লক্ষীপুৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত ভৱন উদ্বোধন

লক্ষীপুৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত ভৱন উদ্বোধন

ৰঙিলী বাৰ্ত্তাসেৱা- ন্যায়িক ক্ষেত্রত নতুন ইতিহাস ৰচনা কৰি প্ৰায় ৩ কোটি ৭৮ লাখ টকা ব্যয়সাপেক্ষে নৱনির্মিত লক্ষীপুৰ মহকুমা ন্যায়িক দণ্ডাধীশ (ম)ৰ আদালত ভৱনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণইৰ সৈতে শুভ উদ্বোধন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।  এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ন্যায়িক ভৱনটোৰ উদ্বোধনে ইতিমধ্যে সম-জিলাৰ স্বীকৃতি লাভ কৰা লক্ষীপুৰৰ লগতে কাছাৰ জিলা তথা সামগ্রিকভাৱে বৰাক উপত্যকাৰ ন্যায়িক ব্যৱস্থাটোক অধিক গতিশীল কৰি জনসাধাৰণৰ আশা- আকাংক্ষা পূৰণত ইতিবাচক প্রভাৱ পেলাব। স্বাধীনতাৰ পূৰ্বে বৰাক উপত্যকাৰ কেন্দ্ৰস্থল কাছাৰ জিলাৰ ন্যায়িক কাম-কাজ ছিলেট সত্ৰ আদালতৰ অধীনস্থ আছিল আৰু এই আদালতৰ এটা চার্কিট ক’ৰ্ট শিলচৰত আছিল। স্বাধীনতাৰ পাছত অবিভক্ত কাছাৰ জিলা যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশৰ অধীনলৈ আহে। জিলাখনৰ আইনী ক্ষেত্ৰখনত এক সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰি ১৯৫৫ চনত কাছাৰ জিলাৰ বাবে এক সুকীয়া আৰু স্বতন্ত্র ন্যায়াধীশৰ পদ সৃষ্টি কৰা হৈছিল। ৰাজ্যৰ ন্যায়িক ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কাৰ্যকালত একাধিক পদক্ষেপ গ্রহণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই পদক্ষেপসমূহৰ ফলত যোৱা বছৰকেইটাত ৰাজ্যখনত ন্যায়পালিকাৰ আন্তঃগাঁথনিয়ে নতুন অগ্রগতি লাভ কৰিছে। তেওঁ কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰ গঠন হোৱাৰ পিছত বৰপেটা আৰু শিৱসাগৰ জিলাত নতুন জিলা ন্যায়িক আদালত ভৱন মুকলি কৰা হৈছে। গোলাঘাট জিলাৰ অন্তৰ্গত বোকাখাত মহকুমা ন্যায়িক দপ্তধীশ আদালত ভৱনৰো উদ্বোধন কৰা হৈছে। এই আদালতসমূহ আধুনিক সা-সুবিধাৰে গঢ়ি তোলা হৈছে। ধুবুৰী, গোৱালপাৰা, তিনিচুকীয়া, গহপুৰত ক’ৰ্ট কমপ্লেক্স আৰু আৱাস নিৰ্মাণৰ কামো দ্রুতগতিত চলি আছে। গোৱালপাৰা আৰু দৰং জিলাত নিৰ্মাণ কৰা ক’ট কমপ্লেক্সৰ কাম প্রায় সম্পূর্ণ হোৱাৰ পথত আৰু শীঘে কাৰ্বি আংলঙৰ ডিফুত নিৰ্মাণ কৰা ক’ৰ্ট কমপ্লেক্সৰ উদ্বোধন কৰা হ’ব। ৰাজ্যত নতুনকৈ গঠন কৰা দক্ষিণ শালমাৰা-মানকাচৰ, বজালী, বিশ্বনাথ, মাজুলী আৰু পশ্চিম কাৰ্বি আংলং জিলাত জিলা ন্যায়পালিকা স্থাপন কৰা হৈছে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ইজ অৱ জাষ্টিচৰ সপোন বাস্তৱত পৰিণত কৰিবলৈ ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰয়াস চলাই আহিছে। প্রধানমন্ত্রী মোদীয়ে উত্থাপন কৰা এই মহৎ আদর্শক বাস্তৱায়িত কৰাৰ স্বাৰ্থত ন্যায়পালিকাক সাধাৰণ জনতাৰ ওচৰ চপাই আনিবলৈ ৰাজ্য চৰকাৰে কেইবাটাও পদক্ষেপ হাতত লৈছে। শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰিবলৈ আৰু বাল্যবিবাহৰ গোচৰৰ খৰতকীয়া নিষ্পত্তিৰ বাবে ১৭খন জিলাত পকছো ক’র্ট স্থাপন কৰা হৈছে আৰু নগাঁও জিলাত দুখনকৈ এনে আদালত স্থাপন কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যৰ আৰ্থিক বিকাশৰ লগে লগে বাণিজ্যিক বিবাদৰ সংখ্যা বৃদ্ধি পাইছে বুলি মন্তব্য কৰি তেওঁ কয় যে ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীত সুকীয়া বাণিজ্যিক আদালতৰো পৰিকল্পনা কৰা হৈছে। একেদৰে বিশেষ এন ডি পি এছ আদালতৰো পৰিকল্পনা কৰা হৈছে। ৰাজ্যত এটা বিচাৰ সঞ্চালকালয় গঠনৰ বাবেও প্রয়াস কৰা হৈছে আৰু এই সঞ্চালকালয়ে সামগ্রিকভাৱে বিচাৰৰ সৈতে জড়িত সকলো প্রশাসনিক কাম-কাজৰ নিয়ন্ত্রণ কর্তৃপক্ষ হিচাপে কাম কৰিব। সঞ্চালকালয়টোৱে বিচাৰৰ উপ-সঞ্চালক, লোক অধিবক্তা, অতিৰিক্ত লোক অধিবক্তা আৰু সহকাৰী লোক অধিবক্তাৰ কাম-কাজ তদাৰক কৰিব আৰু এইক্ষেত্ৰত ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। মুখ্যমন্ত্রী ড° শৰ্মাই সদৰী কৰা মতে, আদালতত বিচাৰাধীন গোচৰৰ সংখ্যা হাস কৰাৰ লগতে কাৰাবন্দীৰ সংখ্যা হাস কৰা উদ্দেশ্যে বৰ্তমানৰ ৰাজ্য চৰকাৰে চি আৰ পি চি, ১৯৭৩ৰ ধাৰা ৩২১ৰ অধীনত সৰু-সুৰা গোচৰসমূহ প্ৰত্যাহাৰৰ পদক্ষেপ ৰূপায়ণ কৰিছে আৰু এই পদক্ষেপৰ অধীনত চলিত বৰ্ষৰ মাৰ্চ মাহ পর্যন্ত প্রায় ৮১ হাজাৰ সৰু-সুৰা গোচৰ প্ৰত্যাহাৰ কৰা হৈছে। সাক্ষীসকলৰ বাবে নিৰাপদ পৰিৱেশৰ ব্যৱস্থা কৰিবলৈ নিৰাপদ জবানবন্দী কেন্দ্ৰ নিৰ্মাণ কৰি কেইবাটাও কেন্দ্র ইতিমধ্যে কার্যক্ষম কৰিছে। তেওঁ লগতে কয় যে ই- ফাইলিং ব্যৱস্থা আৰু ভার্চুৱেল শুনানিৰ প্ৰৱৰ্তনৰ যোগেদি আদালতৰ প্ৰক্ৰিয়াসমূহক কাগজবিহীন ব্যৱস্থালৈ পৰিৱৰ্তন কৰাৰ ব্যৱস্থা কৰা হৈছে। দুর্দশাগ্রস্ত মহিলাসকলক সুলভ আইনী তথ্য আৰু জৰুৰীকালীন সাহায্য প্ৰদানৰ বাবে ই-সেৱা কেন্দ্ৰ আৰু বৰষা নামৰ ম’বাইল এপ মুকলি কৰা হৈছে। প্রধানমন্ত্রী মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বলিষ্ঠ পদক্ষেপত দেশত বিটিছৰ সময়ৰে পৰা বলৱৎ হৈ অহা আইনৰ পৰিৱৰ্তে ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম বলবৎ কৰি দেশত এক যুগান্তকাৰী পৰিৱৰ্তন হ’ল বুলি মন্তব্য কৰি তেওঁ কয় যে এই নতুন সংহিতাৰ অধীনত প্রযুক্তি আধাৰিত বিচাৰ প্ৰক্ৰিয়াই ন্যায় লাভৰ প্ৰক্ৰিয়া অধিক সুচল কৰি গোচৰৰ অত্যধিক বোজাৰ পৰা ন্যায় ব্যৱস্থাটোক যথেষ্ট পৰিমাণে মুক্ত কৰাৰ বাট প্রশস্ত কৰিছে। ন্যায় প্রদান ক্ষিপ্ৰ কৰাৰ লক্ষ্যৰে আৰু অপৰাধী তথা ভুক্তভোগী পুনর্বাসনৰ সংস্কাৰক অগ্ৰাধিকাৰ দি নতুন আইনসমূহে অধিক ন্যায়সংগত আৰু সমতাপূর্ণ সমাজ গঢ়াৰ পথ প্রশস্ত কৰিছে। ন্যায় সংহিতাই নতুন শাস্তি, তদন্ত আৰু বিচাৰ পদ্ধতিৰ সংস্কাৰ, অপ্রয়োজনীয় বিধানসমূহ আঁতৰোৱা আৰু আদালতৰ কাৰ্যবিধিত ডিজিটেল প্রযুক্তিৰ ওপৰত বর্ধিত নিৰ্ভৰশীলতাকে ধৰি অপৰাধমূলক ন্যায় ব্যৱস্থাৰ পৰিৱৰ্তনত গুৰুত্ব আৰোপ কৰি আইন ব্যৱস্থাক নতুন শিখৰলৈ লৈ যোৱাৰ দিশত নতুন সম্ভৱনা কঢ়িয়াই আনিছে। ভাৰতীয় সাক্ষ্য অধিনিয়মত বৈজ্ঞানিক পদ্ধতিৰে প্ৰমাণ সংগ্ৰহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে আৰু ইয়াৰ ফলত আহি বলগীয়া দিনােৰত তদন্ত প্রক্রিয়াত ফৰেনছিক বিশেষজ্ঞৰ ভূমিকা যথেষ্ট বৃদ্ধি পাব। এইক্ষেত্ৰত সহায়ক হোৱাকৈ ইতিমধ্যে ৰাজ্যত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদৰ নিৰ্মাণ কাম আৰম্ভ হৈছে আৰু এই ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ কেম্পাছে তদন্তকাৰী বিষয়াসকলক উন্নত প্ৰশিক্ষণৰ সুযোগ প্রদান কৰিব আৰু  অপৰাধৰ তদন্ত প্রক্রিয়া অধিক বিজ্ঞানসন্মত কৰি তুলিব বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে নতুন ফৌজদাৰী আইন সম্পৰ্কে আৰক্ষীৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ উপৰি তথ্য-প্ৰযুক্তিৰ উপযুক্ত ব্যৱহাৰত বিশেষ গুৰত্ব দিয়া হৈছে। নতুন আইন অনুসৰি আদালতে নির্দিষ্ট