পল্লৱী গেছ এজেঞ্চিৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ
গ্ৰাহকৰ ধন – লেনদেনৰ ক্ষেত্ৰত ঠগ – প্ৰৱঞ্চনা কৰাৰ অভিযোগ এজেঞ্চিটোৰ বিৰুদ্ধে ৷
শৈলেন কুমাৰ,মিৰ্জা, ৰঙিলী বাৰ্ত্তাসেৱা-দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰৰ পল্লৱী গেছ এজেঞ্চিত আজি ১৮ ফেব্ৰুৱাৰী মংগলবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ অভিযোগ অনুসৰি দক্ষিণ কামৰূপ পলাশবাৰী সমষ্টিৰ ৰামপুৰৰ পল্লবী গেছ এজেঞ্চিত বহুত দিনৰ পৰা গ্ৰাহকক ঠগ-প্ৰৱঞ্চনাৰে টকা ঘটাৰ ৰহস্য পোহৰলৈ আহিছে ৷ যোৱাকালি ৰামপুৰৰ হীৰেন কলিতা নামৰ লোক এজন পৰা গেছৰ কাৰ্ডৰ ৰূপান্তৰ আৰু নাম সলনি কৰা বাবত ৩ হাজাৰ টকা ঠগ-প্ৰৱঞ্চনাৰে উৎকোচ লয় বুলি ভুক্তভুগীয়ে ব্যক্ত কৰে ৷ উক্ত এজেঞ্চিত পিছত সোধ-পোছ কৰাত হীৰেন কলিতাক এজেঞ্চিৰ বাহিৰত ওলাই দিয়ে , লগে লগে এক উত্তপ্ত উপৰিস্থিতিৰ সৃষ্টি হয় ৷ উল্লেখ্য যে গ্ৰাহকক ঠগ-প্ৰৱঞ্চনাৰে লুটিপুটি খোৱাই এতিয়া একাংশ গেছ এজেঞ্চিৰ মূখ্য উদ্দেশ্যৰূপে পৰিগণিত হৈছে ৷পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষই এই গেছ এজেঞ্চি বোৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষণীয় ৷