মুম্বাই আক্ৰমণৰ মূল ষড়যন্ত্রকাৰী তাহাউৰ ৰানাক অনা হ’ল ভাৰতলৈ

মুম্বাই আক্ৰমণৰ মূল ষড়যন্ত্রকাৰী তাহাউৰ ৰানাক অনা হ’ল ভাৰতলৈ

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত ২৬/১১ কাণ্ডৰ মূল ষড়যন্ত্রকাৰী তাহাউৰ ৰাণাক আমেৰিকাৰ পৰা সফলভাৱে প্ৰত্যাৰ্পণ কৰা হৈছে । শিহৰণকাৰী ২৬/১১ৰ মুম্বাই আক্ৰমণৰ মূল ষড়যন্ত্রকাৰী পাকিস্তানীমূলৰ কানাডাৰ নাগৰিক তাহাউৰ ৰানাক বিশেষ বিমানেৰে আমেৰিকাৰ পৰা দিল্লীলৈ অনা হৈছে। ৰানাক লৈ অহা বিমান দিল্লীত অৱতৰণ কৰাৰ পূৰ্বে ৰাজধানী মহানগৰখনত নিশ্ছিদ্ৰ নিৰাপত্তা বেহু গঢ়ি তোলা হয়। লক্ষণীয়ভাৱে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (নিয়া)ৰ বিষয়াৰ দলে বিশেষ বিমানেৰে ৰানাক আমেৰিকাৰ পৰা দিল্লীলৈ লৈ আহিছে। মার্কিন শীর্ষ আদালতত ৰানাৰ দ্বিতীয়খন আবেদন অগ্রাহ্য হোৱাৰ পিছত তাৎক্ষণিকভাৱে ভাৰতলৈ প্রত্যর্পণ কৰা হয় কুখ্যাত সন্ত্রাসবাদী মাষ্টাৰমাইণ্ডক। ইফালে সন্ধিয়া ৬.৩০ বজাত দিল্লীত উপস্থিত হোৱাৰ পিছতে ৰানা সন্দৰ্ভত এক বিবৃতি প্রকাশ কৰে ‘নিয়া’ই। এই বিবৃতিত উল্লেখ কৰা হয় যে ২০০৮ চনৰ মুম্বাইৰ কুটাঘাতী কাণ্ডৰ মূল ষড়যন্ত্রকাৰী আছিল ৰানা। ২০০৮ চনৰ সেই শিহৰণকাৰী আক্ৰমণৰ ঘটনাৰ মূল ষড়যন্ত্ৰকাৰীক বিচাৰৰ আওতালৈ অনাৰ বাবে কেইবাবছৰ ধৰি চেষ্টা চলোৱা হৈছিল বুলি ‘নিয়া’ৰ তৰফৰ পৰা বিবৃতিটোত উল্লেখ কৰা হয়। দিল্লীৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে ‘নিয়া’ৰ বিষয়ববীয়াই গ্ৰেপ্তাৰ কৰে তাহাউৰ ৰানাক। তাৰ পিছতে ৰাণাক দিল্লীৰ পাটিয়ালা হাউচ আদালতত হাজিৰ কৰোৱা হয় । ৰাণাক আদালতে ১৮ দিনৰ এনআইএৰ জিম্মালৈ প্ৰেৰণ কৰে । ইয়াৰ পিছতে ‘নিয়া’ৰ মুখ্য কার্যালয়লৈ নিয়া হয় ৰানাক। এক সূত্রই সদৰী কৰা অনুসৰি তিহাৰ কাৰাগাৰলৈ লৈ যোৱা হ’ব পাৰে ২৬/১১ৰ আক্ৰমণৰ মূল ষড়যন্ত্ৰকাৰীক। ৰানাৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰ, ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা, হত্যা, জালিয়াতি আৰু অবৈধ গতিবিধি প্রতিৰোধ আইন বা ইউএপিএৰ আওতাত অভিযোগ আছে। ইফালে ৰানাক দিল্লীলৈ অনাৰ পূৰ্বে ‘নিয়া’ৰ মুখ্য কার্যালয় আৰু পাটিয়ালা হাউছ আদালতৰ চৌপাশে নিৰাপত্তা বেহু গঢ়ি তোলা হৈছে। লক্ষণীয়ভাৱে কুখ্যাত ষড়যন্ত্রকাৰী তাহাউৰ ৰানাক আমেৰিকাৰ পৰা ভাৰতলৈ প্রত্যর্পণৰ বিষয়টোক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বৃহৎ কূটনৈতিক সফলতা বুলি অভিহিত কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে। প্রধানমন্ত্রী মোদীৰ কূটনৈতিক দক্ষতাৰ বাবে দীর্ঘসময়ৰ পিছত ৰানাক ভাৰতলৈ অনাটো সম্ভৱ হৈছে বুলি উল্লেখ কৰে মন্ত্ৰী শ্বাহে। স্মর্তব্য যে কুখ্যাত এই সন্ত্রাসবাদী তাহাউৰ ৰানাৰ গোচৰৰ তদন্ত চলাব ‘নিয়া’ৰ সঞ্চালক প্রধান সদানন্দ দাতেৰ নেতৃত্বাধীন উচ্চ পৰ্যায়ৰ এক বিষয়াৰ দলে। ২৬/১১ৰ আক্রমণত কুখ্যাত সন্ত্রাসবাদী আজমল কাছভৰ গ্রেনেড আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিছিল সদানন্দ দাতে।