তবলা বাদক প্ৰয়াত ওস্তাদ জাকিৰ হুছেইনলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি অৰ্পণ – নাছিৰ আহমেদ

তবলা বাদক প্ৰয়াত ওস্তাদ জাকিৰ হুছেইনলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি অৰ্পণ
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
বিশ্ব কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাষাত —
” চিহ্ন সেথা পৰে আছে
   হেথা তুমি নাই।”
বিশ্ব বৰেণ্য ওস্তাদ জাকিৰ হুছেইনে পৰিৱেশন কৰা তবলাৰ ৰিমঝিম ৰিমঝিম বৰষুণৰ  অবিৰত ঝংকাৰে এতিয়াও সকলো বিশ্ববাসীৰ কৰ্ণকুহৰত অমৃত ঢালি আছে ; অথচ তেওঁ আমাক সকলোকে কন্দুৱাই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ছান ফ্ৰান্সিস্ক’ৰ এখন হাস্পতালত ফুচ ফুচ আৰু হৃদযন্ত্ৰৰ ব্যাধিত আক্ৰান্ত হৈ দুসপ্তাহ ধৰি “আই চি উ”ত চিকিৎসাধীন হৈ থাকি  ২০২৪ চনৰ ডিচেম্বৰ মাহৰ ১৫ তাৰিখে ( দেওবাৰ) ৭৩ বছৰ বয়সত ইহ সংসাৰ ত্যাগ কৰে।
ওস্তাদ জাকিৰ হুছেইনে ১৯৫১ চনত ৯ মাৰ্চত মুম্বাইত জন্ম গ্ৰহণ কৰিছিল। তেওঁ মাহিম ছেন্ট হাইস্কুলত পঢ়াশুনা কৰি মোম্বাইৰ ছেন্ট জেভিয়াৰ শিক্ষানুষ্ঠানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।  ভাৰতীয় সংগীত জগতত তবলা বাদ্যযন্ত্ৰৰ সহযোগত সঙ্গীতৰ সুৰৰ লহৰ সৃষ্টি কৰি ওস্তাদ জাকিৰ হুছেইনৰ পিতৃ আল্লা ৰাখা খানে এটি নব্য ধাৰাৰ সৃষ্টি কৰিছিল। উপযুক্ত পিতৃৰ তত্বাৱধানত ওস্তাদ জাকিৰ হুছেইনে তিনি বছৰ বয়সত মৃদং( শাস্ত্ৰীয় সংগীতৰ বাদ্যযন্ত্ৰ) বজাবলৈ শিকে। ১২ বছৰ বয়সতে তেওঁ কনচাৰ্টত যোগ দি একানপতীয়া সাধনাৰ বলত তবলা বাদক হিচাপে সৰ্বকালৰ সৰ্বোচ্চ ৰেকৰ্ড স্থাপন কৰিবলৈ সক্ষম হয়। তেওঁক ভাৰত চৰকাৰে ১৯৮৮ চনত পদ্মশ্ৰী, ২০০২ চনত পদ্মভূষণ আৰু ২০২৩ চনত পদ্মবিভূষণ উপাধিৰে সন্মানিত হৈছে। তাৰ উপৰিও ১৯৯০ চনত ভাৰত চৰকাৰৰ সংগীত-নাটক একাডেমী পুৰস্কাৰ, সংগীত-নাটক একাডেমী ফেলোশ্বিপ আৰু ২০১৮ চনত ৰত্ন সদস্য পদক লাভ কৰে।১৯৯৯ চনত ওস্তাদ জাকিৰ হুছেইনে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দ্বাৰা “National Endowment for the Art’s National Haritage Fellowship” লাভ কৰে। তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ কৃতিত্ব হ’ল , সমকালীন বিশ্ব সংগীত এলবাম বিভাগৰ কেটেগৰীত তেওঁৰ সহযোগী এলবাম ” Global Drum Project” য’ত জড়িত আছিল মহাদেশীয় যুক্তৰাষ্ট্ৰৰ    Mickey Hart,  Puerto Rico( Giovanni Hidalgo and Frank Colon), India( Jakir Hossain and TH “Vikku”Vinayakram) , Nigeria( Sikiru Adopeju and