স্বমত মায়া – জ্যোতি খাটনিয়াৰ

স্বমত

মায়া

জ্যোতি খাটনিয়াৰ

সত্যৰ পৰা মানুহক আঁতৰ কৰি ৰখা শক্তিয়েই হ’ল মায়া। মহান সন্ত ভক্ত কবীৰে মায়াক মহা ঠগিনী বুলি অভিহিত কৰিছে। মায়াই সকলোৰে মনত ভ্রমৰ সৃষ্টি কৰে। এই ভ্ৰমৰ কবলত পৰি মানুহ নানা বিধ কৰ্ম আৰু অপকৰ্মত লিপ্ত হয়। বিখ্যাত ফৰাচী বিদ্বান মিৰ্চা এলিয়াডে ( ‘ন হন্যতে’ৰ প্ৰণেতা মৈত্ৰেয়ী দেৱীৰ প্ৰাক্তন প্ৰেমাস্পদ) ভাৰতীয় আধ্যাত্মিকতাৰ মাজলৈ যিকোনো ব্যক্তিক লৈ যোৱাৰ বাবে চাৰিটা ধাৰণা সক্ষম বুলি অভিহিত কৰিছে। এই ধাৰণা কেইটা হ’ল: কৰ্ম, মায়া, নিৰ্বাণ আৰু যোগ। এই ধাৰণা কেইটাক তেওঁ গতিশীল ধাৰণা ( kinetic ideas) বুলি কৈছে। তেওঁৰ মতে ইয়াৰ যিকোনো এটা ধাৰণাৰ আলোচনাই বাকী কেইটা ধাৰণাৰ নিজে নিজে সৃষ্টি কৰে। শংকৰাচাৰ্যৰ চিন্তা অনুসৰি ব্ৰহ্মই একমাত্ৰ সত্য। জীৱাত্মা, অৰ্থাৎ আমি-তুমি, তেওঁ -তাই, এইবোৰ ব্ৰহ্মৰ পৰা পৃথক নহয়। অজ্ঞানতাৰ বাবেহে আমি অনেক বা বহু দেখা পাও। প্ৰশ্ন হয়, এনে হোৱাৰ কাৰণ কি? জৈন চিন্তাত এই প্ৰশ্নটো পোনপটীয়াকৈ সোধা হয় : ” জীৱৰ বন্দিত্বৰ কাৰণ কি?” জৈন চিন্তাৰ মতে আমি বিভিন্ন বিষয়ত আসক্ত হৈ থাকো কাৰণেই আমি বন্দিত্বৰ কবলত পৰো। আমাক অহৰহ নানা বস্তু লাগে। ভাল কাপোৰ – কানি লাগে। দামী ৰেষ্টোৰেন্তত খাবলৈ লাগে। সুউচ্চ অট্টালিকা লাগে। মুঠতে লাগে আৰু লাগে। অজ্ঞানতাৰ পৰাই বিষয়ৰ প্ৰতি আসক্তি জন্মে। অজ্ঞানতাৰ বাবেই আমি অনেক জীৱ – জন্তু, বিষয় – বৈভৱেৰে ভৰা এখন জগতৰ সন্মুখীন হও। নাইবা এই জগতৰ ভিতৰত থাকো। এইবিলাকৰ আৰম্ভণি আৰু শেষ আছে। কাৰণ এইবিলাক অস্থায়ী। কিন্তু এই জগতৰ আঁৰত এক সত্য আছে। এই সত্য কাল আৰু দিশৰ উৰ্দ্ধত। সেয়ে, এয়া সনাতন। সকলো অস্থায়ী আৰু সীমিত পদাৰ্থৰ মূল কাৰণ হৈও ব্ৰহ্ম এইবিলাকৰ কবলত নপৰে। ব্ৰহ্ম সনাতন। ব্ৰহ্ম অনাদি। ব্ৰহ্ম অনন্ত। আমি কোনো বস্তু বা গুণাগুণ বুজাবলৈ যিবোৰ শব্দ ব্যৱহাৰ কৰো, সেইবোৰ অতি সীমিত শক্তিৰ শব্দ। ব্ৰহ্ম বুজাবলৈ আমাৰ হাতত পৰ্যাপ্ত শব্দ বা ভাষা নাই। আপুনি মই জনা