শিলচৰত “মিছন শক্তি”ৰ অধীনত সংশ্লিষ্ট অংশীদাৰসকলৰ যৌথ বৈঠক: কন্যাশিশুৰ অধিকাৰ আৰু সুৰক্ষাৰ ক্ষেত্ৰত দৃঢ় প্ৰতিশ্ৰুতি

শিলচৰত “মিছন শক্তি”ৰ অধীনত সংশ্লিষ্ট অংশীদাৰসকলৰ যৌথ বৈঠক: কন্যাশিশুৰ অধিকাৰ আৰু সুৰক্ষাৰ ক্ষেত্ৰত দৃঢ় প্ৰতিশ্ৰুতি

শিলচৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  শিলচৰত নারী আৰু শিশুৰ সুৰক্ষা, লিংগ বৈষম্য ৰোধ আৰু সজাগতা বৃদ্ধিৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ যৌথ বৈঠকৰ আয়োজন কৰা হয়। বুধবাৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ নতুন সভাকক্ষত অনুষ্ঠিত এই বৈঠক “মিছন শক্তি” কাৰ্যসূচীৰ অধীনত আয়োজন কৰা হৈছিল। সংকল্প–জিলা মহিলা ক্ষমতায়ন কেন্দ্ৰ (কাছাৰ) আৰু নারী-শিশুকল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত এই বৈঠক ইউনিচেফৰ সহযোগী সংস্থা ‘ইনডিপেণ্ডেন্ট থট’ আৰু কাছাৰ জিলা প্ৰশাসনৰ সক্ৰিয় অংশগ্ৰহণে অধিক তাৎপর্যপূর্ণ কৰি তোলে।

এই বৈঠকৰ মূখ্য লক্ষ্য আছিল কন্যাশিশুৰ অধিকাৰ, সুৰক্ষা আৰু শিক্ষাৰ গুৰুত্ব অধিক সুদৃঢ় কৰা, বিশেষকৈ “বেটি বচাও বেটি পড়াও” (BBBP) কাৰ্যসূচীৰ ১০ বছৰ পূর্তি উদযাপনক দৃষ্টি ৰাখি। “সাম্বল,” “সামৰ্থ্য” আৰু BBBP প্রকল্পসমূহৰ সফল বাস্তবায়ন, বাল্যবিবাহ প্ৰতিৰোধ, লিংগভিত্তিক বৈষম্য দূৰীকৰণ আৰু সকলো কন্যাশিশুৰ বাবে সুৰক্ষিত পৰিৱেশ নিশ্চিত কৰাটোৱেই বৈঠকখনৰ মুখ্য উদ্দেশ্য আছিল।

 

বৈঠকৰ আৰম্ভণিতে নারী আৰু শিশুকল্যাণ বিভাগৰ দায়িত্বপ্ৰাপ্ত অতিরিক্ত জিলা আয়ুক্ত কিমচিন লাংহামে চৰকাৰী আৰু বেসৰকাৰী সংস্থাসমূহৰ মাজত সমন্বয়ৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে, মহিলা ক্ষমতায়ন আৰু শিশুসুৰক্ষাৰ বাবে একেলগে কাম কৰাটো অত্যন্ত প্ৰয়োজনীয়, য’ত স্থানীয় প্ৰশাসনৰ লগতে সমাজৰ প্ৰতিটো স্তৰৰ সক্ৰিয় ভূমিকা থাকা উচিত।

জিলা সমাজকল্যাণ বিভাগৰ সহকারী আয়ুক্ত অঞ্জলি কুমাৰী আৰু সংকল্পৰ ডিএমচি বনানী ভট্টাচাৰ্যই “মিছন শক্তি” আৰু “বেটি বচাও বেটি পড়াও” কাৰ্যসূচী সম্পৰ্কে বিস্তৃত আলোচনা কৰে। তেওঁলোকে প্ৰকল্পসমূহৰ বর্তমান অগ্ৰগতি, বিদ্যমান সমস্যাসমূহ আৰু ভবিষ্যৎ পৰিকল্পনা বর্ণনা কৰে। লগতে, 181 (মহিলা সহায়তা হেল্পলাইন) আৰু 1098 (শিশু সহায়তা হেল্পলাইন)-ৰ প্রচাৰ আৰু কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়, যাতে যিকোনো দুৰ্যোগত ক্ষতিগ্ৰস্তসকলৰ সোনকালে সহায় লাভ হয়।

শিশুবিবাহ প্ৰতিৰোধৰ সন্দৰ্ভত ইউনিচেফৰ সহযোগী সংস্থা ‘ইনডিপেণ্ডেন্ট থট’-ৰ ৰাজ্যিক প্ৰবন্ধক ৰাম কিশোৰ মহাৱাৰে বাল্যবিবাহ সমাজৰ বাবে এটা গুৰুতৰ সমস্যা বুলি উল্লেখ কৰে। তেওঁ কয় যে, কন্যাশিশুৰ সুৰক্ষা নিশ্চিত কৰিবলৈ “মিছন শক্তি” আৰু “বাল্যবিবাহ মুক্ত ভাৰত” কাৰ্যসূচীৰ অধীনত সকলো অংশীদাৰ একেলগে কাম কৰাটো অত্যন্ত দৰকাৰী।

আইনী সুৰক্ষাৰ দিশটোলৈ আলোকপাত কৰি কাছাৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ (DLSA) সম্পাদক সালমা সুলতানাই কৰ্মস্থলীত মহিলাৰ যৌন হয়রানি প্ৰতিৰোধ আইন (POSH) সম্পৰ্কে বিস্তারিত বাখ্যা দিয়ে। তেওঁ শিশু নিৰ্যাতন, শোষণ আৰু জোৰপূৰ্বক বিবাহৰ দৰে অপৰাধসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

এই যৌথ বৈঠকটোৱে জিলা প্ৰশাসন, কাছাৰ মহিলা আৰু শিশুকল্যাণ বিভাগ আৰু ইউনিচেফৰ সহযোগী সংস্থা ‘ইনডিপেণ্ডেন্ট থট’-ৰ সমন্বয়ত এক সুদৃঢ় যৌথ প্ৰচেষ্টাৰ দিশত আগবাঢ়িছে। বৈঠকত অংশগ্ৰহণকাৰীসকলে কন্যাশিশুসকলৰ বাবে সুৰক্ষিত, নিৰাপদ আৰু বৈষম্যহীন সমাজ গঠনৰ বাবে অধিক কাৰ্যকৰী নীতি আৰু ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোচনা কৰে।

এই যৌথ প্ৰচেষ্টাৰ জৰিয়তে এক নতুন দিগন্তৰ সূচনা হ’ল, য’ত প্ৰতিটো কন্যাশিশুৰ ক্ষমতায়ন নিশ্চিত হ’ব, তেওঁলোকৰ স্বপ্ন পূৰণৰ পথত কোনো বাধা থাকিব নোৱাৰিব, আৰু এক উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাটো সম্ভৱ হ’ব। সমাজৰ সকলো স্তৰৰ সহযোগিতাৰে, বৈষম্যৰ অন্ত পেলাই, শক্তিশালী আৰু সুশিক্ষিত কন্যাশিশুৰ উন্নয়ন সম্ভৱ।

শিলচৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ আঞ্চলিক কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক সংবাদ বিজ্ঞপ্তিত এই তথ্য জানোৱা হৈছে।