Babatunde Olatunji), Brazil ( Airto Moreira and his wife Vocalist Flora Purim) এই এলবামটি ২০০৭ চনত  মুক্তি লাভ কৰে আৰু ২০০৯ চনৰ ৮ ফেব্ৰুৱাৰীত ওস্তাদ জাকিৰ হুছেইনে সঙ্গীত জগতৰ আটাইতকৈ সন্মানীয় গ্ৰেমী এৱাৰ্ডৰ বাবে (Grammy awards)  সাত বাৰ মনোনীত হৈ ৫১তম গ্ৰেমী এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ২০২৪ চনত আৰু তিনিটা গ্ৰেমী এৱাৰ্ড লাভ কৰি বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছিল।
ওস্তাদ জাকিৰ হুছেইন কেৱল তবলা বাদক হিচাপে সৰ্বকালৰ শ্ৰেষ্ঠ ৰেকৰ্ড স্থাপন কৰা নাই, তেওঁ একাধাৰে আছিল অৰ্কেষ্ট্ৰাৰ বিশেষ বাদ্যযন্ত্ৰ পাৰ্কাছনৰ অতি সুদক্ষ  পাৰ্কাছনিষ্ট,গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, বোলছবিৰ প্ৰযোজক আৰু দক্ষ অভিনেতা।  আমাৰ দেশ ভাৰতবৰ্ষত ওঠৰ শতিকাৰ পৰা তবলা বাদ্যযন্ত্ৰৰ সহযোগত ৰাজসভাত নৰ্ত্তকী সকলে গীত আৰু নৃত্য পৰিৱেশন কৰাৰ এটি প্ৰাচীন পৰম্পৰা আছিল।ওস্তাদ জাকিৰ হুছেইনৰ পিতৃ ওস্তাদ আল্লা ৰাখা খানৰ একক তথা  ওস্তাদ জাকিৰ হুছেইনৰ  সৈতে সন্মিলিত  প্ৰচেষ্টাৰে দুয়ো গৰাকী নমস্য তবলা বাদকে তবলা বাদ্যযন্ত্ৰক ভাৰতীয় হিন্দুস্তানী সংগীত ঘৰানা আৰু আধুনিক সংগীতক সমৃদ্ধিশালী সংগীতৰ ধাৰালৈ ধাৰাবাহিক ভাৱে প্ৰৱাহিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
ওস্তাদ জাকিৰ হুছেইনৰ মৃত্যুৰ বাতৰিয়ে ভাৰত তথা বিশ্বজুৰি সংগীত প্ৰেমিক সকলক শোক স্তব্ধ কৰি তুলিছে। সকলোৱে তেওঁৰ মৃত্যুত মৌন‌ হৈ  শোক পালন কৰাৰ উপৰিও শোক বাৰ্তা পৰিৱেশন কৰি শোক-সন্তপ্ত পৰিয়াললৈ তথা লাখ লাখ তেওঁৰ ভক্ত আৰু অনুৰাগীসকলক সমবেদনা জ্ঞাপন কৰিছে। বিশ্ব-বিশ্ৰুত তবলা বাদক ওস্তাদ জাকিৰ হুছেইনৰ শূন্য স্থান পূৰণ হ’বলৈ বহুদিনলৈ অপেক্ষা কৰিব লাগিব।
তেওঁৰ মৃত্যুৰ বাতৰি পাই শোকত বিহ্বল হৈ জ্যোতিৰাদিত্য সিন্ধিয়াই টুইড যোগে মন্তব্য আগবঢ়ায় যে, ” জাকিৰ হুছেইন ডাঙৰীয়াৰ তবলাৰ বোল সৰ্বজনীন।ভাষা, সীমা, সংস্কৃতি আৰু প্ৰজন্মক অতিক্ৰম কৰি আৱাজ তোলে। তেওঁৰ তবলা বোলৰ ছন্দ, সুৰ , ঝংকাৰ আৰু কম্পনে সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে।চিৰকাল আমাৰ প্ৰত্যেকৰে হৃদয়ত ই স্থায়ীভাৱে ৰৈ থাকিব ;  প্ৰতিধ্বনিত হ’ব। বাহ তাজ! তেওঁৰ পৰিয়ালবৰ্গ, প্ৰিয়জন, ভক্তগণ আৰু অনুগামী সকলক আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি!
তবলা বাদকৰ কিংবদন্তি-স্বৰূপ ওস্তাদ জাকিৰ হুছেইনৰ অকাল  বিয়োগত তেখেতৰ প্ৰতি একাঁজলি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ।