ডিব্ৰুগড় ত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস: মন্ত্ৰী পিযুষ হাজৰিকাৰ অংশগ্ৰহণ 

ডিব্ৰুগড় ত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৭৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস: মন্ত্ৰী পিযুষ হাজৰিকাৰ অংশগ্ৰহণ 
এম্ হাছিম আলী ,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ বাবে যিমান কৰিছে, অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে কৰিব পৰা নাই। আৰু ভৱিষ্যতে কোনো মুখ্যমন্ত্ৰীয়ে কৰিব পাৰিব বুলি আশা নকৰোঁ।’ ডিব্ৰুগড় মানকটা চাহ বাগিচা খেলপথাৰত  দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম চাহ জনজাতি ছাত্র সন্থাৰ ৭৭ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই। আটছাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত ভাষণদান কৰি মন্ত্ৰী হাজৰিকাই চাহ জনগোষ্ঠীৰ বহুলোক এতিয়াও কষ্টত বসবাস কৰি থকাৰ কথা উল্লেখ কৰি কয়, অসমৰ আটাইতকৈ ডাঙৰ উদ্যোগটো হৈছে চাহ উদ্যোগ। দুশ বছৰীয়া উদ্যোগটোক চাহ জনগোষ্ঠীৰ লোক সকলককে ধৰি ৰাখিছে। দিল্লীত যেতিয়া ‘অসমৰ চাহ’ উজ্বলি উঠে তেতিয়া আমাৰ বুকুখন গৌৰৱেৰে উজলি উঠে। চাহ জনগোষ্ঠীসকলে কেৱল চাহপাত তুলি জীৱন নিৰ্বাস কৰিব নালাগে। এনেকুৱা পৰিৱেশৰ পৰা আমি মুক্ত হ’ব লাগিব। অৱশ্যে আমাৰ চাহ বাগিচাখন বা চাহ উদ্যোগটোক জীয়াই ৰাখিবই লাগিব। কিন্তু তাৰ মাজতো আমাৰ ল’ৰা-ছোৱালীক ডাক্তৰ-ইঞ্জিনীয়াৰ বনাব লাগিব। তাৰ কাৰণে অসম চাহ জনজাতি ছাত্র সন্থাই অহোপুৰুষাৰ্থ কৰিছে। আৰু জাতিটোৰ উন্নয়নৰ কাৰণে ব্ৰতী হৈ আছে। চাহ জনজাতি ছাত্ৰ সন্থাই ৰাজনৈতিক ক্ষেত্ৰখনত বৃহৎ মঞ্চ প্ৰদান কৰা বুলি ভাষণত উল্লেখ কৰি কয়,মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চাহ জনগোষ্ঠীৰ কাৰণে যিমান কৰিছে অসমৰ কোনো এজন মুখ্যমন্ত্ৰীয়ে কৰা নাই। বাগানৰ লাইনত মোবাইল ইউনিট, স্কুল নিৰ্মাণ কৰিছে। সেইবোৰ মই ওচৰৰ পৰা দেখিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনতে এতিয়ালৈকে চিকিৎসা শিক্ষাৰ বাবে ৩২ খন আসন চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।  প্ৰতিখন অভিযান্ত্ৰিক মহাবিদ্যালয়, বিশ্ববিদ্যালয়সমূহত চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ ২০ বছৰীয়া ৰাজনৈতিক জীৱনত চাহ জনগোষ্ঠীৰ বাবে যথেষ্ট কাম কৰিছে। ৰূপেশ গোৱালাৰ দৰে চাহ জনগোষ্ঠীৰ সন্তানক গৃহমন্ত্ৰী পাতিছে। অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে এনে কাম কৰা নাই। চাহ উদ্যোগটোক জীয়াই ৰাখিবলৈ হ’লে চাহ জনগোষ্ঠী লোকসকল সুস্থ, সৱল হ’ব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই আৰু কয়, বাগানৰ মানুহবোৰ দুৰ্বল হ’লে আমাৰ উদ্যোগটো আগুৱাই যাব নোৱাৰিব। চাহ জনগোষ্ঠীসকল আগুৱাই নগ’লে অসম আগুৱাই নাযাব। মাদক দ্ৰব্য বাগানৰ পৰা নাইকীয়া কৰিব লাগিব। তেতিয়াহে জাতিটো উজ্জীৱিত হৈ অসমৰ মানচিত্ৰত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ’ব। ভাষণ প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰিকাই কয়, বৃহত্তৰ অসমীয়া জাতি গঠন তথা অসমৰ অৰ্থনীতি নিয়ন্ত্ৰণত চাহ জনগোষ্ঠীটোৰ অপৰিসীম অৱদান আছে। বিগত ২০০ বছৰ ধৰি ৰাজ্যৰ চাহ উদ্যোগটো এইসকল লোকৰ ত্যাগ, পৰিশ্ৰমৰ বলতেই বৰ্তি আছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চাহ জনগোষ্ঠীটোৰ লোকসকলৰ উন্নয়নৰ বাবে শিক্ষা, স্বাস্থ্য, নিযুক্তি আদিকে ধৰি বিভিন্ন দিশত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এইসকল লোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ সংকল্পৰে কাম কৰি অহা আটছাই এই ৭৭ বছৰীয়া সোণোৱালী যাত্ৰাত ৰাজ্যৰ প্ৰতিটো ৰাজহুৱা বিষয়তো গুৰুত্বপূৰ্ণ স্থিতি গ্ৰহণ কৰি আহিছে। আগন্তুক দিনতো এই সংগঠনটোক ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত তীক্ষ্ণ নজৰ ৰাখি কাম কৰি যাবলৈ আহ্বান জনাইছে মন্ত্ৰী হাজৰিকাই। অসম চাহ জনজাতি ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অসম চাহ জনজাতি মহিলা সমিতি, আটছা ডিব্ৰুগড় জিলা সমিতি আৰু ডিব্ৰুগড় শাখা সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসত অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই উপস্থিত থাকি চাহ জনগোষ্ঠীসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ বুলি উল্লেখ কৰি জাতিটোৰ যেতিয়াই বিপদ আহে তেতিয়াই চাহ জনগোষ্ঠীৰ লোকসকল ওলাই আহে বুলি মন্তব্য কৰে। ইফালে এই সভাতে চাহ জনগোষ্ঠীৰ বিশিষ্ট শিল্পী সত্যনাথ হেম্বৰম আৰু বিশিষ্ট সাহিত্যিক সুশীলা ৰাজবংশীক চাইমন সিং হ’ৰ-সন্তোষ কুমাৰ তপ্ন বঁটা প্ৰদান কৰা হয়। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে প্ৰৱেশদ্বাৰৰ দুৱাৰ মুকলি কৰাৰ পাছতে আটছাৰ প্ৰাক্তন নেতাসকলৰ দ্বাৰা ৭৭ খন আটছাৰ পতাকা উত্তোলন কৰা হয়।  পাছত এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ লগতে চাহ জনগোষ্ঠীৰ ১০৮ টা উপ-জাতিৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা এই শোভাযাত্ৰাই শোভাবৰ্ধন কৰি তোলে। বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহে ৰজনজনাই তুলিছে ডিব্ৰুগড় চহৰৰ ৰাজপথ। আজিৰ এই কাৰ্যসূচীত সাংসদ কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী অতুল বৰা, বিমল বৰা, ৰূপেশ গোৱালা, বিধায়ক সঞ্জয় কিষাণ, শ্ৰী বিনোদ হাজৰিকা, পোনাকণ বৰুৱা, তেৰশ গোৱালা, তৰংগ গগৈ, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰাতুল শৰ্মা, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ, আটছাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জগদীশ বৰাইক, প্ৰাক্তন বিধায়ক দূৰ্গা ভূমিজ, ৰাজু চাহু, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰ, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ আদিকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।