ADRE পৰীক্ষাৰ ফলাফলক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- মঙলবাৰে নিশা ফেচবুক লাইভযোগে  ADREৰ ফলাফলক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰীয়ে কয় যে , ADREৰ ফলাফলক লৈ বহুতৰ মনৰ প্ৰশ্ন উত্থাপন হৈছে।   প্ৰতিশ্ৰুতি দিয়া অনুসৰি ৭ মাৰ্চৰ আগতে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়। এই ক্ষেত্ৰত প্ৰাৰ্থীসকলক বিশেষ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়, “ADREৰ ফলাফলক লৈ আপোনালোকে অত্যন্ত উৎকণ্ঠিত হৈ থকাৰ কাৰণ নাই। কাৰণ প্ৰত্যেকখন বহী বা OMR শ্বীট বা Answer Key এতিয়া আপোনালোকৰ হাততে আছে।” তেওঁ কয় যে, ছেবাই ফলাফল দিয়ক বা নিদিয়ক, প্ৰাৰ্থীসকলে নিজৰ ফলাফলৰ স্থিতি ইতিমধ্যেই অনুমান কৰিব পাৰিছে।নিশা ফেচবুক লাইভত কোকৰাঝাৰত অনুষ্ঠিত বাজেট অধিৱেশনক লৈও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।তেওঁ সকলোকে সহায়-সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইফালে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে,  ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ তদন্তই উদঙাইছে কংগ্ৰেছৰ দিনত নিযুক্তিৰ নামত হোৱা ভয়ংকৰ দুৰ্নীতিৰ ছবি। কংগ্ৰেছ চৰকাৰ থাকিলে আজিৰ তাৰিখতো টকা-পইচাৰ লেনদেনেই হলহেঁতেন চাকৰি লাভৰ একমাত্ৰ মাপকাঠি। টকা-পইচাৰ লেনদেনে সম্পন্ন হ’লেহে ঘোষণা কৰা হলহেঁতেন ফলফল।উল্লেখ্য যে ২০২৪ বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত অনুষ্ঠিত হৈছিল অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা (ADRE) । ছেপ্টেম্বৰ মাহৰ ১৫ আৰু ২৯ তাৰিখে অনুষ্ঠিত হৈছিল তৃতীয় বৰ্গৰ স্নাতক আৰু দশম শ্ৰেণীৰ পৰ্যায়ৰ পৰীক্ষা । চতুৰ্থ বৰ্গৰ পেপাৰ-১ (HSLC) আৰু পেপাৰ-২ (অষ্টম শ্ৰেণীলৈকে) ৰ পৰীক্ষা অনুষ্ঠিত হয় ২৭ অক্টোবৰত । এই পৰীক্ষাত উত্তীৰ্ণসকল নিযুক্তিৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হ’ব । লিখিত পৰীক্ষাত উত্তীৰ্ণসকলক দক্ষতা পৰীক্ষণৰ বাবে বাচনি কৰা হ’ব । যিটো তথ্য-পাতি পৰীক্ষণৰ দ্বাৰা সম্পন্ন কৰা হ’ব ।