পৰীক্ষা পে চৰ্চাৰ অষ্টমটো সংস্কৰণত অংশ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

পৰীক্ষা পে চৰ্চাৰ অষ্টমটো সংস্কৰণত অংশ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- ‘পৰীক্ষা পে চর্চা’ কার্যসূচীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শিক্ষার্থীসকলৰ সৈতে মত বিনিময় কৰে। অষ্টম ‘পৰীক্ষা পে চর্চা’ কাৰ্যসূচীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শিক্ষার্থীসকলক পৰামৰ্শ দিয়ে যে চাপৰ কথা ভবাৰ পৰিৱৰ্তে অধ্যয়নত অধিক মনোনিৱেশ কৰা উচিত। শিক্ষার্থীসকলে নিজৰ অধ্যয়নত গুৰুত্ব প্রদান কৰিলে কোনোধৰণৰ চাপৰ সন্মুখীন হ’বলগীয়া নহয় বুলিও প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে। লক্ষণীয়ভাৱে প্রধানমন্ত্ৰীগৰাকীয়ে শিক্ষার্থীসকলক কেনেদৰে তেওঁলোকৰ সময় অতিবাহিত কৰিব লাগে সেই সন্দৰ্ভতো বিভিন্ন পৰামৰ্শ দিয়ে। সমস্যা আৰু কষ্টকৰ পৰিস্থিতিৰ মাজত কেনেদৰে শিক্ষার্থী এজন চাপমুক্ত হ’ব পাৰে সেই কথাও পৰীক্ষা পে চর্চা কাৰ্যসূচীত উল্লেখ কৰে মোদীয়ে। ইফালে পিতৃ-মাতৃক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰামৰ্শ দিয়ে যে কোনো শিশুৰ সৈতে নিজৰ শিশুক তুলনা কৰা উচিত নহয়। শিক্ষার্থীসকলৰ অতুলনীয় প্রতিভাক আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰত শিক্ষকসকল আগ্রহী হ’ব লাগিব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দশম বা দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকলে পৰীক্ষাত অধিক নম্বৰ নাপালে তেওঁলোকৰ জীৱন অথলে যাব বুলি পৰিয়ালত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰা হয় বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এনে ভয়াৱহ পৰিস্থিতিৰ চিকাৰ হ’বলগীয়া হয় শিক্ষার্থীসকল। গতিকে ঘৰত এনে পৰিস্থিতিৰ সৃষ্টি নোহোৱা এক পৰিৱেশ প্রতি মুহূৰ্ততে থকাৰ ব্যৱস্থা কৰিব লাগিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শিক্ষার্থীসকলে নিজৰ সময় কেনেদৰে উত্তম পন্থাৰে ব্যৱহাৰ কৰিব পাৰে সেই সন্দৰ্ভত চিন্তা কৰা উচিত বুলি উল্লেখ কৰাৰ লগতে মোদীয়ে এই কথাও উল্লেখ কৰে যে পৰৱৰ্তী দিনটোত কি কৰিব বিচৰা হৈছে সেয়া কাগজত শিক্ষার্থীয়ে লিখি থ’ব লাগে।