মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহৱাৰ ৰাণাক ভাৰতক গতাই দিব আমেৰিকাই

মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহৱাৰ ৰাণাক ভাৰতক গতাই দিব আমেৰিকাই

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতলৈ অনা হ’ব ২৬/১১ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড তাহাবুৰ ৰাণাক৷ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে অভিযুক্ত তাহাউৰ ৰানাক ভাৰতলৈ প্ৰত্যৰ্পণত অনুমোদন জনাইছে। ৰাণাৰ হৈ দাখিল কৰা পুনৰীক্ষণ আৱেদন খাৰিজ কৰি এই ৰায় প্ৰদান কৰিছে। ২০০৮ চনত মুম্বাইত সন্ত্রাসবাদী আক্রমণত তাহাউৰ ৰানাও এজন ষড়যন্ত্রকাৰী হিচাপে চিহ্নিত হৈছে। ভাৰতীয় চোৰাংচোৱাই ইতিমধ্যে ৰানাক মুম্বাইৰ নৰমেধৰ অন্যতম ষড়যন্ত্রকাৰী বুলি অভিহিত কৰিছে। ইয়াৰ পিছৰে পৰা পাকিস্তানী বংশোদ্ভৱ কানাডাৰ ব্যৱসায়ী তাহাউৰ ৰানাক ভাৰতলৈ অনাৰ চেষ্টা চলাই আহিছে দেশৰ নিৰাপত্তা সংস্থাসমূহে। দীর্ঘ কেইবা বছৰ ধৰি ৰানাক ভাৰতলৈ অনাৰ বাবে চেষ্টা চলাই আহিছে চোৰাংচোৱা তথা নিৰাপত্তা সংস্থাসমূহৰ উপৰি দেশৰ চৰকাৰে। এইক্ষেত্ৰত আমেৰিকায়ো ৰানাক ভাৰতৰ হাতত প্রত্যর্পণৰ বাবে সেউজ সংকেত দি আহিছে। প্রথমতে আইনী প্রক্ৰিয়াৰ বাবে ৰানাক ভাৰতলৈ প্রত্যর্পণৰ ক্ষেত্ৰত বিলম্ব ঘটিছিল। প্রথমতে নিম্ন আদালত, তাৰ পিছত ৱাশিংটনৰ প্ৰাদেশিক আদালতত প্রত্যর্পণৰ বিৰুদ্ধে আবেদন জনায় ৰানাই। কিন্তু এই আদালতসমূহে সকাহ দিয়া নাই তাহাউৰ ৰানাক। ছান ফ্রান্সিছকোৰ আপীল আদালততো প্রত্যর্পণৰ পক্ষেই বিচাৰপতিয়ে ৰায়দান কৰিছিল। এইবাৰ আমেৰিকাৰ শীৰ্ষ আদালতেও ৰানাক ভাৰতৰ হাতত প্রত্যর্পণৰ বাবে অনুমতি দিছে। এয়া ভাৰতৰ বাবে বৃহৎ কূটনৈতিক জয় হিচাপে চিহ্নিত হৈছে। মুম্বাই আক্ৰমণৰ অন্যতম অভিযুক্ত ডেভিদ কোলমান হেডলীৰ সংগী ৰানাক জিম্মাত পোৱাৰ বাবে প্ৰায় ডেৰ দশক পূৰ্বে ৱাশিংটনৰ ওচৰত প্রতিবেদন জনাইছিল নতুন দিল্লীয়ে। কিন্তু তাত কোনোধৰণৰ ইতিবাচক সঁহাৰি পোৱা নাছিল ভাৰতে। বৰঞ্চ পৰৱৰ্তী সময়ত জামিনত মুক্তিলাভ কৰে ৰানাই। লক্ষণীয়ভাৱে ২০০৮ চনৰ ২৬ নৱেম্বৰত পাকিস্তানৰ পৰা অহা ১০ লস্কৰ-ই-তৈবা সন্ত্রাসবাদীৰ মুম্বাইত আক্ৰমণৰ পৰিকল্পনাত ৰানা প্রত্যক্ষভাবে জড়িত আছিল বুলি অভিযোগ কৰি আহিছে ভাৰতে। পৰৱৰ্তী সময়ত দ্বিপাক্ষিক বন্দী প্রত্যর্পণ চুক্তি অনুসৰি ৰানাক আমেৰিকাৰ পৰা ভাৰতলৈ ওভতাই অনাৰ চেষ্টা চলোৱা হৈছিল। ২০২০ চনৰ জুন মাহত মুম্বাইৰ কূটাঘাতৰ গোচৰত পুনৰ ৰানাক গ্ৰেপ্তাৰ কৰে আমেৰিকাৰ আৰক্ষীয়ে। কেলিফ’ৰ্নিয়াৰ এখন আদালতত ৰানাৰ তৰফৰ পৰা জামিনৰ আবেদন জনোৱা হৈছিল যদিও এয়া খাৰিজ হৈ গৈছিল। ফলত ৰানাৰ প্ৰত্যর্পণৰ পথ প্রশস্ত হৈ পৰে। ২০০৮ চনৰ নৱেম্বৰ মাহত এই সন্ত্রাসবাদীৰ আক্রমণত শতাধিক লোকৰ মৃত্যু হৈছিল মুম্বাইত। মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৬গৰাকী মার্কিন নাগৰিকো আছিল। লক্ষণীয়ভাবে ইতিমধ্যে এই আক্রমণৰ ঘটনাত ৰানা জড়িত বুলি ঘোষণা কৰাৰ উপৰি পাকিস্তানী বংশোদ্ভর কানাডিয়ান নাগৰিকগৰাকীক দোষীও সাব্যস্ত কৰিছে ভাৰতৰ আদালতে। বৰ্তমান আমেৰিকাৰ লছ এঞ্জেলছৰ এখন কাৰাগাৰত বন্দী হৈ আছে ৰানা। মার্কিন প্রশাসনে ৰানাক ভাৰতৰ হাতত তুলি দিবলৈ ৰাজী হৈছে। কিন্তু আইনী পথ গ্রহণ কৰি বাৰে বাৰে প্রত্যর্পণৰ পৰা সাৰি যোৱাৰ চেষ্টা চলাইছে মুম্বাই আক্ৰমণৰ অভিযুক্তই। শেহতীয়াকৈ মার্কিন শীর্ষ আদালতে ৰানাৰ শেষ সুযোগত প্ৰতিৰোধ লগাই দিয়াৰ লগে লগে মুম্বাই আক্ৰমণৰ অন্যতম ষড়যন্ত্রকাৰীক দেশখনৰ প্ৰশাসনে ভাৰতৰ হাতত প্রত্যর্পণ কৰাৰ পথ মুকলি হৈ পৰিছে।