অসমীয়াৰ স্বভিমানৰ প্ৰতীক স্বৰূপ গামোচা খন
কবিতা শর্মা
নতুন দিল্লী
গামোচা অসমীয়া সংস্কৃতিৰ ধ্বজাহবাহক স্বৰূপ এখন বস্ত্র। গামোচাৰ অবিহনে আমি আমাৰ সংস্কৃতিৰ কথা কল্পনাই কৰিব নোৱাৰোঁ। পুৱাৰ পৰা নিশালৈকে ই আমাৰ জীৱনৰ এক এৰাব নোৱাৰা সংগী হৈ আহিছে। গামোচাৰ নাম আৰু উৎপত্তি সম্পর্কে কোনো ঐতিহাসিক সমল পোৱা নাযায়। গামোচাৰ অভিধানিক অর্থ গা মচিবলৈ ব্যৱহাৰ কৰা (গা+মচ্) এবিধ কাপোৰকে বুজাই-
গা ধুই পানী টোকা কাপোৰ এতেকে
তামোল বন্ধা, মূৰত মৰা সৰু কাপোৰ- হেম চন্দ্ৰ বৰুৱা
অসমৰ জনজীৱনত গামোচাৰ ব্যৱহাৰৰ পৰিসৰ অতি গভীৰ আৰু ব্যাপক। এক কথাত অসমীয়া সমাজ – সংস্কৃতি – আচাৰ- নীতি সকলো ক্ষেত্রতে গামোচাৰ ব্যৱহাৰ হোৱা দেখা যায়। ইতিহাসবিদ লীলা গগৈৰ মতে আহোমৰ ৰাজত্ব কালৰ পৰাই অসমত গামোচাৰ প্ৰচলন আছিল। মহাপুৰুষ শঙ্কৰদেৱৰ সময়তো গামোচাৰ প্ৰচলনৰ কথা জনা যায়। এডৱাৰ্ড গেইটৰ “ A history of Assam” নামৰ গ্ৰন্থত গামোচাৰ কথা উল্লেখ আছে। ওঠৰশ শতিকাত এখন গামোচাৰ দাম আছিল ৫ পইচা। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে অসমত গামোচাৰ ব্যৱহাৰ পুৰণি কালৰ পৰা চলি আহিছে। মুঠতে এই কথা নিশ্চিত যে ভাৰতৰ আন ঠাইৰ পৰা গামোচা অহা নাছিল বা ভাৰতৰ আন ঠাইত ইয়াৰ ব্যৱহাৰ হোৱাও দেখা নাযায়।
অসমীয়াৰ হিয়াৰ আমঠু ব’হাগ বিহুৰ লগত আমাৰ মৰমৰ গামোচা খনৰ সম্পর্ক অতি নিবিড়। বিহুক যিদৰে অসমীয়াৰ আয়ুস ৰেখা বুলি কোৱা হয়, ঠিক তেনেদৰেই অসমৰ গামোচা খনৰ অবিহনে বিহুৰ অস্তিত্ব তেনেই ক্ষীণ। বহাগ বিহুৰ প্ৰাকক্ষনতে অসমৰ জীয়ৰী বোৱাৰীহঁতে প্রিয়জনক দিবলৈ তাঁত শালত ৰঙা আঁচু সূতাৰে ভমকাফুলীয়া গামোচা যুতি লয়। ফুলৰ চানেকিৰে সপোনৰ ফুল বাচি জাত জাত বিহু নামৰ ছেৱে-ছেৱে শিপিনীসকল তাঁত শালত ব্যস্ত হৈ পৰে আৰু চ’তৰ কেইদিনমান থাকোতেই গামোচা বৈ কাটি উলিয়াই। তাঁত শালৰ খিটখিটনিৰ মন জুৰোৱা শব্দই মনত পেলাই দিয়ে যে বিহু আহি আমাৰ পদুলি মুখত। সকলোৰে মন হৈ উঠে থৌকি বাথৌ। আমাৰ সমাজত এক বিশ্বাস আছে যে গামোচা বিহু চেৰা কৰিব নাপায় । সেয়েহে শিপিনী সকলে চ’তৰ কেইদিনমান থাকোতেই তাঁতশালৰ গামোচা বৈ কাটি উলিয়াই। এই গামোচাত বছা সুন্দৰ ফুলবোৰে এহাতে যেনেকৈ অসমীয়া নাৰীৰ শিল্পী মনৰ পৰিচয় দিয়ে আনফালে এই ফুলবোৰ প্ৰেম ভালপোৱাৰ লগতে বসন্ত ঋতুৰো প্ৰতীক বুলি কব পাৰি। এইদৰে অসমীয়া গাভৰুহঁতে বিহুৰ বতৰত প্ৰেমিকক হেঁপাহৰ দীঘ আৰু চেনেহৰ বানীৰে বৈ উলিওৱা বিহুৱান যাচি প্রেম প্রকাশ কৰে বিহুগীতৰ মাজেৰে…
ৰাতি দুপৰলৈ কাটি সূতা লাহী
ধনলৈ বিহুৱান ব’লো
ৰঙাকৈ আঁচুৰে বাছি পানে বটা
টিপতে লুকুৱাই থলোঁ
প্রেমিকেও সেই বিহুৱান খন মূৰত মেৰিয়াই প্রেমিকালৈ সন্মান প্ৰদৰ্শন কৰে। কেৱল প্ৰেমিকৰ বাবেই যে বিহুৱান বোৱা হয় তেনে নহয়। বিহুত প্রিয় জনৰ পৰা জ্যেষ্ঠ জনলৈ সকলোকে উপহাৰ হিচাপে বিহুৱান দিয়া হয়। মুঠতে অসমীয়া সংস্কৃতিৰ অন্যতম গামোচা খন এৰি আমি এখোজো দিব নোৱাৰো। মঠ – মন্দিৰ, নামঘৰ, সকাম-নিকাম, বিয়া-সবাহ আদি সকলো ধর্মীয় অনুষ্ঠানত ভাগ লওতে পুৰুষ- মহিলা সকলোৱে গামোচাখন ডিঙিত মেৰিয়াই লোৱাতো এক সামাজিক পৰম্পৰা। বৰগীত-বনগীত, আইনাম -দিহানাম আদি ভক্তিমূলক গীত সমূহ পৰিৱেশন কৰোতে শিল্পী সকলে কান্ধত গামোচা লোৱাটোও এক পৰম্পৰা। নামঘৰত গুৰুৰ আসন বা সত্ৰৰ সিংহাসনত গামোচা শ্ৰদ্ধা ভক্তিৰ চিন স্বৰূপে প্ৰদান কৰা হয়। কৃষক সকলে মূৰত পাগুৰি মাৰি খেতি কৰা আৰু লখিমী আদৰা কাৰ্য্য কৰে কান্ধত গামোচা একোখন লৈ। ৰোৱনী -দাৱনীয়েও গামোচাৰে মুখ ঢাকি বোৱা, তোলা, দোৱা আদি কামবোৰ কৰে। গ্রামাঞ্চলৰ মানুহে কাম – কাজ কৰোতে গামোচা একোখন ককালত মেৰিয়াই লয়। বিহুৱা ডেকাসকলৰ মূৰত গামোচা খন থকাৰ উপৰিও কঁকালতো এখন গামোচাৰে টঙালি বান্ধি লয়। সভা-সমিতিত নিমন্ত্রিত বিশিষ্ট ব্যক্তি সকলক একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। ঘৰলৈ কোনো মান্য জন বা আলহী আহিলে তেওঁলোককো নতুন গামোচাৰে সন্মান জনোৱা হয়। কইনা চাবলৈ অহা দৰাঘৰৰ লোক সকলক ছোৱালীজনীয়ে গামোচাৰে মান ধৰে। বহাগ বিহুত হুচৰি জুৰি বিহুৱা দলে বিহুমৰাৰ শেষত গৃহস্থই কান্ধত গামোচাখন লৈ মাননী স্বৰূপে মূল্য সহিত তামোল-পানৰ শৰাই আগবঢ়াই সেৱা লবৰ সময়তো বিহুৱা-বিহুৱতী সকলে গামোচা বিচাৰি এই ফাঁকি নাম ধৰে-
অ’ ক’লা চিয়াঁহী
গামোচা দিলে দিয়াহি
যদি গামোচা নিদিয়া
আমাক বিদায় দিয়াহি
গৃহস্থই গামোচা দি বিহুৱা দলটোক সন্মান প্রদর্শন কৰে।
সকলো শুভ কাৰ্য্যত প্ৰয়োজন হোৱাৰ দৰে গামোচা খন মৃত কৰ্মতো ব্যৱহাৰ হয়। মুঠতে অসমীয়া সমাজত যিকোনো ক্ষেত্ৰতে গামোচাৰ ব্যৱহাৰ অপৰিহাৰ্য্য। যদিও অভিধানিক অর্থ মতে গামোচা, গা মচিবলৈ ব্যৱহাৰ হোৱা এবিধ কাপোৰ মাত্র, কিন্তু ই কেৱল এই সীমিত অর্থতেই সীমাবদ্ধ হৈ নাথাকিল। বিভিন্ন সময়ত, বিভিন্ন ৰূপে ই আমাৰ সমাজৰ এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি ললে। মাত্র বিভিন্ন ক্ষেত্ৰত খাপ খোৱাকৈ ব্যৱহাৰ কৰিবলৈ ইয়াৰ গুণগত মান, আয়তন আৰু ৰূপৰেখা সলনি কৰি ব্যৱহাৰ কৰা দেখা যায়। উদাহৰণ স্বৰূপে – সদায় সকলো সময়তে আৰু গা মচিবলৈ ব্যৱহাৰ কৰাখন তিয়নি, কঁকালত বন্ধাখন টঙালি, বিহু বা হুঁচৰিত ব্যৱহাৰ হোৱা খন বিহুৱান, তামোল বান্ধিবলৈ ব্যৱহাৰ হোৱাখন হাচতি ইত্যাদি। বিয়াত দৰা আৰু কইনাই ব্যৱহাৰ কৰাখন আনাকাটা গামোচা আৰু দৰা বৰণৰ গামোচা ইত্যাদি। অসমৰ ঐতিহ্যমণ্ডিত এই গামোচা খনৰ জনপ্রিয়তা ইমানেই বেছি যে এই গামোচা খনে অন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অসমৰ খ্যাতি কঢ়িয়াই নিছে। ই International Space Station ৰ লগত অসমৰ সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে। ২০০৪ চনত আমাৰ গামোচা খন অসমৰ জোঁৱাই বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাচা (NASA)ৰ মহাকাশচাৰী, বায়ুসেনাৰ কৰ্ণেল ৰেঙ্কৰ পৰা অৱসৰ প্ৰাপ্ত মাইকেল ফিঙ্কে (Michael Fincke) ISS লৈ লৈ গৈছিল। বর্তমান নাচা (NASA) ত কৰ্মৰত অসমৰ জীয়ৰী ৰেনিতা শইকীয়াৰ স্বামী মহাকাশচাৰী মাইকেল ফিঙ্কে গামোচা মূৰত মেৰিয়াই ISS ৰ ভিতৰত বিহু নাচি অসমলৈ গৌৰব কঢ়িয়াই আনিলে।
তাঁতশিল্প অসমৰ জাতীয় জীৱনৰ এক এৰাব নোৱাৰা দিশ। বোৱা কটাত অসমীয়া শিপিনীয়ে নিজস্ব প্রতিভা প্ৰদৰ্শন কৰি আহিছে। জাতি ধর্ম নির্বিশেষে প্রায় সকলো অসমীয়া মহিলাই বোৱা কটা জানে। বুৰঞ্জীত পোৱা যায় অসমীয়া শিপিনীয়ে ছাতে শুকুৱা মুঠিতে লুকুৱা কাপোৰ বব জানিছিল। অসমলৈ আহি অসমীয়া শিপিনীৰ পাৰদৰ্শিতাত মুগ্ধ হৈ মহাত্মা গান্ধীয়েও কৈ গৈছিল- অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচনা কৰিব পাৰে। অতীতত অসমীয়া নাৰীয়ে ৰাতিটোৰ ভিতৰতে কপাহ নেওঠি, পাজি বাটি, সূতা কাটি কৱচ ৰূপে কাপোৰ বৈ স্বামীক যুদ্ধলৈ পঠিয়াইছিল। অসমীয়া শিপিনীৰ পাৰদৰ্শিতাৰ উমান বিহুগীততো শুনিবলৈ পোৱা যায়-
গাত লৈ ফুৰালে বতাহ ফালিব
মুঠিত লৈ ফুৰাহে ভাল
এআগে বাছিলোঁ সেউতী মালতী
এআগে বাছিলোঁ ফুল
এআগে বাছিলোঁ বাঘে ভালুকে
বাটে মানুহ ধৰি খায়
এআগে বাছিলোঁ চৰাই হালধীয়া
উৰি শদিয়ালৈ যায়
কিন্তু বর্তমান উপযুক্ত কৰ্মৰ পাৰিশ্ৰমিক নোপোৱাৰ বাবে তাঁত শালত অসমীয়া শিপিনীৰ সেই আগৰ উদ্যম নাই। আজিলৈকে অসমত গামোচাৰ এখন সুস্থ বজাৰ নহ’ল। যাৰ ফলত থলুৱা শিপিনী সকল আজি বঞ্চিত। যোৱা কেইবা বছৰো ধৰি ৰাজ্যৰ বজাৰ বাহিঃৰাজ্যৰ আমদানীকৃত মেচিন নির্মিত গামোচাৰে ভৰি পৰিছে। হাতেৰে বোৱা গামোচাতকৈ এই গামোচাৰ গুণগত মান আৰু দাম কম। সেয়েহে বৰ্তমান বজাৰত ইয়াৰ চাহিদা আমাৰ থলুৱা গামোচাতকৈ বেছি। দুটা টকা বেছিকৈ দিয়াতকৈ নিম্ন মানৰ এই ঠেক গামোচা বোৰকে, অসমীয়াই ৮০/৯০ টকাত কিনিছে। অসমীয়াৰ দুখ যদি অসমীয়াই নুবুজে তেতিয়াহ’লে বুজিব কোনে? তাৰোপৰি এলাহ আৰু সোৰোপা স্বভাবো অসমীয়াৰ অৰ্থনীতি দুৰ্বল কৰাৰ আন এটি কাৰণ । সেই কোন কেতিয়াই ড° ভূপেন হাজৰিকাই গীতৰ মাজেৰেই অসমীয়াক সকীয়াই দিছিল –
মূৰৰ ফুলাম গামোচা খনি
ক’ৰবাৰ শেনে আহি নিলেহি টানি
গ’ল গ’ল,
গ’ল গ’ল বুলি মাথোঁ চিঞৰিলে
তাকে দেখি শেনহঁতে ৰগৰ কৰিলে
অসীয়াই এইবোৰ ভাবি চাবৰ
ব’হাগেই বতৰ কিজানি
