৪৪ দিনৰ অন্তত অৱশেষত উমৰাংছুৰ কয়লাখনিৰ পৰা উদ্ধাৰ ৫ শ্ৰমিকৰ মৃতদেহ

৪৪ দিনৰ অন্তত অৱশেষত উমৰাংছুৰ কয়লাখনিৰ পৰা উদ্ধাৰ ৫ শ্ৰমিকৰ মৃতদেহ

ৰঙিলী বাৰ্ত্তাসেৱা- ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ কয়লাখনি পৰা ৫জন শ্রমিকৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ। অভিযানকাৰী দলে যোৱা ৬ জানুৱাৰীত আবদ্ধ হৈ শোকাৱহভাৱে মৃত্যুক আঁকোৱালি লোৱা ৫জন শ্রমিকৰ উৱলি যোৱা মৃতদেহ গভীৰ সুৰংগৰ পৰা  উদ্ধাৰ কৰে। ৪৪ দিন ধৰি চলা অভিযানৰ অন্তত মৃত শ্রমিকসকলৰ সন্ধানত অহৰহ ব্যস্ত থকা এছ ডি আৰ এফ, এন ডি আৰ এফ, জি আৰ আৰু সেনা বাহিনীৰ অর্ধশতাধিক লোকৰ যৌথ প্রচেষ্টাত উদ্ধাৰ হয় মৃতদেহকেইটা। ডিমা হাছাও জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰত প্রকাশ পোৱা অনুসৰি  উদ্ধাৰ হোৱা ৫জন শ্রমিকৰ মৃতদেহৰ লগতে এতিয়ালৈকে সৰ্বমুঠ ৯জন শ্রমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। উল্লেখ্য যে প্রায় ৩০০ ফুট গভীৰতাত কয়লা খনন কৰি থকাৰ সময়তে হঠাৎ কোৱেৰীটোৰ ভিতৰত পানী জমা হৈ যোৱাৰ ফলত যোৱা ৬ জানুৱাৰীত শ্রমিকসকল আবদ্ধ হৈ আছিল। ইয়াৰ পাছৰে পৰা অৰ্থাৎ যোৱা ৭ জানুৱাৰীৰ পৰা উদ্ধাৰকাৰী দলে শ্ৰমিকসকৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল। কিন্তু কয়লাখনিৰ গভীৰতাত সময়ে সময়ে পানীৰ স্তৰ বৃদ্ধি পোৱাৰ উপৰি বিভিন্ন ধৰণৰ অনাকাংক্ষিত সমস্যাৰ ফলত উদ্ধাৰ অভিযান বাধাগ্ৰস্ত হৈ পৰিছিল। অৱশ্যে অত্যাধুনিকপাম্পৰ জৰিয়তে কোৱেৰীৰ পৰা পানী নিষ্কাশন কৰি নিৰৱচ্ছিন্নভাৱে অভিযান চলাই আহিছিল উদ্ধাৰকাৰী দলে। ইফালে বুধবাৰে প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযান কিছু সময় স্থবিৰ হয় যদিও পাছত কোৱেৰীৰ ভিতৰত পানীৰ স্তৰ কমি যোৱাৰ ফলত উৱলি যোৱা মৃতদেহকেইটা অভিযানকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে ডিমা হাছাও জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে মৃতদেহকেইটাৰ প্ৰকৃত পৰিচয় উদ্ধাৰ কৰাৰ বাবে উক্ত কোৱেৰীত আবদ্ধ হোৱা শ্রমিকসকলৰ পৰিয়াল তথা আত্মীয়লৈ বাৰ্তা প্ৰেৰণ কৰিছে। বুধবাৰে বাকী ৫ গৰাকী সন্ধানহীন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লিখে,”উমৰাংছ’ৰ কয়লা খনিৰ পানী নিষ্কাশন প্রক্রিয়া উদ্ধাৰ অভিযান আৰম্ভ কৰিব পৰাকৈ আজি সম্পন্ন কৰা হৈছিল । আজি ৫ গৰাকী বনুৱাৰ মৃতদেহ উদ্ধাৰ কৰি খনিৰ খাদৰ পৰা উলিয়াই অনা হৈছে । মৃতদেহকেইটিৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে ।”