গুণোৎসব ২০২৫: কাছাৰত বিদ্যালয় পোশাক বিতৰণ সময়ত সম্পূৰ্ণ কৰিবলৈ ডিচি মৃদুল যাদৱৰ নেতৃত্বত গুৰুত্বপূৰ্ণ বৈঠক
শিলচৰ,ৰঙিলী বাৰ্ত্তাসেৱা- শিক্ষাৰ মানোন্নয়ন আৰু সময়মতে ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয় পোশাক বিতৰণ নিশ্চিত কৰিবলৈ কাছাৰ জিলাৰ আয়ুক্ত, মৃদুল যাদৱৰ নেতৃত্বত আজি এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। কাছাড় জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ পুৰণি সভাকক্ষে অনুষ্ঠিত এই বৈঠকত গুণোৎসব ২০২৫ৰ আওতাত বিদ্যালয় পোশাক বিতৰণ প্ৰক্ৰিয়া সুচল আৰু সময়নিষ্ঠভাৱে সম্পন্ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অনুষ্ঠিত বৈঠকত বিদ্যালয় পোশাক বিতৰণৰ মান আৰু সময়নিষ্ঠতাই শিক্ষাৰ মান উন্নয়নত মূল ভূমিকা পালন কৰিব বুলি জোৰ দিয়ে।
বৈঠকত উপস্থিত আছিল অতিরিক্ত আয়ুক্ত (শিক্ষা) অন্তৰা সেন, জিলাৰ প্ৰাথমিক শিক্ষা বিষয়ক অধিকাৰী বহ্নিখা চেতিয়া আৰু বিদ্যালয় পৰিদৰ্শক গণেশ হৰিজন। তেখেতসকলে বিতৰণ প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু জবাবদিহিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
সভাত পোশাক যোগান ধৰক বিক্ৰেতাসকলক গুণগত মানযুক্ত আৰু টেকসই বিদ্যালয় পোশাক যোগান ধৰিবলৈ নিৰ্দেশ দিয়া হয়। লগতে, নতুন শিক্ষাবর্ষ আৰম্ভ হোৱাৰ পূৰ্বে ছাত্র-ছাত্ৰীয়ে সময়মতে বিদ্যালয় পোশাক লাভ কৰিবলৈ বিতৰণ সময়সূচী কঠোৰভাৱে মানি চলিবলৈ কোৱা হয়।
জিলা আয়ুক্ত মৃদুল যাদৱে তেওঁৰ ভাষণত কয়, “এই পদক্ষেপ শিক্ষাৰ গুণগত মান বৃদ্ধিৰ লগতে ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ এক গুৰুত্বপূৰ্ণ অংশ। সময়মতে বিদ্যালয় পোশাক বিতৰণৰ জৰিয়তে সকলো শিশুৰ বাবে সমতাভিত্তিক শিক্ষা ব্যৱস্থা গঢ়ি তুলিবলৈ লক্ষ্য কৰা হৈছে।”
শিলচৰ আঞ্চলিক তথ্য আৰু জনসংযোগ বিভাগৰ প্ৰকাশিত এক প্রেস বিজ্ঞপ্তিৰ জৰিয়তে এই সংবাদ জনোৱা হয়।