ম্যানমাৰলৈ ১৫ টন সাহায্য সামগ্ৰী প্ৰেৰণ ভাৰতৰ

ম্যানমাৰলৈ ১৫ টন সাহায্য সামগ্ৰী প্ৰেৰণ ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিধ্বংসী ভূমিকম্পৰ পাছৰে পৰা ভয়াৱহ প্রাকৃতিক দুৰ্যোগৰ কবলত ম্যানমাৰ। প্রতিবেশী বন্ধু দেশখনৰ এই দুৰ্যোগৰ সময়ত উদ্বিগ্ন হৈ পৰিছে ভাৰত। ইতিমধ্যে দেশখনত ১৬ শতাধিক লোকৰ মৃত্যু হৈছে। আহত হৈছে তিনি সহস্রাধিক। ইফালে, নিখোজ হৈ আছে কেইবাশও লোক। ইয়াৰ মাজতে দেশখনৰ সামৰিক চৰকাৰৰ মুৰব্বী মিন আং লায়িঙৰে টেলিফোনিক বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সামৰিক নেতাগৰাকীৰে হোৱা বাৰ্তালাপত প্রধানমন্ত্রী মোদীয়ে কয় যে প্রতিবেশী দেশৰ এই দুৰ্যোগৰ সময়ত শোকদগ্ধ হৈছে ভাৰত। প্রধানমন্ত্রী মোদীয়ে এই  ভয়াৱহ দুর্যোগত প্রাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্রকাশ কৰাৰ উপৰি দুর্গত লোকসকললৈ সমবেদনাও জ্ঞাপন কৰে। অকল সেয়াই নহয়, এই মুহূৰ্তত ভাৰতে সকলো প্ৰকাৰৰ সহায় ম্যানমাৰক আগবঢ়াবলৈ সাজু আছে বুলিও প্রধানমন্ত্রী মোদীয়ে উল্লেখ কৰে। লক্ষণীয়ভাৱে প্রধানমন্ত্রী মোদী আৰু মিনৰ এই বাৰ্তালাপৰ পাছতে দুৰ্যোগৰ সময়ত প্রথম সাহায্যকাৰী দেশ হিচাপে ভাৰতে ম্যানমাৰলৈ ১৫ টন সাহায্য সামগ্রী প্ৰেৰণ কৰে। ইয়াৰ উপৰি ভাৰতে উদ্ধাৰকাৰী আৰু চিকিৎসকৰ দলো ম্যানমাৰলৈ প্ৰেৰণ কৰিছে। বায়ুসেনাৰ বিমানেৰে ভাৰতে এনডিআৰএফৰ ৮০ জনীয়া দলক ম্যানমাৰলৈ প্ৰেৰণ কৰিছে। অকল সেয়াই নহয়, ম্যানমাৰত এই উদ্ধাৰ অভিযানত নমা এনডিআৰএফৰ কৰ্মীসকলৰ এই অভিযানৰ নাম ৰখা হৈছে ‘অপাৰেচন ব্ৰহ্মা’। প্ৰতিৱেশীৰ এই চৰম বিপদৰ সময়ত সহায় কৰাটো ভাৰতৰ কৰ্তব্য বুলিও প্রধানমন্ত্রী মোদীয়ে উল্লেখ কৰে। ভাৰতে প্ৰেৰণ কৰা সাহায্য সামগ্ৰীসমূহৰ ভিতৰত আছে তম্বু, কম্বল, শ্লিপিং বেগ, খাদ্যৰ পেকেট, হেল্থ কিট, জেনেৰেটৰ আৰু প্ৰয়োজনীয় দৰব।  শুকুৰবাৰে ভাৰতীয় সময় অনুসৰি ১১.৫০ বজাত ৭.৭ প্রাবল্যৰ ভূমিকম্পই জোকাৰিছিল ম্যানমাৰক। ইয়াৰ প্ৰভাৱ প্ৰতিৱেশী দেশসমূহতো পৰিছিল। ইয়াৰ পাছত ৬.৬ প্রাবল্যৰ ভূমিকম্পই পুনৰ ধ্বংসলীলা সৃষ্টি কৰে ম্যানমাৰত। লক্ষণীয়ভাৱে উদ্ধাৰকাৰীৰ উপৰি ভাৰতে ম্যানমাৰলৈ ১১৮গৰাকী চিকিৎসক তথা স্বাস্থ্যকর্মীকো প্ৰেৰণ কৰিছে। ইফালে, চীন-ৰাছিয়া আদি দেশেও ম্যানমাৰলৈ বিভিন্ন সাহায্য সামগ্ৰী আৰু উদ্ধাৰকাৰী দল প্ৰেৰণ কৰিছে। ইয়াৰ মাজত তাৎক্ষণিকভাৱে আমেৰিকাই কোনোধৰণৰ সামগ্ৰী প্ৰেৰণ কৰা নাই যদিও এই দুৰ্যোগৰ সময়ত দেশখনৰ লোকসকলক বিভিন্ন ধৰণৰ সাহায্য আগবঢ়োৱা হ’ব বুলি প্রতিশ্রুতি দিছে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে।