মন কথা
শুনি – দেখি – বুজি
জ্যোতি খাটনিয়াৰ
নজনা কথা জনাৰ উৎস অনেক । নাইবা পুৰণি কথাবোৰ নতুন ধৰণেৰে চোৱাৰ চেষ্টাও বহুত। আনে কথা পতা শুনি বা আনুষ্ঠানিক কথা, বিশেষকৈ বক্তৃতা শুনি বহু কথা শিকিব পাৰি। আধুনিক সময়ত জ্ঞান আৰু চিন্তাৰ প্ৰগতিত বক্তৃতাৰ বিশেষ ভূমিকা আছে। একেদৰে চিত্ৰ প্ৰদৰ্শনীৰো ভূমিকা আধুনিক চিন্তাৰ গতি প্ৰবাহক নতুন মোৰ দিয়াৰ ক্ষেত্ৰত বেছ শক্তিশালী বুলি ক’ব লাগিব। কেইবাটাও উদাহৰণ এইখিনিতে পঢ়ুৱৈ সমাজলৈ আগবঢ়াই দিব পাৰি। যেনে ফ্ৰান্সৰ চিন্তাবিদ, দাৰ্শনিক আৰু অৰ্থনীতিৰ প্ৰবক্তা আলেকজেণ্ডাৰ কোজেভ (Alexander Kojeve: ১৯০২-১৯৬৮) এ পেৰিছত প্ৰদান কৰা দাৰ্শনিক হেগেলৰ চিন্তা সম্পৰ্কীয় বক্তৃতা। সৌ সিদিনা ছোভিয়েট সংঘৰ পতনৰ পাছত এখন কিতাপ বৰ চৰ্চালৈ আহিছিল। অসমীয়া ভাষাটো এই কিতাপৰ বিভিন্ন আলোচনা আৰু ইয়াৰ উদ্ধৃতি সময়ে সময়ে প্ৰকাশিত হৈ আহিছে। কিতাপখন হ’ল ফ্ৰান্সিছ ফুকুয়ামাৰ The End of History and the Last Man (১৯৯২)। ইয়াত ফুকুয়ামাই কৈছে যে শীতল যুদ্ধ আৰু ছোভিয়েট সংঘ পতনৰ পাছত পশ্চিমীয়া গণতন্ত্ৰৰ জয় হৈছে আৰু মানৱ জাতিৰ আদৰ্শগত বিৱৰ্তনে অন্তিম পৰ্যায়ত উপনীত হৈছে। মানুহে নিজকে শাসন কৰিবলৈ যি পদ্ধতি বাচি উলিয়াইছে, তাৰ ভিতৰত পশ্চিমীয়া গণতন্ত্ৰৰ গ্ৰহণযোগ্যতাই সৰ্বাধিক বুলি প্ৰমাণিত হৈছে। উল্লেখ্য যে কেইবাজনো আগশাৰীৰ চিন্তাবিদে ফুকিয়ামাই একো নতুন কথা কোৱা নাই বুলি কবলৈ গৈ কৈছে যে তেওঁ আচলতে আলেকজেণ্ডাৰ কোজেভৰ মতকে পুনৰাই ডাঙি ধৰিছে। কোজেভে হেগেলৰ বিখ্যাত প্ৰভু ভৃত্যৰ দ্বান্দ্বিক সম্পৰ্ক ( master-slave dialectic) ক এক নতুন ধৰণেৰে ত্ৰিশৰ দশকৰ পেৰিছৰ এই বক্তৃতা লানিত ব্যাখ্যা কৰিছিল। উল্লেখ্য যে কোজেভৰ এই বক্তৃতাত উপস্থিত আছিল জেক লাকাঁ, লুই এলথুজাৰ, ইমানুৱেল লেভিনাছ, জৰ্জ বেতেঁ, মৰিছ মেৰলো পঁতি, এন্দ্ৰি ব্ৰেটন আদিৰ দৰে