ৰাভা হাছঙৰ বাবে কংগ্ৰেছৰ নিৰ্বাচনী ৰণ কৌশলৰ প্ৰস্তুতি
ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক ৰাভা হাছঙৰ নিৰ্বাচনৰ তত্বাৱধান কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়ে ইতিমধ্যে প্ৰাক্তন মন্ত্ৰী প্ৰনয় ৰাভাক অধ্যক্ষ হিচাপে লৈ ‘ৰাভা হাছং অ’টনমাচ কাউন্সিল ক’অৰ্ডিনেছন কমিটি’ নামেৰে এখন কমিটি গঠন কৰি দিছে। উক্ত কমিটীৰে এখন জৰুৰী বৈঠক গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হৈ যায়। উক্ত বৈঠকতে সিদ্ধান্ত লোৱা হয় যে আগন্তুক ৰাভা হাছঙৰ নিৰ্বাচনত কংগ্ৰেছ দলে নিজ দলৰ দলীয় প্ৰতিক ব্যৱহাৰ কৰি ৰাভা হাছং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। ৰাভা হাছং পৰিষদৰ মুঠ ৩৬টা সমষ্টিতে কংগ্ৰেছ দলে প্ৰতিদ্বন্দিতা কৰিবলৈও সিদ্ধান্ত গ্ৰহণ কৰে। নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে ১৬ পৰা ২৮ ফেব্ৰুৱাৰী তাৰিখলৈকে ৰাভা হাছঙৰ ৩৬ টা সমষ্টিক ৮ভাগ কৰি তাত সভা-সমিটি অনুষ্ঠিত কৰাৰ বাবে সভাই সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰ সভাত বিভিন্ন অঞ্চলৰ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। সভাত প্ৰনয় ৰাভাৰ উপৰিও উপষ্ঠিত থকা কংগ্ৰেছৰ নেতৃবৰ্গ হ’ল বিধায়ক যাদব স্বৰ্গিয়াৰী, বিধায়ক এ-কে ৰছিদ আলম, কংগ্ৰেছৰ জেষ্ঠ্য নেতৃবৰ্গ ক্ৰমে বালীৰাম ৰাভা, ৰঞ্জন ৰাভা, খলিলুৰ ৰহমান, উমেশ ডেকাৰ লগতে গোৱালপাৰা জিলাৰ কংগ্ৰেছ দলৰ তত্বাৱধায়ক মেহ্ দী আলম বৰা।