বা বুলি পোৱা কথাৰে আমি জগতৰ সীমিত ৰূপটোৰ কথাহে ক’ব পাৰো। ব্ৰহ্মক বৰ্ণনা কৰিবলৈ আমাৰ ক্ষমতা নাই। ব্ৰহ্মক সেইবাবে সকলো গুণৰ উৰ্দ্ধৰ বা আঁতৰৰ শক্তি বুলি ভবা হৈছে। শংকৰাচাৰ্যই ব্ৰহ্মক নিৰ্গুণ বুলি কৈছে। কিন্তু নিৰ্গুণ ব্ৰহ্মক জনা সহজ নহয়। আমাৰ মনটোৱে ব্ৰহ্মক চুই চাব পৰা বা দেখিব পৰা বস্তু বুলি ভাবিব খোজে। নিৰ্গুণ ব্ৰহ্মক আমি যেন সজাই পৰাই লব খোজো। এই সজাই পৰাই লোৱা কাৰবাৰটোৰ ফলত নিৰ্গুণ ব্ৰহ্ম সগুণ ৰূপত আমাৰ আগত দেখা দিয়ে। মায়াৰ বাবেই আমি নিৰ্গুণ ব্ৰহ্মক সগুণ ৰূপত দেখা পাও। এই মায়াই সৃষ্টি কৰা জগত মিথ্যা। অৰ্থাৎ জোন, বেলি , তৰা, আকাশ, বতাহ, গছ- গছনি , আপুনি, মই সঁচা নহয়। নাগাৰ্জুনে আনকি স্বয়ং আমাৰ আত্মাক মায়াৰ কবলত থকা বুলি কব খোজে। নাগাৰ্জুনৰ মতে অভিজ্ঞতাক সজাই পৰাই লোৱা কেন্দ্ৰ হিচাপে আমি আত্মাক ভবা কথাটো সঁচা নহয়। এই সকলোবোৰৰ আঁৰত ক্ৰিয়াশীল হৈ থকা সগুণ ব্ৰহ্ম হে সঁচা। শংকৰাচাৰ্যৰ মতে আত্মাৰ প্ৰকৃত ৰূপটো মায়াৰ দ্বাৰা আবৃত হৈ থাকে। এই ৰূপৰ বিষয়ে জানিবলৈ হলে ধ্যান, গভীৰ মনোসংযোগ বা অন্যান্য আধ্যাত্মিক শৃংখলাৰ প্ৰয়োজন আছে। ব্ৰহ্মৰ কাষ চাপিবলৈ সূক্ষ্ম যুক্তিয়ে বা বাদানুবাদে বিশেষ সহায় নকৰে। শংকৰাচাৰ্যৰ মতটোক দক্ষিণ ভাৰতৰ আন এগৰাকী প্ৰসিদ্ধ দাৰ্শনিক ৰামানুজে প্ৰত্যক্ষ ভাৱে বিৰোধিতা কৰিছে। তেওঁৰ মতে নিৰ্গুণ ব্ৰহ্ম বুলি একো নাই। সগুণ ব্ৰহ্মহে সত্য । জীৱৰ সুকীয়া অস্তিত্ব নাই। অৱশ্যে জীৱ আৰু ব্ৰহ্মৰ ভিতৰত ভেদ আছে। ৰামানুজে তিনিটা ভেদৰ কথা কৈছে। এটা হৰিণ আৰু এটা ঘোঁৰাৰ মাজত যি পাৰ্থক্য আছে, সেয়া বিজাতীয় ভেদ। এটা হৰিণ আৰু আনটো হৰিণৰ মাজত যি ভেদ আছে সি স্বজাতীয় ভেদ। এটা প্ৰাণীৰ অংগ প্ৰত্যংগৰ মাজত যি ভেদ আছে, সেয়া স্বগত ভেদ। ব্ৰহ্ম আৰু জীৱৰ মাজত, অৰ্থাৎ ব্ৰহ্ম আৰু আপোনাৰ – মোৰ মাজত যি পাৰ্থক্য , সেয়া শেষৰ বিধৰ পাৰ্থক্য। ব্ৰহ্মৰ স্বগত ভেদ আছে। ৰামানুজৰ মতে ব্ৰহ্ম অংশ বিশিষ্ট। তেৰ শতিকাৰ ভাৰতীয় চিন্তাবিদ মধৱাচাৰ্যৰ মতে ব্ৰহ্ম আৰু জীৱ জগতৰ পাৰ্থক্যটো চিৰন্তন সত্য। তেওঁ ৰামানুজৰ মত অস্বীকাৰ কৰিছে। তেওঁ জীৱৰ সৈতে ব্ৰহ্মৰ সামান্য সম্পৰ্কও স্বীকাৰ কৰা নাই। তেওঁ আনকি আৰু এখোপ আগুৱাই গৈ মুক্তি লাভৰ পাছতো জীৱ আৰু ব্ৰহ্ম পৃথকভাৱে থাকে বুলি কৈছে( মনত পৰে মহাপুৰুষ মাধৱদেৱৰ ” মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো”লৈ) । মধৱাচাৰ্যই পাঁচবিধ ভেদ কথা কৈছে। প্ৰথমবিধ হ’ল ঈশ্বৰ আৰু জীৱাত্মাৰ ভেদ। দ্বিতীয়বিধ হ’ল ঈশ্বৰ আৰু জগতৰ ভেদ। তৃতীয়বিধ হ’ল জীৱাত্মা আৰু পদাৰ্থৰ ভেদ। চতুৰ্থবিধ হল জীৱাত্মা আৰু জীৱাত্মাৰ ভেদ। পঞ্চমবিধ হ’ল এক পদাৰ্থৰ লগত অন্য এক পদাৰ্থৰ ভেদ।

শংকৰাচাৰ্যৰ মতে মায়া ব্ৰহ্মৰেই শক্তি। জুই আৰু জুইৰ দাহিকা শক্তিৰ মাজত যেনেকৈ পাৰ্থক্য নাই, সেইদৰে ব্ৰহ্ম আৰু মায়াৰ ভিতৰতো কোনো পাৰ্থক্য। শংকৰাচাৰ্যই মায়াৰ দুটা শক্তিক চিহ্নিত কৰিছে। ইয়াৰ এটা হল আৱৰণ। দ্বিতীয়টো বিক্ষেপ। আৱৰণে ব্ৰহ্মক ঢাকি ধৰে। অৰ্থাৎ আমাৰ পৰা ব্ৰহ্মক লুকুৱাই ৰাখে। বিক্ষেপ শক্তিয়ে মায়া জগতখনকে সত্য বুলি কয়। শংকৰাচাৰ্যৰ মতে মায়াৰ বিষয়ে ইয়াতকৈ অধিক ক’ব নোৱাৰি। মায়াৰ বাবেই আমি এই জগতখনক ঈশ্বৰৰ লীলা বুলি ক’বলগীয়াত পৰো। শংকৰাচাৰ্যৰ মতে মায়াই মিথ্যাজগত সৃষ্টি কৰে। ৰামানুজে শংকৰাচাৰ্যৰ এই মন্তব্যত ঘোৰ আপত্তি কৰিছে। তেওঁৰ মতে ঈশ্বৰ জীৱ আৰু জগত – এই তিনিওটা একেটা ব্ৰহ্মৰে ৰূপ। ৰামানুজৰ মতে মায়া ঈশ্বৰৰ সৃজনী শক্তি। মায়াই সৃষ্টি কৰা জগত বাস্তৱ জগত। ৰামানুজনৰ মতে এই জগত ব্ৰহ্মৰে অংশ।

শংকৰাচাৰ্যই জীৱন আৰু জগতৰ তাৎপৰ্যক উপলব্ধি কৰিবলৈ দুটা দৃষ্টিভংগীৰ প্ৰয়োজনীয়তাক আমাৰ আগত ডাঙি ধৰিছে। ইয়াৰ এটা হ’ল ব্যৱহাৰিক আৰু আনটো হ’ল পাৰমাৰ্থিক। ব্যৱহাৰিক দৃষ্টিকোণ আপোনাৰ মোৰ দৰে সাধাৰণ মানুহৰ বাবে। আমি চকুৰ আগত দেখা পৃথিৱীখন সত্য বুলি ভাবো। আমি মায়াবদ্ধ লোক। গুৰুজনাৰ ভাষাত আমাৰ ” মন অতি মোহ পাশে ছন্ন”। ব্যৱহাৰিক দৃষ্টিকোণত আকাশৰ জোন, বেলি তৰা ,আমাৰ সোণাময় লৰা কাল, কেতিয়াবা আনন্দেৰে ভৰা কেতিয়াবা বিষাদে আৱৰা আমাৰ বৃদ্ধ কাল, আমি জীৱনত লাভ কৰা সুখ, দুখ — এই সকলো আমাৰ বাবে সঁচা। সজীৱ আৰু উমাল সত্য। এইবোৰ নুই কৰিলে আমাৰ জীৱন, আমাৰ মতাদৰ্শ, আমাৰ ৰাজনৈতিক দৰ্শন, আমাৰ কামকাজ, সকলো অৰ্থহীন হৈ পৰিব। মায়াৰ আৱৰণত আপুনি – মই , এই জীয়াই থকা মানুহবোৰে ব্ৰহ্মৰ শক্তিয়ে সৃষ্টি কৰা মায়াকেই সঁচা বুলি ভাবো। এইটো ব্যৱহাৰিক দৃষ্টিকোণৰ ভিতৰত অন্তৰ্ভুক্ত কথা। এই দৃষ্টিকোণতেই পৃথিৱীৰ কোটি কোটি মানুহ সভ্যতাৰ আদিম পুৱাৰ পৰা একবিংশ শতিকাৰ এই সময়চোৱালৈকে পাৰ হৈ গৈছে। জালি কটা জোনাক আৰু শীতৰ পুৱাৰ উমাল ৰ’দ জাকক মনত লৈয়ে মানুহে নিৰন্তৰ অহা যোৱা কৰিছে। এই অহা যোৱা মায়াৰ অধীন।

জীৱন আৰু জগতৰ প্ৰতি আনটো দৃষ্টিত শংকৰাচাৰ্যই ‘ পৰমাৰ্থিক দৃষ্টিকোণ ‘ বুলি অভিহিত কৰিছে। এই দৃষ্টিকোণ আয়ত্ব কৰা অতি কঠিন । কাৰণ এই দৃষ্টিকোণৰ অধিকাৰী হোৱাত বাটত হেঙাৰ হৈ থিয় হৈছে অবিদ্যা বা অজ্ঞানতা । জৈনসকলে আমাক এই ক্ষেত্ৰত ‘ ৰত্নত্ৰয়ৰ ‘ৰ প্ৰয়োজন বুলি কৈছে। এই ৰত্নত্ৰয় হ’ল : সম্যক জ্ঞান, সম্যক দৰ্শন আৰু সম্যক চৰিত্ৰ। তিনিবিধ কৰ্ম নাশ কৰি এজন ব্যক্তি সৰ্বজ্ঞ আৰু সৰ্বদৰ্শী হব পাৰে। এই কৰ্ম কেইবিধ হ’ল জ্ঞানাবৰণীয়, দৰ্শনাবৰণীয় আৰু অন্তৰায়। মোহনীয় কৰ্ম নাইকিয়া কৰিব পাৰিলে ব্যক্তি শুদ্ধ চৰিত্ৰৰ অধিকাৰী হয়। আটাইবোৰ কৰ্ম নাশ কৰিব পাৰিলে জীৱাত্মাই অনন্ত সুখ লাভ কৰিব পাৰে। অৰ্থাৎ জীৱ বন্দিত্ব বা বন্ধনৰ পৰা মুক্ত হয়। জৈন চিন্তাত এনে জীৱক জীৱন্মুক্ত বা তীৰ্থাংকৰ বোলা হয়। জৈন চিন্তাৰ ‘ প্ৰজ্ঞাপনা সূত্ৰ’ ৰ মতে কোনো কোনো সংসাৰী জীৱই কেতিয়াও মুক্তি লাভ নকৰে। কাৰণ, তেওঁলোকে কৰ্মৰ বন্ধনৰ পৰা মুক্ত হব নোৱাৰে। আনহাতে, জৈন চিন্তাই আত্মাৰ বহুত্বক গুৰুত্বসহকাৰে গ্ৰহণ কৰে। তেওঁলোকৰ মতে আত্মাৰ বিভিন্নতাৰ বাবেই মুক্তিৰ পাছতো জীৱবোৰ ভিন ভিন হৈ থাকে। শংকৰাচাৰ্যই আত্মাৰ এনে ভিন্নতা বা জটিলতাৰ মাজলৈ নিজৰ চিন্তাক লৈ যোৱা নাই। তেওঁ জগতখন মিছা বুলি জানিব পাৰিলে আৰু নিৰ্গুণ ব্ৰহ্মৰ উপলব্ধি কৰিব পাৰিলেই জীৱই মায়াৰ সকলো বন্ধনৰ পৰা আঁতৰিব পাৰিব বুলি স্পষ্ট কৰি দিছে। শংকৰাচাৰ্যৰ মতে “অহং ব্ৰহ্ম” : ময়ে ব্ৰহ্ম – এই সত্য যাৰ অন্তৰত বিৰাজ কৰিছে, তেওঁ স্থিত প্ৰজ্ঞ হৈ ৰব পাৰিছে। সংসাৰৰ দুখ কষ্টই তেওঁক তলাব পৰা নাই। আনন্দৰ নিৰ্মল সুঁতি অহৰহ তেওঁৰ মনত বৈ আছে। বিশিষ্ট বিদ্বান স্বামী ভূতেশানন্দই তেওঁৰ উপনিষদৰ আলোচনাত স্পষ্ট কৰি দিছে যে মায়াৰ বন্ধনৰ পৰা আঁতৰিব পৰা ব্যক্তিৰ দুটা লক্ষণ দেখা যায়। এটা হ’ল ব্যক্তি সত্যনিষ্ঠ হৈ পৰে। দ্বিতীয়টো হ’ল, তেওঁ সকলোৰে প্ৰতি সহানুভূতিশীল হৈ উঠে। মায়াৰ বন্ধনৰ পৰা মুক্ত সকলে সদানন্দৰ ভাৱত উপনীত হ’বলৈ সক্ষম হয়।

তিব্বতীয় চিন্তাৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ ‘ মহাসূত্ৰ’ ত মায়াৰ শক্তিক বুজাবলৈ পাঁচটা ৰূপকৰ উদাহৰণ দিয়া হৈছে। এই কেইটা হল প্ৰতিধ্বনি, দাপোনত দেখা প্ৰতিচ্ছবি , মৰীচিকা , সপোনত লাভ কৰা ইন্দ্ৰীয়জ সুখ আৰু বস্ত্ৰহীন অৱস্থাত ঘূৰি ফুৰা উন্মাদ লোক। বৌদ্ধ চিন্তাত মায়াক ২৪ টা উপক্লেশৰ ভিতৰত ধৰা হৈছে। মায়াৰ আলোচনাৰ ক্ষেত্ৰত অভিজ্ঞতা আৰু বিশ্বাস, দুয়োটাকে অনা হৈছে । ‘ প্ৰজ্ঞাপাৰমিতা সূত্ৰ’ত মায়াক এক গুৰুত্বপূৰ্ণ আলোচনাৰ বিষয় কৰি লোৱা হৈছে। বিশ্বাসে অজ্ঞতা, ভয় আৰু আসক্তিৰ পৰা আমাক মুক্ত কৰিবলৈ অভিজ্ঞতাতকৈ বেছি সক্ষম বুলি কোৱা হৈছে। অভিজ্ঞতাত যুক্তি তৰ্কৰ বা বাদানুবাদৰ কথা থাকে। মনত পৰে অসমীয়া বৈষ্ণৱ চিন্তাৰ সেই প্ৰসিদ্ধ উক্তিলৈ : বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ। বৌদ্ধ চিন্তাৰ পঞ্চ স্কন্ধক মায়াৰ অধীন বুলি কোৱা হৈছে। এইকেইটা হ’ল : ৰূপ, বেদনা, সংজ্ঞা, সংস্কাৰ আৰু চৈতন্য। ইয়াৰ পাছৰ চাৰিটা উপাদানক নাম বোলা হৈছে। মানুহ হ’ল নাম ৰূপৰ সমষ্টি। গতিকে স্বাভাৱিকতে বৌদ্ধ চিন্তাত মানুহ মায়াৰ অধীন। প্ৰজ্ঞাপাৰমিতাই আনকি বোধিসত্ব আৰু নিৰ্বাণৰ ধাৰণাকো মায়াৰ অধীন বুলি কব খুজিছে। মায়াৰ এই ব্যাপক ৰূপ ভক্ত কবীৰৰ বিখ্যাত দোহা “মায়া মহা ঠগিনী ” ত পোৱা যায়। ভক্ত কবীৰে বিষ্ণু, শিৱ আৰু ব্ৰহ্মা মায়াৰ দ্বাৰাই পৰিচালিত বুলি এক গভীৰ সাহস আৰু বিশ্বাসৰ জৰিয়তে দাবী কৰিছে। কবীৰে মায়াৰ যাত্ৰাৰ শেষ নাই বুলিও আমাক সোঁৱৰাই দিছে।