পৃথিৱীৰ অতি আগশাৰীৰ চিন্তাবিদ। তেওঁলোকৰ চিন্তাধাৰাক প্ৰভাৱিত কৰি কোজেভৰ এই বক্তৃতাই পৃথিৱীৰ সকলো আগশাৰীৰ চিন্তাবিদক অলপ নহয় অলপ ধৰণেৰে চুইছে। এই বক্তৃতাত মূল কথাটো আছিল দাৰ্শনিক জৰ্জ উইলিয়াম ফ্ৰেডেৰিক হেগেলৰ The Phenomenology of Spirit নামৰ গ্ৰন্থখনৰ সন্নিবিষ্ট ধাৰণাৰ এক নতুন ধৰণৰ ব্যাখ্যা। কোৱা হয় যে কোজেভে হেগেলৰ চিন্তাৰ এটা নৃতাত্বিক তাঙৰণ প্ৰস্তুত কৰিছিল। এই ক্ষেত্ৰত তেওঁ কাৰ্ল মাৰ্ক্স আৰু হেইডেগাৰৰ চিন্তাৰ সহায় লৈছিল। হেগেলে মানুহৰ চিন্তা আৰু সচেতনতাক চিন্তাৰ বিভিন্ন ধৰণ আৰু অভিজ্ঞতাৰ মাজেৰে ব্যাখ্যা কৰিব খুজিছে। তেওঁ চিন্তাৰ সচেতনতাক একেবাৰে তলৰ পৰ্যায়ৰ পৰা একেবাৰে ওপৰৰ পৰ্য্যায়লৈকে ( যাক তেওঁ absolute knowledge বুলি কৈছে) চাব খুজিছে। মনত ৰখা প্ৰয়োজনীয় যে এই সচেতনতা এজন ব্যক্তি বিশেষৰ মনৰ সচেতনতা নহয়। এয়া মানুহৰ সংস্কৃতিৰ এক সামূহিক ৰূপ। ই বিভিন্ন দাৰ্শনিক পদ্ধতিকো সাঙুৰি লৈছে। হেগেলে নিজৰ চিন্তাৰ ব্যাখ্যা আৰু উদাহৰণ ৰূপে ফৰাচী বিপ্লৱৰ দৰে ঘটনা, ছোফোক্লিছৰ এন্তিগণিৰ দৰে নাটকৰ সহায় লৈছে। প্ৰতিটো পৰ্য্যায়তে সচেতনতাই জগতখন আৰু নিজকে এক বিশেষ ধৰণেৰে চোৱাৰ চেষ্টা কৰিছে। কিন্তু শেষত দেখা গৈছে যে এই চেষ্টা অসম্পূৰ্ণ। ফলত নতুন ধাৰণাৰ সৃষ্টি হৈছে। আংশিক জ্ঞানৰ পৰা পৰম জ্ঞানলৈ মানুহৰ এই যাত্ৰাক খ্ৰীষ্টিয়ান সকলৰ ধৰ্মীয় বিশ্বাসৰ সৈতে ৰিজোৱা হৈছে। খ্ৰীষ্টিয় বিশ্বাসত আত্মাই যন্ত্ৰণাৰ মাজেৰে আগবাঢ়ি নিজকে সুৰক্ষিত কৰিব পাৰে আৰু পুনৰ্জন্মও লাভ কৰিব পাৰে। প্ৰশ্ন হয় এয়া কেতিয়া সম্ভৱ হ’ব ? উত্তৰটো হ’ল যেতিয়া আত্মাই নিজৰ স্বৰূপ সম্পৰ্কীয় জ্ঞানত উপনীত হ’ব। সন্দেহৰ বা হতাশাৰ বাটেৰে আগবাঢ়ি আত্মা যাত্ৰাৰ শেষ বিন্দুত উপনীত হ’ব। প্ৰতিটো সময়ত বা যাত্ৰাৰ প্ৰতিটো মূহুৰ্তত আত্মাই সচেতনতাৰ অসম্পূৰ্ণ ৰূপবোৰ ভেদ কৰি যায়। আলেকজেণ্ডাৰ কোজেভে হেগেলৰ এই চিন্তাক এক বিশেষ ৰাজনৈতিক ব্যাখ্যা দিবলৈ চেষ্টা কৰিলে। তেওঁ কলে যে প্ৰভু আৰু ভৃত্যৰ সম্পৰ্ক সদায়ে অস্থিৰ। কাৰণ প্ৰভু সদায় তেওঁৰ বাবে কাম কৰা ভৃত্যৰ ওপৰত নিৰ্ভৰ। আকৌ ভৃত্যজন সমান নহয়। কাৰণ তেওঁ এজন ব্যক্তিক প্ৰভু বুলি মানিবলৈ সদায় বাধ্য। প্ৰভুৱে সদায়ে ভৃত্যত পৰা স্বীকৃতিৰ মূল্যখিনি কাঢ়ি লয়। ইপিনে ভৃত্যই প্ৰভুক ইচ্ছাকৃত আৰু মুক্ত মনেৰে স্বীকাৰ নকৰে। ভৃত্যই স্বীকাৰ কৰে কেৱল তেওঁ থাকিবলৈ বাধ্য হোৱা দ্বিতীয় পৰ্যায়ৰ স্থানটোৰ বাবেহে ( secondary position) । সফল স্বীকৃতিৰ বাবে এই বৈষম্যপূৰ্ণ সম্পৰ্কৰ যৱনিকা পৰিব লাগিব। কোজেভে মাৰ্ক্সৰ মত অনুসৰণ কৰি অতি স্পষ্টকৈ কলে যে ইতিহাসৰ প্ৰগ্ৰতিৰ আঁৰত থকা মূল মানু্হেই হল ভৃত্যসকল। এই ভৃত্যৰ ধাৰণাটো অলপ বেলেগ ধৰণৰ। শিল্প আৰু ধৰ্মই দিয়া কাল্পনিক সন্তুষ্টিৰ দ্বাৰা ভৃত্য সকলক আৱদ্ধ কৰি ৰাখিব নোৱাৰি। কোজেভে স্পষ্ট কৰি দিলে যে যিবোৰ ৰাষ্ট্ৰত ভৃত্য বা দাস থাকিব ( বা শ্ৰেণী থাকিব) , সেইবোৰত সামাজিক সমতা প্ৰতিষ্ঠাৰ বাবে ৰক্তক্ষয়ী যুদ্ধ চলিয়ে থাকিব। কোজেভৰ ধাৰণাত যোৱা ডেৰ শ বছৰৰ সকলো বিপ্লৱ আৰু সংগ্ৰামে সম্পূৰ্ণ বুলি গণ্য কৰা চৰ্ত সমূহক আমাৰ সন্মুখত ডাঙি ধৰিছে। ইয়াৰ অৰ্থ হল এয়ে যে আমি যিবোৰ নীতি বা আদৰ্শক মহৎ বুলি ভাবো, সেইবোৰত উপনীত হোৱাৰ বাবে আমাৰ সমাজখন প্ৰস্তুত হৈছে। আমাৰ এই আত্মসচেতনতা দাৰ্শনিক জাঁ পল ছাৰ্ত্ৰে আৰু মনোবিজ্ঞানী জেক লাকাঁই অন্য ধৰণেৰে ব্যাখ্যা কৰিছে। দুয়োজনৰ ব্যাখ্যাই আলেকজেণ্ডাৰ কোজেভৰ বক্তৃতা লানি(১৯৩৩-৩৯)ৰ ওচৰত গভীৰভাৱে ঋণী।
