বন্ধুত্বৰ সংজ্ঞা – অংকিতা বৰুৱা

বন্ধুত্বৰ সংজ্ঞা

অংকিতা বৰুৱা
দশম শ্ৰেণী
বৰপথাৰ, গোলাঘাট

আচল বন্ধু তাকেই কয়
যি বিপদৰ সময়ত থাকে ৰৈ।
বিপদত যদি যায় এৰি
তাতেই যায় ধৰা পৰি।
সহায় কৰে যদি টানত
নেৰিবা তেওঁক কোনো দামত।
সহজ সৰল আৰু সৎ
বন্ধু আজিকালি পাই ক’ত?
স্বাৰ্থৰ বাবে বন্ধুত্ব ৰাখি
নেৰে জানো স্বাৰ্থ পূৰণ কৰি।
সেইবাবেই চাগৈ এই কথাষাৰি কয়
“বিপদৰ বন্ধুহে আচল বন্ধু হয়।”