আইনত পৰিণত হ’ল ৱাকফ সংশোধনী বিধেয়ক
ৰঙিলী বাৰ্ত্তাসেৱা- আইনত পৰিণত হ’ল ৱাকফ (সংশোধনী) বিধেয়ক । সংসদত গৃহীত হোৱা ৱাকফ (সংশোধনী) বিধেয়ক-২০২৫ত শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সন্মতি প্ৰদান কৰে। ৰাষ্ট্ৰপতিৰ অনুমোদনৰ লগে লগে এতিয়া আইনত পৰিণত হৈছে ৱাকফ বিধেয়ক। মুছলিম ৱাকফ বিধেয়ক-২০২৫ৰ ওপৰতো সন্মতি প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।শনিবাৰে জাৰি কৰা আইন মন্ত্ৰালয়ৰ অধিসূচনাত উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰপতিয়ে দুয়োখন বিধেয়কত সন্মতি দিছে । ইতিমধ্যে সংসদৰ দুয়োখন সদনত গৃহীত হৈছে বিধেয়ক দুখন ।১৩ ঘণ্টীয়া আলোচনাৰ অন্তত ৩ এপ্ৰিলৰ ৰাতি ২ বজাত লোকসভাত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হয়। এই বিধেয়কখন সপক্ষে ২৮৮ টা আৰু বিপক্ষে ২৩২টা ভোট লাভ কৰি গৃহীত হয়। পিছদিনা ৰাজ্যসভাত উত্থাপন কৰা হয় বিধেয়কখন। ৪ এপ্ৰিলৰ মাজনিশা ৰাজ্যসভাতো ৱাকফ বিধেয়কখন ১২৮ ভোটৰ বিপৰীতে ৯৫ ভোটত গৃহীত হয়। তাৰ পিছত বিধেয়কখন আইনলৈ ৰূপান্তৰিত কৰিবলৈ মাত্ৰ ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ প্ৰয়োজন আছিল।শনিবাৰে নিশা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৱাকফ সংশোধনী বিধেয়কত স্বাক্ষৰ কৰে।