ফাইলেৰিয়া বা গোধাৰোগ নিৰ্মূলৰ বাবে সমূহীয়া ঔষধ সেৱন অভিযান আৰু ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস ২০২৫ৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি ঢেকিয়াজুলিত আয়োজিত এক অনুষ্ঠানত ফাইলেৰিয়া বা গোধাৰোগ নিৰ্মূলৰ বাবে ৰাজহুৱা ঔষধ সেৱন অভিযান আৰু ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস ২০২৫ৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জগত প্ৰকাশ নাদ্দাই দেশৰ ১৩ খন ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীসকলৰ সৈতে এক ভিডিঅ কনফাৰেঞ্চৰ জৰিয়তে ৰাজহুৱা ঔষধ সেৱন অভিযানৰ ভাৰ্চুৱেল উদ্বোধন কৰে আৰু এই কাৰ্যসূচীত মন্ত্ৰী সিংহলে ঢেকিয়াজুলিৰ পিএম শ্ৰী ঢেকিয়াজুলি ছোৱালী উঃমাঃ বিদ্যালয়ৰ পৰাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী সিংহলে কয় যে এই অনুষ্ঠান কেৱল এক প্ৰতীকী অনুষ্ঠান নহয়; ই হৈছে এক কৰ্মসূচীৰ আহ্বান—আমাৰ শিশু আৰু সমাজৰ স্বাস্থ্য, সুস্থতা আৰু ভৱিষ্যত সুৰক্ষিত কৰাৰ এক সমূহীয়া প্ৰতিশ্ৰুতি। এই অভিযানৰ অধীনত সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যৰো প্ৰতিখন চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰসমূহত ১ৰ পৰা ১৯ বছৰ বয়সৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীকে বিনামূলীয়াকৈ পেলুনাশক টেবলেট প্ৰদান কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে বিদ্যালয়লৈ নোযোৱা বা বিদ্যালয় এৰি যোৱা শিশুসকলো পেলু নিৰ্মূলকৰণ কাৰ্যসূচীৰ অন্তৰ্ভুক্ত হ’ব। তেওঁ কয় যে সাধাৰণতে দূষিত মাটিৰ সংস্পৰ্শৰ ফলত পেলুৰ দ্বাৰা এজন ব্যক্তি সংক্রমিত হয়। সেয়েহে মুকলি ঠাইত শৌচ কৰাৰ অভ্যাস ত্যাগ কৰা, খাদ্য গ্রহণৰ পূৰ্বে আৰু শৌচালয় ব্যৱহাৰ কৰাৰ পাছত হাত দুখন চাবোনেৰে পৰিষ্কাৰকৈ ধোৱা, বিশুদ্ধ পানী সেৱন কৰা, খাদ্যবস্তু ঢাকি ৰখা, ঘৰৰ চৌপাশ পৰিষ্কাৰ কৰি ৰখা আদিৰ প্রতি গুৰুত্ব দি পেলুৰ সংক্রমণৰ পৰা শিশুক ৰক্ষা কৰিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়। তেওঁ লগতে কয় যে পেলু বা কৃমি সংক্ৰমণৰ ফলত শিশু এটিৰ বহুত ক্ষতিসাধন হয়। পেলু বা কৃমি সংক্রমণে শিশুৰ স্বাস্থ্য, পুষ্টিৰ ক্ষতিসাধন কৰে, ৰক্তহীনতা বা এনিমিয়া, পুষ্টিহীনতাৰ লগতে মানসিক আৰু শাৰীৰিক বিকাশত বাধাৰ সৃষ্টি কৰিব পাৰে। পেলু নিৰ্মূলকৰণ অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো ই শিশুটিক সুস্থ কৰি ৰখাৰ লগতে শক্তিবান কৰি ৰখাটো সহায় কৰে। যাৰ বাবে শিশুটিয়ে নিয়মীয়াকৈ বিদ্যালয়লৈ যোৱা আৰু পঢ়া-শুনাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হয়।আনহাতে ফাইলেৰিয়া বা গোধা ৰোগৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এই ৰোগ আমাৰ ৰাজ্যত এতিয়াও এক গুৰুত্বপূৰ্ণ ৰাজহুৱা স্বাস্থ্য প্ৰত্যাহ্বান হৈয়ে আছে। এই দুৰ্বল কৰা ৰোগটোৱে শাৰীৰিক কষ্টৰ লগতে সমাজত সামাজিক কলংক আৰু অৰ্থনৈতিক দুৰ্গতিও আনে। সম্প্ৰতি ৰাজ্যৰ তিনিচুকীয়া জিলাৰ হাপজান খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্র, বিশ্বনাথ জিলাৰ বিশ্বনাথ আৰু বিহালী খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰ, শোণিতপুৰ জিলাৰ ৰঙাপাৰা খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কিছুসংখ্যক লোকৰ শৰীৰত মাইক্ৰ’ফাইলেৰিয়া ৰোগৰ পেলু ধৰা পৰিছে আৰু কিছুসংখ্যক ফাইলেৰিয়া ৰোগীক চিনাক্ত কৰা হৈছে বুলি জানিবলৈ দি তেওঁ কয় যে এই জিলাকেইখনত আজিৰে পৰা ১৯ ফেব্ৰুৱাৰীলৈ দ্বিতীয় পর্যায়ৰ ‘সমূহীয়া ঔষধ সেৱন কাৰ্যসূচী’ হাতত লোৱা হৈছে। এই কার্যসূচীত আশা কর্মী, অংগনৱাড়ী কর্মী আৰু স্বাস্থ্য কর্মীসকলে ঘৰে ঘৰে গৈ ডাই-ইথাইল-কার্বামেজাইন আৰু এলবেন্ডাজল টেবলেট খুওৱাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে। এই সমূহীয়া ঔষধ সেৱন কাৰ্যসূচীত যোগদান কৰি ফাইলেৰিয়া ৰোগ নির্মূল অভিযানৰ অংশীদাৰ হ’বলৈ তেওঁ সংশ্লিষ্ট এলেকাসমূহৰ ৰাইজলৈ আহ্বান জনায়। এই অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অভিযান সঞ্চালক ডঃ লক্ষ্মণন এছ, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ উমেশ ফাংছ’, ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত দ্যুতিভা বৰাৰ লগতে বিদ্যালয়ৰ ছাত্ৰীসকল, আশা কৰ্মীসকল, বহুসংখ্যক বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।আনহাতে এই অনুষ্ঠানৰ পাছতে মন্ত্ৰী সিংহলে পিএম শ্ৰী ঢেকিয়াজুলি ছোৱালী উঃমাঃ বিদ্যালয়ত ‘পৰীক্ষা পে চৰ্চা’ অনুষ্ঠানত অংশগ্ৰহণ কৰি চাপৰ পৰা মুক্ত হৈ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ শিক্ষাৰ্থীসকললৈ আহ্বান জনায়। তেওঁ লগতে বিদ্যালয়খনত নৱম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীৰ বাবে চৰকাৰে আগবঢ়োৱা বাইচাইকেলসমূহো বিতৰণ কৰে।