ভাৰতৰ বিৰুদ্ধে ৩-০ত এদিনীয়া শৃংখলা দখল অষ্ট্ৰেলিয়াৰ

ভাৰতৰ বিৰুদ্ধে ৩-০ত এদিনীয়া শৃংখলা দখল অষ্ট্ৰেলিয়াৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ঘৰুৱা দল অষ্ট্ৰেলিয়াৰে খেলা এদিনীয়া মেচৰ শৃংখলাটোৰ তৃতীয় তথা অন্তিমখন মেচতো হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো পৰাস্ত হয়। পার্থত অনুষ্ঠিত তৃতীয় মেচখনত কেংগাৰু বাহিনীয়ে ৮৩ ৰানত জয়লাভ কৰি শৃংখলাটো ৩-০ত দখল কৰে। মেচখনত অষ্ট্ৰেলিয়াই জয়ৰ বাবে বান্ধি দিয়া ২৯৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ স্মৃতি মান্ধানাৰ দর্শনীয় শতক সত্ত্বেও ভাৰতে ৪৫.১ অভাৰত ২১৫ ৰান কৰি ইনিংছ সামৰে। স্মৃতি মান্ধানাৰ বাহিৰে দলটোৰ কোনো এগৰাকী বেটাৰে ক্ৰিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে। স্মৃতি মান্ধানাই ১০৫ ৰান কৰাৰ বিপৰীতে হার্লিন দেউলে ৩৯ ৰানৰ অৱদান আগবঢ়ায়। দলটোৰ মাত্র ৪গৰাকী বেটাৰে দহকৰ ঘৰ স্পৰ্শ কৰে। ভাৰতীয় দলটোৰ বেটিং বিপর্যয়ৰ মূলতে হ’ল এছলে গার্ডনাৰৰ বিধ্বংসী বলিং। এছলে গার্ডনাৰে ৫টা উইকেট দখল কৰে। ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি প্ৰাৰম্ভিক বিপর্যয় সত্ত্বেও আনাবেল ছাদাৰলেণ্ডৰ দর্শনীয় ১১০, অধিনায়িকা টাহলিয়া মেকগ্রাথৰ অপৰাজিত ৫৬ আৰু গার্ডনাৰৰ ৫০ ৰানৰ সহায়ত অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ৫০ অভাৰত ৬টা উইকেট হেৰুৱাই ২৯৮ ৰান কৰে। দলীয় স্ক’ৰ ৭৮ ৰানতে চাৰিটাকৈ উইকেট হেৰুৱাই দলটোৱে বিপদত পৰিছিল যদিও ছাদাৰলেণ্ড আৰু গার্ডনাৰে পঞ্চম উইকেটত ৯৬ ৰান সংগ্ৰহ কৰি দলটোক সবল স্থিতিত উপনীত কৰায়। ইফালে, ছাদাৰলেণ্ডে মেকগ্রাথৰ সৈতে ষষ্ঠ উইকেটত ১২৪ ৰান সংগ্ৰহ কৰি অষ্ট্ৰেলিয়াক শক্তিশালী স্থিতিত উপনীত কৰায়। ভাৰতীয় দলটোৰ হৈ অৰুন্ধতী ৰেড্ডীয়ে চাৰিটা উইকেট লাভ কৰে।