যদি আলেকজেণ্ডাৰ কোজেভৰ বক্তৃতাই পৃথিৱীৰ বিভিন্ন চিন্তাশীল লোকক স্পৰ্শ কৰিছে, তেনেহলে জাঁ পল ছাৰ্ত্ৰেৰ Existentialism and Humanism নামৰ ১৯৪৫ ৰ ২৯ অক্টোবৰত পেৰিছত প্ৰদান কৰা বক্তৃতাই অস্তিত্ববাদী দৰ্শনৰ কেন্দ্ৰীয় ধাৰণাক জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰি তুলিলে। পৰৱৰ্তী সময়ত কিতাপৰ আকাৰত প্ৰকাশ পোৱা মাত্ৰ সত্তৰ পৃষ্ঠাৰ এই বক্তৃতাত ছাৰ্ত্ৰেই স্পষ্ট কৰি দিলে যে নিজৰ আচৰণৰ কাৰণে মানুহে সম্পূৰ্ণৰূপে দায়িত্ব লবই লাগিব। ছাৰ্ত্ৰেৰ এই দায়িত্বৰ ধাৰণাৰ পৰিসৰ অতি বিশাল। ইয়াৰ লগত গভীৰ যন্ত্ৰণা ( anguish) ৰ দৰে আবেগ জড়িত হৈ আছে। ছাৰ্ত্ৰেৰ দৃষ্টিত মানুহে যেতিয়া বুজি উঠে যে তেওঁলোক অকল নিজৰ বাবেই দায়বদ্ধ নহয়, তেওঁলোকৰ দায়বদ্ধতাই সমগ্ৰ মানৱ জাতিক সামৰি লয়। তেতিয়া মানসিক অৱস্থা বেলেগ হৈ পৰে। ইয়াৰ লগত আকৌ গভীৰ হতাশাও সম্পৰ্কিত। এই প্ৰসঙ্গত জুলিঅ’ টৰেছৰ Hours of Anguish (১৯০৪) নামৰ এখন ছবিৰ উদাহৰণ দিয়া হয়। স্বাধীনতাৰ প্ৰসংগত ব্যক্তিৰ কেনেকুৱা ধাৰণা, তাৰ সৈতে এই গভীৰ হতাশা সাঙোৰ খাই আছে। ছাৰ্ত্ৰেৰ বক্তৃতাত কোৱা হৈছে যে মই নিজকে যি ধৰণেৰে গঢ় দিও, মই তেনেদৰেই মানুহক গঢ় দিও ( In fashioning myself, I fashion man. ) ইয়াৰ অৰ্থ হল যিকোনো ব্যক্তিৰ কাম কাজে সমগ্ৰ মানৱ জাতিক প্ৰভাৱিত কৰিব পাৰে আৰু তাক গঢ় দিব পাৰে। ছাৰ্ত্ৰেৰ অবিস্মৰণীয় উক্তি Existence precedes essence —- অস্তিত্বৰ পূৰ্বেই সাৰবস্তু —–আধুনিক চিন্তাৰ এক গুৰুত্বপূৰ্ণ অংগ। ইয়াৰ সাধাৰণ অৰ্থ এয়ে যে কোনো আগতীয়া ধাৰণাৰ দ্বাৰা মানুহ বা ব্যক্তিত্ব গঢ়ি নুঠে; মানুহে নিজৰ দ্বাৰাহে কিদৰে বিভিন্ন বিষয়ৰ সৈতে জড়িত হৈ পৰিব , সেয়া নিৰ্ভৰ কৰে। পৃথিৱীখনেই মোৰ স্বাধীনতাৰ দাপোন । ছাৰ্ত্ৰেৰ এই কথাৰ অৰ্থ হল যে পৃথিৱীৰ কথা বতৰা বোৰে মোক কাম কাজ কৰিবলৈ, সহাঁৰি জনাবলৈ বাধ্য কৰে। ছাৰ্ত্ৰেয়ে ১৯৪৫ চনৰ এই বক্তৃতাত উল্লেখ কৰা ধাৰণাটো আজি মানৱ চিন্তাৰ এক বিশেষ দিশ : ” man first of all exists, encounters himself, surges up in the word — and defines himself afterwards. “
