙৰীয়াই সন্মতি জনাইছে।”