ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল
ৰঙিলী বাৰ্ত্তাসেৱা- জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত ঘোষণা হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল। পুৱা ১০:৩০ বজাৰ লগে-লগে প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল। ১৪টা ৱেবছাইটত উপলব্ধ হ’ল মেট্ৰিক পৰীক্ষাৰ ফলাফল।এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা মুখ্য শিক্ষাৰ্থীৰ সংখ্যা ২,৭০,৪৭২ গৰাকী। ইয়াৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৮৯,০৪১ গৰাকী, দ্বিতীয় বিভাগত ১,৩৫,৫৬৮ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৪৫,৮৬২ গৰাকী। শিক্ষা বোৰ্ডে জাৰি কৰা তথ্য অনুসৰি এইবাৰ উত্তীৰ্ণৰ হাৰ ৬৩.৯৮ শতাংশ। ছাত্ৰ উত্তীৰ্ণৰ হাৰ ৬৭.৫৯ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬১.০৯ শতাংশ। এইবাৰ ডিষ্টিংশ্যন মাৰ্ক লাভ কৰিছে ৫,৩৩৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে, ষ্টাৰ মাৰ্ক লাভ কৰিছে ১৬,৫১৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আৰু লেটাৰ মাৰ্ক লাভ কৰিছে ১,৬৮,৩১২ গৰাকীয়ে। জিলাৰ ফালৰ পৰা ৮৫.৫৫ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত আছে শিৱসাগৰ জিলা, ৮১.১০ শতাংশৰ সৈতে দ্বিতীয় স্থানত আছে ডিব্ৰুগড় জিলা আৰু ৮০.৬৪ শতাংশৰে তৃতীয় স্থানত আছে ধেমাজি জিলা। ইয়াৰোপৰি জিলাৰ ফালৰ পৰা উত্তীৰ্ণৰ ক্ষেত্ৰত নিম্ন স্থানত আছে শ্ৰীভূমি জিলা। জিলাখনত উত্তীৰ্ণৰ হাৰ ৪৭.৯৬ শতাংশ। ইপিনে, ৰাজ্যৰ ভিতৰত তিনিটা শীৰ্ষ স্থানত প্ৰথম স্থান লাভ কৰিছে যোৰহাটৰ প্ৰাজ্ঞ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰী আমিশি শইকীয়াই। তেওঁ মুঠ নম্বৰ লাভ কৰিছে ৫৯১ (৯৮.৫০ শতাংশ)। দ্বিতীয় স্থান লাভ কৰিছে নুনমাটি অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ সপ্তৰ্ষ বৰদলৈয়ে। তেওঁ মুঠ নম্বৰ লাভ কৰিছে ৫৯০ (৯৮.৩৩ শতাংশ)। তৃতীয় স্থান লাভ কৰিছে যোৰহাটৰ প্ৰাজ্ঞ একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ অনিৰ্বান বৰগোহাঁইয়ে। তেওঁ মুঠ নম্বৰ লাভ কৰিছে ৫৮৯ (৯৮.১৭ শতাংশ)।উল্লেখ্য যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৯৪৪টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা।