শাৰীৰিক অসুস্থতাৰ বাবে নগা বিদ্ৰোহী সংগঠনৰ মুৰব্বী থুইগালেং মুইভা হস্পিতালত ভৰ্ত্তি

অনলাইন বার্তাসেৱা- নগা বিদ্ৰোহী সংগঠন এন এছ চি এন ইশ্বাক-মুইভা গোটৰ মুৰব্বী থুইগালেং মুইভাক শনিবাৰে সন্ধিয়া শৰীৰত অক্সিজেন পৰিমাণ হঠাতে হ্ৰাস হোৱাত সংকটজনক অৱস্থাত ডিমাপুৰৰ খ্ৰীষ্টান ইনষ্টিটিউট অফ হেলথ ছাইন্স এণ্ড ৰিচাৰ্ছ অৰ্থাৎ ৰেফাৰেল হাস্পতালত ভৰ্তি কৰোৱা হয়। এন এছ চি এনৰ এগৰাকী শীৰ্ষ নেতাই জানিবলৈ দিয়া মতে ৮৭ বছৰীয়া থুইগালেং মুইভাই শনিবাৰে বিয়লি তীব্ৰ জ্বৰত ভোগাত শৰীৰত হঠাতে অক্সিজেনৰ পৰিমাণ হ্ৰাস পায় ।

লগে লগে চিকিৎসকৰ পৰামৰ্শ মতে সন্ধিয়া৬:৩০ বজাত ডিমাপুৰৰ চাৰি মাইলত থকা চি আই এছ আৰ ৰেফাৰেল হাস্পতালত ভৰ্তি কৰোৱা হয় ।চিকিৎসক সকলে এন এছ চি এনৰ মুৰব্বী মুইভাক প্ৰথমে জৰুৰী কক্ষত ভৰ্তি কৰাই যদিও শৰীৰত অক্সিজেন কমি যোৱাত ততালিকে আই চি ইউলৈ।হস্তান্তৰ কৰে । বৰ্তমান মুইভাক চিকিৎসালয়খনৰ বিশেষজ্ঞ চিকিৎসকৰ দলে চিকিৎসা অব্যাহত ৰাখিছে । বৰ্তমান এন এছ চি এনৰ শীৰ্ষনেতা গৰাকী স্বাস্থ্যৰ অৱস্থাত সুস্থিৰ বুলি জানিব পৰা গৈছে ।