সময়ৰ ভিতৰত গোচৰ নিষ্পত্তি কৰিব লাগিব আৰু এই সংহিতাৰ অধীনত ন্যায়পালিকা আৰু কাৰ্যপালিকা উভয়ৰে বহুতো কার্যবিধি এতিয়া সময়সাপেক্ষ কৰা হৈছে। মুখ্যমন্ত্রীয়ে লগতে কয় যে পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে যাতে খাপ খুৱাই আমাৰ ন্যায় ব্যৱস্থাটো আগবাঢ়ি যাব পাৰে তাৰ বাবে ন্যায় ব্যৱস্থাক প্রয়োজনীয় পুঁজি বিনিয়োগেৰে সবল আন্তঃগাঁথনি গঢ়ি তোলাটো সময়ৰ আহ্বান। এই বছৰৰ জুলাই মাহৰ পৰা কাৰ্যকৰী হোৱা এই নতুন ফৌজদাৰী আইনৰ ৰূপায়ণ ৰাজ্যত অধিক ফলপ্রসূ কৰাৰ বাবে ইতিমধ্যে সকলো লোক অধিবক্তা, অতিৰিক্ত লোক অধিবক্তা আৰু সহকাৰী লোক অধিবক্তাক কর্মযোগী নামৰ কেন্দ্ৰীয় চৰকাৰৰ সংহত প্রশিক্ষণ প’ৰ্টেলত পঞ্জীয়নৰ ব্যৱস্থা কৰা হৈছে বুলিও মুখ্যমন্ত্রী ড° শর্মাই মন্তব্য কৰে। তেওঁ সময় নির্ধাৰিতভাৱে জনসাধাৰণে সেৱা লাভ কৰাটো সুনিশ্চিত কৰাৰ বাবেও আহ্বান জনায়। মুখ্যমন্ত্রী ড° শর্মাই কয় যে পকছো গোচৰ নিষ্পত্তি খৰতকীয়াকৈ কৰাৰ বাবে সমাজখনলৈ এক শুভবার্তা গৈছে। এটা অপৰাধ সংঘটিত হ’লে বুজাবুজি হ’ব নালাগে। অপৰাধীয়ে নিশ্চিতভারে শাস্তি লাভ কৰিব লাগিব। মহিলা আৰু শিশুৰ ক্ষেত্ৰত অপৰাধ সংঘটিত কৰা অপৰাধীক ৰেহাই দিয়াতো উচিত নহয়। আজিৰ এই অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষই, ন্যায়াধীশ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভৱন আৰু আন্তঃগাঁথনি নির্মাণ সমিতিৰ অধ্যক্ষ সুমন শ্যাম, ন্যায়াধীশ তথা কাছাৰ জিলা ন্যায়ালয়ৰ প’ৰ্টফলিঅ’ ন্যায়াধীশ কল্যাণ ৰায় সুৰাণা, বিধায়কসকল ক্রমে কৌশিক ৰায়, দীপায়ন চক্ৰৱৰ্তী, কমলাক্ষ দে’ পুৰকায়স্থ, বিজয় মালাকাৰ, কৃষ্ণেন্দু পাল, নিহাৰৰঞ্জন দাস, মহাপঞ্জীয়ক সুনীল কুমাৰ পোদ্দাৰ, প্ৰশাসনিক পঞ্জীয়ক নয়ন শংকৰ বৰুৱা, কাছাৰ জিলাৰ জিলা আৰু ছেছন ন্যায়াধীশ বিপ্ৰজিৎ ৰায়, প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডধীশ সুকন্যা হাজৰিকা, কাছাৰ জিলা বাৰ এচ’ছিয়েচনৰ সভাপতি দুলাল চন্দ্র মিত্র, ৰাজ্য চৰকাৰৰ আইন বিভাগৰ সচিব আদিত্য হাজৰিকা, কাছাৰ জিলাৰ জিলা আযুক্ত মৃদুল কুমাৰ যাদৱ প্রমুখ্যে ন্যায়াধীশ, অধিবক্তা, উচ্চ পদস্থ বিষয়াবৰ্গ আৰু গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।