ফ্ৰান্সৰ ৰাষ্ট্ৰপতি বিমানত ভ্রমণ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি বিমানত ভ্রমণ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া কাৰ্যসূচীৰে ফ্ৰান্সত থকা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে ৰাষ্ট্ৰপতি বিমানত ৰাজধানী পেৰিছৰ পৰা মাছেইলীলৈ একেলগে যাত্ৰা কৰে। ৰাষ্ট্ৰপতি বিমানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণ দুয়োগৰাকী নেতাৰ প্ৰকৃত বন্ধুত্বৰ প্ৰতীক বুলি প্রকাশ কৰিছে ভাৰতৰ বৈদেশিক মন্ত্রালয়ে। পেৰিছৰ পৰা মাছেইলীলৈ ৰাষ্ট্ৰপতি বিমানত দুয়োগৰাকী নেতাই একেলগে ভ্ৰমণ কৰাৰ পিছত  মাছেইলীত দুয়োগৰাকী নেতাই ভাৰতৰ নতুন কনছুলেট মুকলি কৰে।

প্রবাসী ভাৰতীয়ৰ বিশাল উপস্থিতিত মাছেইলীত নতুন ভাৰতৰ কনছুলেট মুকলি কৰে দুয়োগৰাকী নেতাই। ভাৰত আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰীয় পতাকা লৈ এই মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰা নাগৰিকসকলে দুয়োখন দেশৰ বন্ধুত্বৰ অপূৰ্ব নিদর্শন দাঙি ধৰে। নতুন কনছুলেট মুকলি কৰাৰ পূর্বেই ৰাষ্ট্ৰপতি মেক্ৰন আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক মাজার্গড় যুদ্ধ স্মাৰক পৰিদৰ্শন কৰি প্ৰথম বিশ্বযুদ্ধৰ সময়ত প্রাণাহুতি দিয়া ভাৰতীয় সৈনিকক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যুদ্ধ স্মাৰকত ৰাষ্ট্ৰীয় পতাকা আৰু পুষ্পাঞ্জলি প্ৰদান কৰে। ইপিনে মাছেইলীত প্রবাসী ভাৰতীয়ক সম্বোধন কৰে দুয়োগৰাকী নেতাই।

 

ৰাষ্ট্ৰপতি মেক্ৰন আৰু প্রধানমন্ত্রী মোদীয়ে নতুন কনছুলেটত প্রবাসী ভাৰতীয়ক আদৰণি জনায় । এই অনুষ্ঠানত প্রবাসী ভাৰতীয়ৰ সৈতে প্রধানমন্ত্রী মোদীয়ে বার্তালাপ কৰে। উল্লেখ্য যে পেৰিছৰ গ্ৰেণ্ড পেলেচত আয়োজিত কৃত্রিম বুদ্ধিমত্তা শীর্ষ সন্মিলন সম্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। তাৎপর্যপূর্ণ যে মাছেইলীত সাহসিকতাৰে নিজৰ জীৱন ৰক্ষা কৰি বীৰ ছাভাৰকাৰকো স্মৰণ কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। নতুন কনছুলেটে ভাৰত আৰু ফ্ৰান্সৰ জনসাধাৰণৰ মাজত সম্পর্ক অধিক সবলীকৰণ কৰিব বুলি কয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে।