মহানগৰী উলুবাৰীত নৃশংস হত্যাকাণ্ড সংঘটিত

মহানগৰী উলুবাৰীত নৃশংস হত্যাকাণ্ড সংঘটিত

ৰঙিলী বাৰ্ত্তাসেৱা- এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গ’ল গুৱাহাটী মহানগৰী । পত্নীক হত্যা কৰি পল্টনবজাৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰিছে অভিযুক্ত স্বামীয়ে। মহানগৰীৰ উলুবাৰীত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড।পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে হত্যা কৰিলে পত্নীক । দেওবাৰে ঘাতক স্বামীয়ে লোৰ ৰডেৰে মৰিয়াই প্ৰাণ ল’লে পত্নীৰ । পৰৱৰ্তী সময়ত পল্টন বজাৰ আৰক্ষী থানাত আত্মসমৰ্পন কৰে অভিযুক্তই। অভিযুক্ত স্বামীৰ নাম ৰুবুল শৰ্মা আৰু পত্নীৰ নাম শ্ৰেয়া ভট্টাচাৰ্য বুলি জানিব পৰা গৈছে। দুয়োৰে আছে এটি দুবছৰীয়া কন্যা সন্তান। তথ্য অনুসৰি ৰুবুল শৰ্মা গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বাছচালক, আনহাতে শ্ৰেয়া আছিল আৰ্য মহাবিদ্যালয়ৰ চতুৰ্থ ষান্মাষিকৰ যাত্ৰী। যোৱা দুবছৰ ধৰি দুয়োয়ে ফেমিলী ক’ৰ্টৰ পথত থকা ১৮ নং বাসগৃহত ভাড়াতীয়া হিচাপে আছিল।ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ লগতে ফৰেনচিক দলেও ঘটনাস্থলীৰ পৰা যাৱতীয় তথ্যসমূহ সংগ্ৰহ কৰে। আনহাতে আৰক্ষীয়ে অভিযুক্তক আটক কৰি জেৰা অব্যাহত ৰাখিছে। ইতিমধ্যে আৰক্ষীৰ আগত অপৰাধ স্বীকাৰ কৰিছে অভিযুক্তই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ ভাষ্য় অনুসৰি ৰুবুলে ৰডেৰে মাৰিওৱাৰ ফলত শ্ৰেয়াই মূৰৰ সোঁফালে পোৱা আঘাতৰ বাবে মৃত্যু হয়। শ্ৰেয়াৰ পিতৃ-মাতৃ আৰু ভগ্নী একেটা ঘৰতে আছিল যদিও হত্যাকাণ্ড সন্দৰ্ভত তেওঁলোকে গমকে পোৱা নাছিল । শ্ৰেয়াৰ এগৰাকী আত্মীয়ই এই ঘটনা সন্দৰ্ভত কয় , “দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল আৰু ১৮ বছৰ সম্পূৰ্ণ নহওতে শ্ৰেয়াক বিয়া পাতিছিল । শ্ৰেয়াক আনুষ্ঠানিকভাৱে বিয়া পতা নাছিল । পৰিয়ালৰ লোকে আইনীভাৱে বিবাহপাশত আবদ্ধ হ’বলৈ কৈছিল যদিও ৰুবুল শৰ্মাই সেই কাম কৰা নাছিল । শ্ৰেয়াৰ লগত কেইদিনমান ভালে থাকে আৰু মাজে মাজে মাৰপিট কৰিছিল । বন্ধু-বান্ধৱীৰ লগতো যোগাযোগ কৰিব দিয়া নাছিল । ঘৰৰ পৰা বাহিৰলৈ যাব নিদিছিল । আৰ্থিকভাৱেও কোনো ধৰণৰ সহায় নকৰিছিল ৰুবুলে । পিতৃ-মাতৃয়ে শ্ৰেয়া আৰু শিশুটিক সহায় সহযোগ কৰিছিল। ” বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।