মহাকুম্ভত পদপিষ্ট হৈ ২০গৰাকীকৈ ভক্তৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাস্থলীত পদপিষ্টৰ ঘটনা। মৌনি অমাৱস্যাৰ পবিত্ৰ ক্ষণত মহাকুম্ভত পদপিষ্ট হৈ বৰ্তমান সময়লৈকে প্ৰায় ২০জন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।ইয়াৰ বিপৰীতে এই ঘটনাত বহুসংখ্যক লোক আহত হৈছে ।আহতসকলক মহাকুম্ভ নগৰৰ কেন্দ্ৰীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । প্ৰশাসনে সাহাৰ্য আৰু উদ্ধাৰকাৰ্য দ্ৰুত কৰি তুলিছে । পুৱা প্ৰায় ২ বজাত সংগম সাগৰৰ পাৰত এই কৰুণ দুৰ্ঘটনাটো সংঘটিত হয়। অৱশ্যে এই ঘটনাৰ পিছতেই আজিৰ অমৃত স্নান কাৰ্যসূচী বাতিল কৰা হৈছে ৷শোকাবহ দুৰ্ঘটনাৰ পাছতেই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ভক্তসকলক কোনো উৰা বাতৰিৰ দ্বাৰা প্ৰভাৱিত নহ’বলৈ আহ্বান জনায়। লগতে ভক্তসকল যি গংগা ঘাটৰ ওচৰত আছে তাতে তেওঁলোকক স্নান কৰিবলৈ আহ্বান জনায়। ইয়াৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ঘটনাৰ সবিশেষ তথ্য জানিবলৈ মুখ্যমন্ত্ৰীৰ সৈতে কেইবাবাৰো ফোনযোগে কথা পাতিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু অত্যধিক ভিৰৰ সমস্যা সমাধানৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায় । জানিব পৰা অনুসৰি অমৃত স্নান আৰম্ভ হোৱাৰ পূৰ্বে মহাকুম্ভত বিপুল জনসমাগম হয়। যাৰ বাবে ভক্তসকলে খোজ কঢ়াত যথেষ্ঠ অসুবিধাৰ সন্মুখীন হয়। ইয়াৰ মাজতে গভীৰ নিশা প্ৰায় ২মান বজাত সংগমৰ ওচৰত এটা বেৰিকেড ভাঙি যায় যাৰ বাবে চাৰিওফালে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাৰ ফলত একাংশই উশাহ ল’বলৈ কষ্ট অনুভৱ কৰে আৰু ঠেলা-হেঁচা লাগে। পৰৱৰ্তী সময়ত পদপিষ্ট হৈ বহুলোকৰ মৃত্যু আৰু কেইবাজন আহত হয়।ঘটনাস্থলীৰ পৰা অৰ্ধশতাধিক এম্বুলেঞ্চৰ যোগেদি আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ লগতে সেনা আৰু NSG মোতায়েন কৰিছে।