পৰশুৰামকুণ্ডত সন্ধানহীন ৰে’ল বিষয়াৰ মৃতদেহ উদ্ধাৰ

পৰশুৰামকুণ্ডত সন্ধানহীন ৰে’ল বিষয়াৰ মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দেওবাৰে অৰুণাচল প্ৰদেশৰ তীৰ্থস্থান পৰশুৰাম কুণ্ডত ফুৰিবলৈ গৈ খৰস্ৰোতা লোহিত নদীৰ সোঁতত সন্ধানহীন হোৱা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সুৰক্ষা বিভাগৰ প্ৰধান মুখ্য সুৰক্ষা বিষয়া এছ কে চৌধুৰীৰ  চাৰিটা দিনৰ অন্তত মৃতদেহ উদ্ধাৰ হয় । তেজু সুঁতিত উদ্ধাৰ হয় এছ কে চৌধুৰীৰ মৃতদেহটো। সন্ধানহীন হৈ থকাৰ পৰাই অহৰহ অভিযান চলাই থকাৰ পাছতো বিষয়াজনৰ সন্ধান পোৱা নাছিল। আনকি হেলিকপ্টাৰ আৰু ড্র’নৰ সহায়তো বহু কিল ‘মিটাৰ পৰ্যন্ত নামনি অংশত অভিযান চলোৱা হৈছিল। পৰশুৰাম কুণ্ডৰ পৰা বহু কিল’মিটাৰ দূৰৈত মৃতদেহটো মাছমৰীয়াই প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক অৱগত কৰে আৰু আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে  । পৰৱৰ্তী সময়ত স্থানীয় আৰক্ষীয়ে ৰে’লৱে বিভাগৰ স’তে মৃতদেহটো উদ্ধাৰ কৰা সন্দৰ্ভত যোগাযোগ কৰাত ঘটনাস্থলীত ততাতৈয়াকৈ ৰে’লৱে বিভাগৰ বিষয়াৰ স’তে পৰিয়ালৰ লোকো উপস্থিত হৈ মৃতদেহটো উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সুৰক্ষা বিভাগৰ প্ৰধান মুখ্য সুৰক্ষা বিষয়া এছ কে চৌধুৰীৰ বুলি চিনাক্ত কৰে ।