নৃত্যাচাৰ্য যতীন গোস্বামীলৈ আগবঢ়োৱা হৈছে পদ্ম ভূষণ সন্মান
ৰঙিলী বাৰ্ত্তাসেৱা- গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সমাজৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে দেশৰ ৭ গৰাকী বিশিষ্ট ব্যক্তিক পদ্মবিভূষণ, ১৯গৰাকী বিশিষ্ট ব্যক্তিক পদ্মভূষণ আৰু ১১৩গৰাকী বিশিষ্ট ব্যক্তিক পদ্মশ্রী বঁটাৰে সন্মানিত কৰা হৈছে।দেশৰ মুঠ ১৯ গৰাকী বিশিষ্ট ব্যক্তিৰ ভিতৰত অসমৰ নৃত্যাচাৰ্য যতীন গোস্বামীক দেশৰ তৃতীয় অসামৰিক সন্মান পদ্ম ভূষণ সন্মানৰে সন্মানিত কৰা হৈছে। আনহাতে, পদ্মশ্রী বঁটাৰে সন্মানিত হৈছে ডিমাচা জনজাতিৰ লোক-সংগীতৰ অনবদ্য অৱদানৰ বাবে জয়নাচৰণ বাথাৰী, বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ অনিল কুমাৰ বড়ো, শিক্ষাবিদ গীতা উপাধ্যায়, শিল্পী ৰেৱকান্ত মহস্ত। চলিত বৰ্ষৰ পদ্ম বিভূষণ বঁটাৰে সন্মানিত হোৱাসকলৰ ভিতৰত আছে তেলেংগানাৰ দুভুৰ নাগেশ্বৰ ৰেড্ডী, চণ্ডীগড়ৰ জগদীশ সিং খেহৰ, গুজৰাটৰ কুমুদিনি ৰজনীকান্ত লাখিয়া, কৰ্ণাটকৰ লক্ষ্মীনাৰায়ণ সুব্রমণিয়ম, মৰণোত্তৰভাৱে কেৰালাৰ এম টি বাসুদেৱন নায়াৰ, মৰণোত্তৰভাৱে জাপানৰ উছামু ছুজুকি আৰু মৰণোত্তৰভাৱে বিহাৰৰ সাৰদা সিন্হা। পদ্মভূষণ বঁটাৰে সন্মানিত হোৱা অসমৰ নৃত্যাচাৰ্য যতীন গোস্বামীয়ে ইতিমধ্যে তেওঁৰ নৃত্যকলাৰ বাবে বহু বঁটা আৰু সন্মানেৰে বিভূষিত হৈছে। শাস্ত্রীয় নৃত্যসমূহৰ ভিতৰত অন্যতম সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে যতীন গোস্বামী বিশেষভাৱে প্রখ্যাত। সত্ৰীয়া একাডেমীৰ প্ৰতিষ্ঠাপক সঞ্চালক আৰু বৰ্তমান উপদেষ্টা মণ্ডলীৰ সদস্য তেওঁ। যতীন গোস্বামী সংগীত নাটক একাডেমীৰ সাধাৰণ পৰিষদৰ প্ৰাক্তন সদস্যও আছিল। সত্ৰীয়া নৃত্যলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ২০০৪ চনত সংগীত নাটক একাডেমী বঁটা, ২০০৮ চনত পদ্মশ্রী সম্মান, ২০১৯ চনত সংগীত নাটক একাডেমীয়ে সর্বোচ্চ সম্মান সংগীত নাটক একাডেমী ফেল ‘শ্বিপ প্রদান কৰে। গোলাঘাট জিলাৰ দেৰগাঁও দাধৰা আধাৰ সত্ৰত জন্মগ্ৰহণ কৰা যতীন গোস্বামীয়ে এতিয়ালৈ পাঁচখন গ্রন্থ ৰচনা কৰিছে। এই গ্রন্থসমূহ হ’ল- মাটিৰ আখৰা, নৃত্য পৰিভাষিক শব্দ আৰু সংখ্যা, ঝুমুৰা নাচ-নাদুভংগী, নৃত্য শিক্ষা, নৃত্যৰ প্ৰাথমিক হস্ত পৰিচয়, অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক হিচাপে খ্যাতি লাভ কৰা যতীন গোস্বামীয়ে পৰৱৰ্তী সময়ত নৃত্যাচার্য সন্মানেৰে বিভূষিত হৈ প্রসিদ্ধি লাভ কৰিছিল। আনহাতে, অসমৰ চাৰিগৰাকী শিক্ষাবিদ-সাহিত্যিক আৰু শিল্পীয়ে লাভ কৰিছে পদ্মশ্রী সম্মান। ডিমাচা জনজাতীয় লোক সংগীতত অনবদ্য অৱদানৰ বাবে জয়নাচৰণ বাথাৰীয়ে পদ্মশ্রী সম্মানেৰে সন্মানিত হৈছে। আনহাতে, বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ অনিল কুমাৰ বড়োও পদ্মশ্রী সন্মানেৰে সন্মানিত হৈছে। কলা-শিল্পত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে পদ্মশ্ৰীৰে সন্মানিত হৈছে ৰেৱকান্ত মহন্ত। তদুপৰি সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে পদ্মশ্রীৰে সন্মানিত হৈছে গীতা উপাধ্যায়। পদ্মভূষণ বঁটাৰে সন্মানিত হোৱাসকলৰ ভিতৰত আছে সাহিত্য, শিক্ষা, সাংবাদিকতাৰ বাবে কৰ্ণাটকৰ সূৰ্য প্রকাশ, কলাৰ বাবে কৰ্ণাটকৰ অনন্ত নাগ, মৰণোত্তৰভাবে দিল্লীৰ শিক্ষাবিদ বিবেক দেৱৰয়, অসমৰ যতীন গোস্বামী, কেৰালাৰ জ’ছে চাকো, পেৰিয়ামপুৰম, দিল্লীৰ কৈলাস নাগ দীক্ষিত, মৰণোত্তৰভাৱে মহাৰাষ্ট্ৰৰ মনোহৰ যোশী, তামিলনাডুৰ নাল্লি কুল্লুস্বামী শেট্টী, অন্ধ্রপ্রদেশৰ নন্দমুৰী বালাকৃষ্ণ, কেৰালাৰ পি আৰ শ্রীজেশ, গুজৰাটৰ পংকজ পেটেল, মৰণোত্তৰভাৱে মহাৰাষ্ট্ৰৰ পংকজ উধাচ, উত্তৰ প্ৰদেশৰ ৰাম বাহাদুৰ ৰায়, সাব্বি ৰীতাম্বৰা, তামিলনাডুৰ এছ অজিত কুমাৰ, মহাৰাষ্ট্ৰৰ শেখৰ কাপুৰ, তামিলনাডুৰ শ্বোবানা চন্দ্ৰ কুমাৰ, মৰণোত্তৰভাৱে বিহাৰৰ সুনীল কুমাৰ মোদী আৰু আমেৰিকাৰ বিনোদ ধাম।