অসম বুলিলে বিভিন্ন জাতি – জনগোষ্ঠীয় দেশক সূচায়। গামোচা খনৰ ক্ষেত্ৰতো এই প্রসঙ্গ খাটে। বড়ো সমাজত আৰনাই, কোচ – ৰাজবংশী সকলৰ আওচাই, মিচিং সকলৰ দুমৌৰ, তিৱা সমাজত ফালি, ডিমাচা সকলৰ ৰিচাহ, টাই ভাষাত ফা-চীত ইত্যাদি। কেৱল অসমীয়া গামোচা খনৰেই যে মান আছে, বাকী জনগোষ্ঠীয় লোকসকলৰ গামোচাৰ যে মান নাই বা ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় স্তৰত স্বীকৃতি পোৱাৰ যোগ্যতা নাই, তেনে নহয়। প্রকৃততে সংস্কৃতি হ’ল সুন্দৰৰ মন্ত্ৰ। সংস্কৃতিয়ে আমাক শিকাই সুন্দৰৰ সন্ধান কৰিবলৈ। সাত ভনীৰ বৰভনী অসমৰ মানুহৰ মাজত প্রবাহিত এই চেতনাই জাতিটোৰ মাজত ঐক্যৰ এনাজৰী অধিক নিকপকপীয়া কৰিব পাৰে । সেয়েহে হয়তো অসমৰ কলা-কৃষ্টিৰ মহানায়ক ড° ভূপেন হাজৰিকাই বিহুৰ মাজেৰে এই চেতনাক এইদৰে প্ৰকাশ কৰিছে –
বিহুটি বছৰি আহিবা
অসমী আইক জগাবা
মৰমৰ দীঘ দি
হেঁপাহৰ আঁচুৰে
একতাৰ গামোচা বোৱাবা
অসমীয়াৰ পৰিচয় তথা গৌৰব গামোচা খনৰ বিষয়ে বহলাই কোৱা প্ৰয়োজন নাই। স্বয়ংসম্পূর্ণ মৰ্যাদাৰ গৰিমাৰে এই বস্ত্ৰখনে জাতীয় জীৱনক সদায় সমৃদ্ধ কৰি আহিছে। ১৩ডিচেম্বৰ ২০২২ ইং তাৰিখে আমাৰ গামোচাই ভৌগোলিক সূচক (জি.আই.টেগ) লাভ কৰিছে। ভৌগোলিক সূচকে সামগ্ৰীৰ আইনী সুৰক্ষা দিয়ে আৰু অকতৃত্বাধীন ব্যৱহাৰ ৰোধ কৰে। গ্ৰাহকক আকাংক্ষিত বৈশিষ্ট্যৰ মান সম্পন্ন সামগ্রী লাভ কৰাত সহায় কৰে আৰু উৎপাদক সকলৰ চাহিদা বৃদ্ধি কৰি অৰ্থনৈতিক সমৃদ্ধিৰ প্ৰসাৰ ঘটায়।
কিন্তু সকলো ক্ষেত্রতে যেন বিতর্ক নোহোৱাকৈ নাথাকে। বিভিন্ন সময়ত গামোচাৰ অবিবেচক ব্যৱহাৰক লৈ বিভিন্ন বিতৰ্কৰ সৃষ্টি হোৱা আমি দেখি আহিছোঁ। কেতিয়াবা যদি কোনো বলিউদ অভিনেত্ৰীৰ ছবি অংকন কৰা হৈছে, কেতিয়াবা আকৌ গামোচা পাৰি তাত যোগাভ্যাস কৰা দেখা গৈছে -কোনোবাই গামোচা খনকে শোৱাপাটি যদি কৰিছে, কাৰোবাৰ বাবে গামোচাখন হৈ পৰিছে তেনেই সাধাৰণ আহিলা স্বৰূপ। অত্যাধুনিকতাত পৰি আকৌ কিছুমানে গামোচা খনৰ অপব্যৱহাৰ কৰিছে। গামোচা কাটি ব্লাউজ বা চোলা চিলাইছে । এই কথাটো অতি অশোভনীয় আৰু অমার্জিত কথা যেন ভাব হয়। বর্তমান গামোচা সমন্বয়ৰ প্রতীক হিচাপে ব্যৱহাৰ কৰাও দেখা যায়। ২০২৩ চনত বাংলা সাহিত্যসভা, অসম, অধিবশনৰ এক অনুষ্ঠানত অতিথি সকলক সন্মান জনাবলৈ অসমীয়া আৰু বাংলা গামোচা আধা কাটি চিলাই একপ্ৰকাৰ হাইব্রিদ গামোচা প্ৰস্তুত কৰা হৈছিল। সেই সময়ত সম্ভৱত অসমত সৰ্বাতোকৈ অধিক বিতর্কিত হোৱা বিষয় সেইটোৱেই আছিল। এতিয়া কথা হ’ল হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ জাতীয় ঐতিহ্য স্বৰূপ গামোচাখন কোনোবাই কটাচিঙা কৰাটো সমর্থন যোগ্য হব পাৰে নে ? সমন্বয় শব্দটোৱে জাতি গঠনৰ বেলিকা সংশ্লেষণ বুজাব পাৰে, কিন্তু ই সংমিশ্রণ নুবুজায়। সমন্বয় কোনোবাই জোৰজৱৰদস্তি কৰা কাম নহয়। জাতিগঠনৰ ক্ষেত্ৰত ই পাৰস্পৰিক বুজা পৰা, আদান প্ৰদানৰ স্বতঃস্ফূর্ততাৰে সংঘটিত এক দীর্ঘম্যাদী প্রক্রিয়া।
এই কথা আমি সকলোৱে জানো যে অসমীয়া সকল অতি আৱেগিক জাতি। অসমীয়াৰ গামোচা কেন্দ্রিক আৱেগো অতি প্ৰখৰ। বহিঃ ৰাজ্যত বিদেশী মানুহে ডিঙিত গামোচাখন লোৱা দেখিলে অসমীয়াৰ জাতীয় সত্বাৰ গৌৰৱ উৎফুল্লিত হৈ উঠে। তেনেকৈয়ে জাতীয় সত্বাৰ ওপৰত কাৰোবাৰ অনর্থক আক্রমণ বা অসন্মানে অসমীয়াৰ তেজ দুগুণে উত্তেজিত কৰি তোলে। কিন্তু এই কথা আমি বুজি পাবই লাগিব যে কোনো চৰকাৰৰ নেতাৰ ডিঙিত গামোচা দেখি আবেগ বিহ্বল হৈ নপৰি থলুৱা সামগ্ৰীবোৰ জীয়াই ৰাখিবলৈ আমি দাবী কৰা উচিত। আমাৰ শিপিনী সকলক বা গামোচা প্ৰস্তুত কৰা গোট সমূহক যদি ৰেহাই মূল্যত উন্নত মানৰ কাপোৰ বোৱা যন্ত্ৰৰ যোগান ধৰে, তেতিয়া আমাৰ গামোচাবোৰো বজাৰত কমমূল্যত পোৱা যাব। অসমীয়া সকলো গামোচা কিনাৰ ক্ষেত্ৰত কিন্তু কিছু সচেতন হোৱা উচিত। আমাৰ নিজৰ এখন সুন্দৰ বস্ত্ৰ থাকোতে আনৰ বস্ত্ৰ ব্যৱহাৰ কৰা কথাটো আনৰ পিঠাৰে বিহু পতাৰ লেখিয়া কথা। আমি গামোচাৰ ব্যৱহাৰত গুৰুত্ব দিয়া উচিত। গামোচাৰ অপব্যৱহাৰে আমাৰ সমাজলৈ ভাবুকি কঢ়িয়াই আনিব আৰু আমাৰ সাংস্কৃতিক পৰিবেশ বিনষ্ট কৰিব। এই বস্ত্ৰশিল্প জীয়াই ৰাখিবলৈ হ’লে চৰকাৰ, জনগন সকলোৰে সহযোগিতাৰ প্ৰয়োজন, নহলে আমাৰ এই সাতামপুৰুষীয়া সম্পদ বিলুপ্ত হবলৈ আৰু বেছি দিন নালাগিব।