অনলাইন বাৰ্ত্তাসেৱা – অভিনেতা ঈশান খট্টৰ, মৃণাল ঠাকুৰ আৰু প্ৰিয়াংশু পেইনয়ুলি অভিনীত আহিবলগীয়া ৱাৰ্-দ্ৰামা ছবি ‘পিপ্পা’ৰ প্ৰযোজনা আৰম্ভ কৰিব ছেপ্টেম্বৰ মাহত। উল্লেখযোগ্য যে এই চলচ্চিত্ৰখনৰ প্ৰযোজনা এই বছৰৰ মাৰ্চ মাহত হোৱাৰ কথা আছিল। প্ৰতিবেদন অনুসৰি, কৰোনা ভাইৰাছ মহামাৰীৰ দ্বিতীয়টো ঢৌৰ সময়ত দৃশ্যগ্ৰহণ আৰম্ভ নকৰাৰ সিদ্ধান্ত লৈছিল ছবিখনৰ কলাকুশলী আৰু নিৰ্মাতাসকলে।
(UD.)