ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়ত বন্যবন্ধুৰ সহযোগত ‘কেম্পাচ বাৰ্ড কাউন্ট’
শৈলেন কুমাৰ ,মিৰ্জা ,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা আজি ১৭ ফেব্ৰুৱাৰী ২০২৫ লৈ বিশ্বব্যাপি আয়োজিত হোৱা ‘গ্ৰেট বেকইয়ার্ড বাৰ্ড কাউন্ট (GBBC)ৰ লগত সংগতি ৰাখি ৰামপুৰ আঞ্চলিক কলেজৰ চৌপাশতো কেম্পাচ চৰাই গণনা কৰা হয়। এই অনুষ্ঠান মূলতঃ “কৰ্ণেল লেব অব ওৰনিথ’লজী”, “নেশ্যনেল ঔডাৱন ছ’চাইটি” (আৰু “বাৰ্ড কানাডা”(Birds Canada)ৰ যৌথ প্ৰচেষ্টাৰ ফল। এই অনুষ্ঠান ভাৰতত “বাৰ্ড কাউণ্ট ইণ্ডিয়া”(Bird Count India), “ই-বাৰ্ড ইণ্ডিয়া”(eBird India) আৰু অসমত “অসম পক্ষী নিৰীক্ষণ নেটৱৰ্ক”( Assam Bird Monitoring Network)ৰ দ্বাৰা আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানৰ এক অংশস্বৰূপে ১৭ ফেব্ৰুৱাৰীৰ পুৱাৰ ভাগত কামৰূপ জিলাৰ “ৰামপুৰ আঞ্চলিক মহাবিদ্যালয়”ৰ চৌহদত “বন্যবন্ধু”ৰ সহযোগত “কেম্পাছ বাৰ্ড কাউন্ট”(Campus Bird Count) অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই গণনাত মুঠ ২৪ বিধ প্ৰজাতিৰ চৰাই তালিকাভূক্ত কৰা হয়। বন্যবন্ধুৰ কৰ্মী প্ৰসন্ন কলিতা আৰু পৰশমনি ৰাভাই এই নিৰীক্ষণ প্ৰক্ৰিয়া অতি সুচাৰুৰূপে পৰিচালনা কৰে। উল্লেখ যে যোৱা ১৫ ফেব্ৰুৱাৰীত উক্ত পৰিবেশ কৰ্মী সংগঠন ‘বন্যবন্ধু’য়ে বকোৰ জৱহৰলাল নেহৰু মহাবিদ্যালয়ত আজি পুৱা কৰা চৰাই গণনাত মুঠ ৩২ বিধ প্ৰজাতিৰ চৰাই পৰ্যবেক্ষণ আৰু নথিভূক্ত কৰা হয়। উক্ত গননাত Purple-rumped Sunbird নামৰ স্থানীয়ভাৱে বিৰল চৰাই প্ৰজাতি এটাও নথিভূক্ত কৰা হয়।