গুণোৎসৱ আৰু কিছু ব্যক্তিগত অনুভৱ
ঋচীক কাশ্যপ শৰ্মা,কণিষ্ঠ অভিযন্তা
জলসিঞ্চন বিভাগ, গোলাঘাট
বিশেষ দিনটোলৈ সিহঁতৰ ৰৌদোজ্বল সপ্ৰতিভ মুখবোৰে বৰ আগ্ৰহেৰে বাট চাই থাকে । সিহঁত মানে মই ছাত্ৰ ছাত্ৰী সকলৰ কথা ক’লো। অৱশ্যে তাৰ মাজতেই কিছুসংখ্যক ব্যতিক্ৰম। যেতিয়া মাৰ্বল গুটি খেলিম বা মধ্যাহ্ন ভোজনৰ লোভ দেখুৱাই শিক্ষক শিক্ষয়িত্ৰী সকলে ছাত্ৰ-ছাত্ৰীক বিচাৰি আনিব লগা হয়, তেনে পৰিস্থিতি কিমান যন্ত্ৰণাদায়ক সেয়া শিক্ষক বা শিক্ষয়িত্ৰী গৰাকীয়েহে বুজি পায়।
গুণোৎসৱৰ সেই বিশেষ দিনটোত বহিঃ মূল্যায়ক এজন সোমাই অহাৰ পৰা আৰম্ভ কৰি বিদ্যায়তনিক দিশটো পৰিদৰ্শন কৰি মূল্যাঙ্কন কৰালৈকে বিদ্যালয় খনৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিয়েই তেওঁক সমীহ কৰি চলে। আটাইতকৈ বেছি সমীহ কৰে ছাত্ৰ ছাত্ৰী সকলে। চোকা বুলি গণ্য কৰা ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে যদি বহিঃ মূল্যায়কৰ সন্মুখত পঢ়িব নোৱাৰে বা অংক এটা কৰি দেখাব নোৱাৰে তাতে আকৌ বহিঃ মূল্যায়ক গৰাকীয়ে যদি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে মৌখিক পৰীক্ষা ল’বলৈ হয় তেতিয়া শিক্ষক শিক্ষয়িত্ৰী সকলৰ অৱস্থা গুছি কেনে দুৰৱস্থা হয় সেয়া সহজেই অনুমেয়।
মই ক’ ব বিচৰা কথাটো হ ল এজন বহিঃ মূল্যায়ক হিচাপে বিদ্যালয়খনক কি ধৰণে মূল্যাঙ্কনৰ কৰিলো, সেই দিশটোতকৈও মোৰ ওচৰত পঢ়িবলৈ আহি ভৰি কপা, বা কণমানিটেই ঘাটমাউৰা হোৱা, পেটৰ তাড়নাত তৃতীয় শ্ৰেণীৰ শিশুটোৱে বিদ্যালয় চুটিৰ পাছত কণমাণি ভনীয়েকক লগত লৈ বেপাৰত বঢ়া, মুৰত টিউমাৰ লৈ মৃত্যুৰ দুৱাৰদলিত বঢ়ি থকা মইনাজনীকে আদি কৰি নানান আৰ্তনাদ লুটুৰি পুটুৰি হৈ চৰকাৰী মাধ্যমৰ বিদ্যালয় সমূহকেই শেষ ভৰষাৰ থল বুলি গণ্য কৰা শিশুহঁতক যদি কিবা ৰসাল কৌশলেৰে বিষয়বস্তু তেওঁলোকৰ আয়ত্তত আনিবলৈ চেষ্টা কৰিব পাৰো আৰু সফলো হওঁ, সেই আনন্দ মোৰ বাবে বৰ্ণনাতীত। মোৰ বোধেৰে অজস্ৰ যন্ত্ৰণাৰে জৰ্যৰিত শিক্ষক সকলে বৰ আকুলতাৰে আগুৱাই নিয়া বিদ্যালয়কেইখনৰ পৰা কি পালোটোতকৈয়ো কি দি আহিলো সেয়া মোৰ বাবে বেছি গুৰুত্বপূৰ্ণ। মই পিছে গুণোৎসৱৰ অন্তৰ্ভুক্ত সকলো নিয়মাৱলী পালন কৰি শেষত কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ সৈতে কবিতা আবৃত্তি কৰা, নাটকৰ সংলাপ প্ৰক্ষেপণ, অঞ্চলভেদে ঝুমুৰ নৃত্য, বিহু গীত নাইবা প্ৰায়ভাগ লৰা ছোৱালীৰ মনৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰোঁ। কিয়নো মোৰ দৃঢ় বিশ্বাস ” বোকাত পদুম ফুলিব পাৰে”। আৰু সেই পদুমক প্ৰস্ফুটিত কৰাটো আমাৰ সকলোৰে কৰ্তব্য।
এনেকৈয়ে অজানিতে, অকস্মাতে পোৱা মৰম বা শ্ৰদ্ধাৰ টোমটোক আটোম টোকাৰিকৈ সাচি যাম বা সাচিঁলো। শেষত স্মৃতিৰ সমাহাৰৰ পৰা চৰকাৰী মাধ্যমৰ বিদ্যালয় সমূহৰ উত্তৰণৰ কামনাৰে জ্যোতি ককাইদেউৰ ভাষাৰে ক’ব বিচাৰো
“মানুহ ফুলিব লাগিব বিকশি
কৰিব লাগিব এই পৃথিৱীখনকে স্বৰ্গীয় সুৰভীময়,
এই পৃথিৱীলৈ আনিব লাগিব মহত্বৰ মহাজয়।”