সাংসদৰূপে শপত ল’লে প্ৰিয়ংকা গান্ধীয়ে

সাংসদৰূপে শপত ল’লে প্ৰিয়ংকা গান্ধীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  লোকসভা সংসদৰ সদস্য হিচাপে  বৃহস্পতিবাৰে পুৱা ১১ বজাত কেৰালাৰ ৱায়ানাদৰ সাংসদ তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই শপত গ্ৰহণ কৰে।হাতত সংবিধানৰ প্ৰতিলিপি লৈ লোকসভাত শপতগ্ৰহণ কৰে প্ৰিয়ংকা গান্ধীয়ে । প্ৰিয়ংকা গান্ধীৰ শপতগ্ৰহণৰ সময়ত সংসদত তেওঁৰ মাতৃ ছোনিয়া গান্ধী, ভাতৃ ৰাহুল গান্ধী আৰু দুই সন্তান ক্ৰমে ৰেহান ভাদ্ৰাই আৰু মিৰায়া ভাদ্ৰাইও উপস্থিত থাকে । সংসদত মাতৃ, ভাতৃৰ পাছত গান্ধী পৰিয়ালৰ তৃতীয় গৰাকী সদস্য হ’ব প্ৰিয়ংকা। ইফালে শপতগ্ৰহণৰ পূৰ্বে প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কয় যে তেওঁ অত্যন্ত সুখী । উল্লেখ্য যে ২০১৯ চনৰ জানুৱাৰী মাহত আনুষ্ঠানিকভাৱে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিছিল প্ৰিয়ংকাই। সেই সময়ত তেওঁ পূব উত্তৰ প্ৰদেশৰ AICC ৰ সাধাৰণ সম্পাদক আছিল। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ ৰায়ে বৰেলী আৰু ৱায়ানাদ দুয়োখন আসনত বৃহৎ ব্যৱধানত জয়লাভ কৰিছিল। কিন্তু ৱায়ানাদ আসনখন এৰি দিছিল ৰাহুল গান্ধীয়ে। উপ-নিৰ্বাচনত সেই আসনৰ প্ৰাৰ্থী আছিল প্ৰিয়ংকা গান্ধী। ৪ লাখ ১০ হাজাৰতকৈও অধিক ভোটৰ ব্যৱধানত সেই সমষ্টিৰ পৰা জয় লাভ কৰে প্ৰিয়ংকা গান্ধীয়ে।প্ৰিয়ংকা গান্ধীৰ লগতে কংগ্ৰেছ নেতা ৰবীন্দ্ৰ বসন্তৰাও চাৱনেও লোকসভাত সাংসদ হিচাপে শপত গ্ৰহণ কৰে । লোকসভাৰ উপ-নিৰ্বাচনত নান্দেড় লোকসভা আসনত জয় লাভ কৰে ৰবীন্দ্ৰ বসন্তৰাও চাৱনে ।