দেশৰ নিৰ্বাচন আয়োগৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে জ্ঞানেশ কুমাৰক নিযুক্তি
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে জ্ঞানেশ কুমাৰক নিযুক্তি দিয়া হৈছে। ১৯ ফেব্ৰুৱাৰীত দেশৰ নিৰ্বাচন আয়ুক্তৰ পদ গ্ৰহণ কৰাৰ পাছতে জ্ঞানেশ কুমাৰ কাৰ্যাকাল থাকিব ২০২৯ চনৰ ২৬ জানুৱাৰীলৈ। মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) আইন, ২০২৩ৰ ৪ নং ধাৰাত প্ৰদান কৰা ক্ষমতাৰ অধীনত এই নিযুক্তি প্ৰদান কৰা হয় । ইতিমধ্যে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰা হৈছে, য’ত কোৱা হৈছে যে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) আইন-২০২৩ৰ ধাৰা ৪ৰ ক্ষমতা প্ৰয়োগ কৰি ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিছে। আন এক অধিসূচনাত আইন আৰু ন্যায় মন্ত্ৰালয়ে কয়, “ড৹ বিবেক যোশীক নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ দিনৰ পৰা কাৰ্যকৰী হোৱাকৈ ভাৰতৰ নিৰ্বাচন আয়োগত নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে । বিবেক যোশী হাৰিয়ানা কেডাৰৰ ১৯৮৯ বেচৰ আই এ এছ বিষয়া । নিৰ্বাচন সমিতিৰ বৈঠকৰ কেইঘণ্টামানৰ পিছতে এই নিযুক্তি দিয়া হয় । বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ অৱসৰৰ পিছত দায়িত্ব ল’ব জ্ঞানেশ কুমাৰে । ১৮ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰিব ৰাজীৱ কুমাৰে । ৰাজীৱ কুমাৰে ২০২০ চনৰ ১ ছেপ্টেম্বৰত ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্বাচন আয়ুক্ত হিচাপে যোগদান কৰিছিল আৰু ১৫ মে’ত ভাৰতৰ ২৫ সংখ্যক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল ৷ বিদায়ী ভাষণত ৰাজীৱ কুমাৰে গণতান্ত্ৰিক মূল্যবোধ ৰক্ষাৰ ক্ষেত্ৰত এক কোটি ৫০ লাখ ভোটগ্ৰহণ বিষয়াক ধন্যবাদ জ্ঞাপন কৰে । উল্লেখ কৰা প্ৰয়োজন যে, মুখ্য নিবাৰ্চন আয়ুক্ত নিৰ্বাচনৰ বাবে নতুনকৈ প্ৰণয়ন কৰা আইনৰ ভিত্তিত নিৰ্বাচন কৰা জ্ঞানেশ কুমাৰ হৈছে প্ৰথমগৰাকী নিৰ্বাচন আয়ুক্ত। নতুনকৈ প্ৰণয়ন কৰা এই আইনখনত মুখ্য নিৰ্বাচন আয়ুক্ত নিৰ্বাচনী মণ্ডলীত পূৰ্বৰ দেশৰ মুখ্য ন্যায়াধীশৰ পৰিৱৰ্তে চামিল কৰা হৈছিল গৃহমন্ত্ৰীক। অৰ্থাৎ এইবাৰ মুখ্য নিৰ্বাচন আয়ুক্ত বাচনিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছে।এই নিৰ্বাচনী মণ্ডলীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগতে আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে বিৰোধী দলপতি ৰাহুল গান্ধীও। ১৭ফেব্ৰুৱাৰী, ২০২৫ত হোৱা বৈঠকত জ্ঞানেশ কুমাৰকে নিৰ্বাচনী মণ্ডলীয়ে চূড়ান্ত কৰে আৰু ৰাষ্ট্ৰপতিলৈ প্ৰস্তাৱ প্ৰেৰণ কৰে।