অসম সাহিত্য তথা সংবাদ জগতৰ বাবে এক দুঃখবৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ সংবাদজগতৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, নিবন্ধকাৰ, ঔপন্যাসিক বুলন কুমাৰ শইকীয়া আৰু নাই ৷ আজি পুৱা নাহৰকটীয়াৰ নিজা বাসগৃহত মাত্ৰ ৪৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বুলন কুমাৰ শইকীয়াই।জ্যেষ্ঠ সাংবাদিকগৰাকীৰ মৃত্যুত শোকস্তদ্ধ হৈ পৰিছে সংবাদ জগতখনৰ লগতে ডিব্ৰুগড়বাসী। দীৰ্ঘদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল শইকীয়া। কেইবাখনো জনপ্ৰিয় গ্ৰন্থৰ স্ৰষ্টা আছিল বুলন কুমাৰ শইকীয়া। সাংবাদিকতাৰ লগতে নিৰৱিচ্ছিন্নভাৱে চলাই গৈছিল সাহিত্যৰ চৰ্চা।উল্লেখযোগ্য যে, ৯০ দশকত সংবাদ ক্ষেত্ৰখনত ভৰি দিয়া বুলন কুমাৰ শইকীয়াৰ লেখনিয়ে সততেই ৰাইজৰ মন-মগজুক আচোঁৰ মাৰি গৈছিল। তেখেতে ৰাজ্যৰ কেবাখনো বাতৰি কাকতত সংবাদ সেৱা আগবঢ়াইছিল। ২০০৮ চনত অসমৰ ব্যক্তিগত খণ্ডৰ এটি টেলিভিশ্বন চেনেলত যোগদান কৰি নাহৰকটীয়াৰ পৰা বৈদ্যুতিন মাধ্যমৰ প্ৰথমগৰাকী সাংবাদিক ৰূপে সেৱা আগবঢ়াইছিল শইকীয়াই। ইয়াৰোপৰি এজন ভিক্ষুৰ জন্ম, অসম ভাৰত, দ্যা আৰকান ইন্টেল, মোৰ আইৰ নাম মিলিকি বৰুৱা নামৰ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল বুলন কুমাৰ শইকীয়াই। শেহতীয়াকৈ চি ইন চি নামৰ এখন গ্ৰন্থৰ কামো কৰি আছিল যদিও প্ৰকাশৰ পথত আছিল। ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিকজনৰ মৃত্যু শোকৰ ছাঁ পৰিছে।