কোজেভ আৰু ছাৰ্ত্ৰেৰ বক্তৃতাই যদি দৰ্শন আৰু ৰাজনীতিৰ জগতত গভীৰ প্ৰভাৱ পেলাইছে, তেনেহলে মহান বিজ্ঞানী মাইকেল ফেৰাডে আৰু জাৰ্মান গণিতজ্ঞ বাৰ্ণাৰ্ড ৰীমানে দিয়া দুটা বক্তৃতাই প্ৰকৃতিৰ স্বৰূপ সম্পৰ্কে বুজাৰ আমাৰ দুটা প্ৰধান সজুঁলি বা ধাৰণাৰ যোগান ধৰিছে। মাইকেল ফেৰাডেই লণ্ডনৰ ৰয়েল ইনষ্টিটিউছনত দিয়া বক্তৃতাই ( ১৮৪৬) জন্ম দিয়া ক্ষেত্ৰ ( field) ৰ ধাৰণা মানৱ চিন্তাৰ এক বিশেষ দিশ। গণিতত বিশেষ পাৰদৰ্শিতা নথকা বাবে ফেৰাডেই এই ক্ষেত্ৰৰ ধাৰণাটোক পৰিপূৰ্ণভাৱে বিকশিত কৰিব পৰা নাছিল। পৰৱৰ্তী সময়ত বিজ্ঞানী মেক্সৱেলে ইয়াৰ বাবে প্ৰয়োজনীয় সমীকৰণ তৈয়াৰ কৰি লয়। এই ক্ষেত্ৰৰ ধাৰণাক আধুনিক চিন্তাৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি ধৰা হয়। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ তাত্বিক পদাৰ্থবিজ্ঞানৰ অধ্যাপক ডেভিদ টঙে ফেৰাডেই বক্তৃতা দিয়া একেখন মঞ্চতে The Real Building Blocks of the Universe শীৰ্ষক বক্তৃতাত ফেৰাডেৰ Lines of Four —- বল ৰেখাৰ ধাৰণাটোৱে জগতৰ স্বৰূপ বুজাত আমাক কিদৰে সহায় কৰে, তাৰ বিষয়ে বিতংকৈ দেখুৱাইছে। ১৯২০ ৰ দশকত হাইজেনবাৰ্গ আৰু শ্ৰোডিনজাৰে কোৱান্টাম ধাৰণাৰ বিকাশৰ যোগেদি এক নতুন অধ্যয়নৰ পাতনি মেলে। কোৱান্টাম হল খণ্ডিত ৰূপৰ সৈতে সংলগ্ন ধাৰণা ( discreet)। শক্তি এনে খণ্ডিত ৰূপ। আনহাতে মাইকেল ফেৰাডেৰ ক্ষেত্ৰৰ ধাৰণাটো অবিচ্ছিন্ন ( continuous)। এই দুটা ধাৰণাৰ মাজত সংযোগ স্থাপনৰ প্ৰয়াসৰ পৰাই কোৱান্টাম ক্ষেত্ৰ তত্ত্বৰ জন্ম। আনহাতে ৰীমানৰ বক্তৃতাত আপাততঃ এই ধাৰণাৰ সৈতে সংলগ্ন নথকা এটা বিষয় জড়িত হৈ আছে। সেইটো হ’ল ইউক্লিডৰ জ্যামিতিৰ পঞ্চমটো স্বীকাৰ্য্য মানি নল’লে জ্যামিতিৰ কেনেকুৱা এখন জগতৰ বিষয়ে জানিব পৰা যাব। ইউক্লিডৰ পঞ্চম স্বীকাৰ্য্যই কয় যে সমতল এখনত এডাল প্ৰদত্ত ৰেখাৰ ওপৰত নথকা বিন্দু এটাৰ মাজেৰে সেই ৰেখা ডালৰ সাপেক্ষে