জটিল ৰোগত আক্ৰান্ত ৰোগীৰ বাবে দান সাহায্য সংগ্ৰহ বীৰ লাচিত সেনাৰ
মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- বিগত কিছু মাহৰপৰা দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ পাৰাকুছি গাওঁৰ ২৪ বছৰ বয়সৰ মেধাৱী ছাত্ৰী ভৈৰৱী দাস জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে মুম্বাইৰ এখন চিকিৎসালয়ত ৷ ভৈৰৱী দাসৰ অস্ত্ৰোপচাৰৰ বাবে বহুখিনি অৰ্থৰ প্ৰয়োজন ৷ ভৈৰৱী দাসৰ ঘৰৰ আৰ্থিক অৱস্থা অতি সাধাৰণ হোৱাৰ বাবে চিকিৎসাৰ ক্ষেত্ৰত অভাৱ হৈছে টকাৰ ৷ যাৰ পৰিপেক্ষিত্বত আজি দক্ষিণ কামৰূপ বীৰ লাচিত সেনাৰ আঞ্চলিক সমিতিৰ মুখ্য সচিব প্ৰণৱ কুমাৰ দাসৰ নেতৃত্বত লগতে লাচিত সেনাৰ সৈনিক সকলে মেধাৱী ছাত্ৰী গৰাকীৰ চিকিৎসাৰ সহায়ৰ অৰ্থে হাতত দানপাত্ৰ লৈ দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত সহায় সাহায্য বিচাৰি আগুৱাই আহে ৷ উল্লেখযোগ্য দক্ষিণ কামৰূপ বীৰ লাচিত সেনাৰ আঞ্চলিক সমিতিৰ মুখ্য সচিব প্ৰনৱ দাসে কয় যে যদি মেধাৱী ছাত্ৰী ভৈৰৱী দাসৰ চিকিৎসাৰ বাবে ৰক্তদান কৰিবলগীয়া হয় তেতিয়া হ’লে মুম্বাইত গৈ ৰক্তদান কৰাৰ লগতে অন্যান্য সহায়ৰ বাবে বীৰ লাচিত সেনাৰ সৈনিক সকল তৎপৰ হৈ থাকিব ৷ লগতে অনুৰোধ থাকিল যদি কোনোবা সুহৃদ ব্যক্তিয়ে ভৈৰৱী দাসৰ চিকিৎসাৰ বাবে সাহায্য দান কৰিব বিচাৰে তেতিয়া তলত দিয়া বেংক একাউণ্টত সাহায্য আগবঢ়াব পাৰে ৷
একাউণ্টৰ নাম – ভৈৰৱী দাস, বলেন চন্দ্ৰ দাস
একাউণ্ট নম্বৰ – 36055499940,43636203545
ifsc code – sbin0005242
বেংকৰ নাম – ষ্টেট বেংক অফ ইণ্ডিয়া, শাখা ( মিৰ্জা )