গৌতম বুদ্ধ, শংকৰাচাৰ্য, ৰামানুজ প্ৰত্যেকেই কিন্তু মানৱ আত্মাৰ সেই শক্তিত বিশ্বাস ৰাখিছে , যাৰ দ্বাৰা মায়াৰ মোহপাশৰ পৰা মানুহ মুক্ত হ’ব পাৰে। প্ৰশ্ন হয় মায়াক ভাৰতীয় চিন্তাত ইমান গুৰুত্ব কিয় দিয়া হৈছে? দাৰ্শনিক চিন্তাবিদ ড° সর্বেপল্লী ৰাধাকৃষ্ণণে ইয়াৰ অন্ততঃ তিনিটা উত্তৰ আমাক দিছে। প্ৰথমটো হ’ল আমাৰ চৌদিশৰ জগতখনত ব্যাখ্যাৰ দ্বাৰা জানিব নোৱাৰো। জগতখন যে কোনো সৰ্বব্যাপী সত্তাৰ প্ৰকাশ, তাক বুজাবলৈ ‘ মায়া ‘ ৰ ব্যৱহাৰ কৰা হয়। দ্বিতীয়তে, পৰম সত্তাৰ লগত জগত আৰু বহুত্ত্বৰ সম্বন্ধক বুজি উঠা অতি জটিল। ই প্ৰায় দুৰ্বোধ্য। এই দুৰ্বোধ্যতাক আঁতৰ কৰিবলৈ ‘ মায়া’ ৰ ধাৰণা ব্যৱহাৰ কৰা হয়। আকৌ, আপুনি- মই দেখি থকা কোনো কথাই ব্ৰহ্মক স্পৰ্শ কৰিব নোৱাৰে। ভগৱান শ্ৰীকৃষ্ণই কোৱাৰ দৰে জগতৰ সকলো নিয়ম বন্ধন অভিশাপ পাপ পুণ্যই পৰম পুৰুষ কাৰণে তেওঁক চুব নোৱাৰে। ব্ৰহ্ম জগতৰ কাৰণ ।কিন্তু জগতৰ স্পৰ্শৰ পৰা তেওঁ নিলগত। সেইবাবে জগত মায়া। মায়াৰ ডাৱৰ আঁতৰ কৰি ব্ৰহ্মৰ স্বৰূপ উদ্ঘাটন কৰাটোৱেই ভাৰতীয় চিন্তাৰ প্ৰধান দিশ। জগত আৰু জীৱৰ সম্পৰ্কৰ অনুসন্ধান সকলো ৰহস্যবাদী মানুহ ( mystic) ৰ চিন্তাৰ প্ৰধান কেন্দ্ৰ। আজান ফকীৰৰ এটা বিখ্যাত সৃষ্টিত আছে : ” ঘৰ মোৰ হালিলে, মাৰলি ভাগিলে/ ৰুৱাত ধৰিলে ঘূণে/ আল্লাৰ জীৱক আল্লাই লৈ যাব/ ঢোকা দি ৰাখিব কোনে। ” সৃষ্টিৰ নিয়ম মানি এই মহাপৃথিৱীক বিদায় জনোৱাৰ আগেয়ে প্ৰতিজন ব্যক্তিয়েই হয়তো মায়া আৰু অবিদ্যাৰ এই চাকনৈয়াৰ পৰা নিজকে মুক্ত কৰিব খোজে। উপনিষদৰ দিনৰ পৰা আজিলৈকে মানুহে জগত আৰু জীৱৰ সম্পৰ্ক তথা স্বৰূপক বুজাৰ চেষ্টা কৰি আহিছে। ব্ৰহ্ম সৰ্বব্যাপী। আত্মা আৰু ব্ৰহ্ম অভিন্ন হ’লেও দেহৰ সংস্পৰ্শই আত্মাক সীমিত কৰে। মায়াৰ কৱলত পৰে আত্মা। এই কৱলতা, সীমাবদ্ধতা অতিক্ৰম কৰিবলৈ যুগে যুগে মানুহে চেষ্টা কৰি আহিছে। সেয়াই মানুহৰ শক্তি আৰু সম্পদ।