সমান্তৰালভাৱে মাত্ৰ এডালহে সৰল ৰেখা অংকন কৰিব পাৰি। ইউক্লিডৰ জ্যামিতিৰ এই স্বীকাৰ্য্যটো লৈ বহুতো গণিতজ্ঞৰ সন্দেহ আছিল। ৰীমানে গণিতৰ ৰাজকোঁৱৰ খ্যাত ফ্ৰেডেৰিখ গাউছৰ আমন্ত্ৰণ ক্ৰমে ১৮৫৪ চনৰ ১০ জুনত গটিনজেনত এটা বক্তৃতা প্ৰদান কৰে। এই বক্তৃতাত তেওঁ জ্যামিতিৰ এখন নতুন জগতৰ পাতনি মেলে। স্থানৰ বক্ৰতাৰ ধাৰণাৰ সৈতে এই জ্যামিতি বিশেষভাৱে জড়িত। উল্লেখ্য যে, এই আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ আলোচনাত ৰীমানৰ জ্যামিতিৰ ভূমিকা প্ৰধান।
একেদৰে কথা কোৱা আৰু শুনাৰ পৰা জ্ঞানৰ যদি বিশেষ প্ৰগতি হৈছে, তেনেহলে চিত্ৰ প্ৰদৰ্শনী ( painting exhibition) য়ে আধুনিক চিন্তাক গভীৰভাৱে প্ৰভাৱিত কৰিছে। যেনে, লণ্ডনৰ গ্ৰেফটন গেলাৰিজত ৰজাৰ ফ্ৰাইয়ে নেতৃত্ব দিয়া ৮ নৱেম্বৰ ১০১০- ১১ জানুৱাৰী ১৯১১ আৰু ৫ অক্টোবৰ – ৩১ ডিচেম্বৰ ১৯১২ সময়চোৱাৰ শিল্প প্ৰদৰ্শনী দুখন। এই প্ৰদৰ্শনীত পল চেজান, পল গ’গাঁ, মাটিছ আৰু ভেন গঘৰ ছবি প্ৰদৰ্শিত হৈছিল। এইবোৰে দৰ্শকৰ মনত এনে প্ৰভাৱ পেলাইছিল যে পৰৱৰ্তী সময়ত বিখ্যাত ঔপন্যাসিক ভাৰ্জিনিয়া ৱুলফে ১৯১০ চনৰ ডিচেম্বৰ মাহৰ আশে পাশে মানৱ প্ৰকৃতি চিৰদিনৰ বাবে সলনি হ’ল বুলি মন্তব্য কৰিছিল। ভাৰ্জিনিয়া ৱুলফৰ এই উক্তিটোৰ দৰাচলতে সকলো বিখ্যাত বক্তৃতা আৰু প্ৰভাৱশীল চিত্ৰ প্ৰদৰ্শনীৰ সৈতে জড়িত কৰিব পাৰি। আলেকজেণ্ডাৰ কোজেভ, জাঁ পল ছাৰ্ত্ৰে মাইকেল ফেৰাডে, ৰীমানৰ বক্তৃতা বা ৰজাৰ ফ্ৰাইয়ে আয়োজন কৰা চিত্ৰ প্ৰদৰ্শনী— এই সকলোবোৰে উদ্ৰেক কৰা চিন্তা আৰু পৰিবেশে মানুহক কিদৰে অহৰহ চুই আছে, সেয়া ভাবিলেই গভীৰ শিহৰণ জাগে। ফেৰাডেৰ কেইটামান চুটি চুটি বক্তৃতাই কিদৰে আজিৰ মোবাইল ফোনলৈকে আৱিষ্কাৰৰ বাট খুলি দিলে, সেয়া বৈজ্ঞানিক চিন্তাৰ অপাৰ শক্তিৰ একো একোটা পৰিচয়। বিজ্ঞান আৰু শিল্পৰ বিকাশ আৰু কল্পনাৰ বিস্তাৰত দেখা, শুনা আৰু বুজাৰ বহল ভূমিকা আছে।