আৰছেটি দৰঙৰ এমহীয়া বিনামূলীয়া চিলাই প্ৰশিক্ষণৰ সামৰণি

আৰছেটি দৰঙৰ এমহীয়া বিনামূলীয়া চিলাই প্ৰশিক্ষণৰ সামৰণি

কোনো কামৰ সৈতে একাত্ম হলেহে কৃতকাৰ্যতা লাভ কৰিব পাৰি – জিলা আয়ুক্ত, দৰং

মঙ্গলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা-  “কোনো কামৰ সৈতে একাত্ম হলেহে কৃতকাৰ্যতা লাভ কৰিব পাৰি | দক্ষ ব্যক্তিৰ চাহিদা সকলো ক্ষেত্রতে আছে।” এই ভাষ্য দৰঙৰ জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিৰ। গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান( Rural Self Employment Training Institute, Darrang) চমুকৈ আৰছেটি দৰং ৰ ১নং বেজপাৰা স্হিত প্ৰশিক্ষণ প্ৰতিষ্ঠানত যোৱা ২২ অক্টোবৰৰ পৰা আৰম্ভ হোৱা বিনামূলীয়া ৩০ দিনীয়া ‘মহিলাৰ চিলাই'(Women’s Tailor) প্ৰশিক্ষণৰ আজিৰ সামৰণি অনুষ্ঠানত দৰঙৰ জিলা আয়ুক্ত গৰাকী মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক শুভেচ্ছা প্ৰদানেৰে ভবিষ্যত উপযোগী পৰামৰ্শ আগবঢ়ায় ।তেওঁ ভাষণত কয় যে প্ৰশিক্ষণ সমাপ্তিৰ অন্তত আৰ্জিত জ্ঞান আৰু অভিজ্ঞতাৰে স্বনিয়োজনৰ বাবে হাতে কামে প্ৰচেষ্টা অব্যাহত ৰাখিলে ফলাফল লাভ কৰিব পাৰি।‌আনহাতে চৰকাৰী বিভিন্ন আচঁনিৰ সুফল লাভ কৰিবলৈ প্ৰশিক্ষাৰ্থী বা নউদ্যমী জন মানসিক দৃঢ়তাৰে পৰিস্থিতিৰ সৈতে খোজ মিলাই যাবলৈ প্ৰস্তুত থাকিবলৈ সক্ষম হ’ব লাগিব বুলি তেওঁ প্ৰকাশ কৰে।‌ অনুষ্ঠানত জিলা অগ্রণী বেংক বিষয়া কিশোৰী ৰাম আৰু ইউকো বেংক মঙ্গলদৈ শাখাৰ সহ প্ৰবন্ধক বিক্ৰম সিং য়ে বেংক ঋণৰ কাৰিকৰী দিশ সম্পর্কে আলোকপাত কৰে। আৰছেটিৰ সঞ্চালক বিজয় শৰ্মাই প্ৰশিক্ষাৰ্থী সকলৰ সৰ্বাংগীন বিকাশৰ হেতু স্বনিয়োজনৰ ক্ষেত্ৰত আৰছেটিৰ ভুমিকা সম্পৰ্কে অৱগত কৰে।আৰছেটিৰ জ্যেষ্ঠ প্ৰশিক্ষক কিশোৰ কুমাৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত অগ্ৰণী বেংক কাৰ্যালয়ৰ প্ৰবন্ধক সুজিত কুমাৰ তথা আৰছেটিৰ অন্যান্য কৰ্মচাৰী বৃন্দ উপস্থিত থাকে। উল্লেখ্য যে জিলাখনৰ ভিন্ন প্ৰান্তৰ ৩৩ গৰাকী মহিলা-যুৱতীয়ে উক্ত প্ৰশিক্ষণত অংশগ্ৰহণ কৰি উত্তীৰ্ণৰ প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হয়। এমহীয়া প্ৰশিক্ষণ কাৰ্যসূচীত “মহিলাৰ চিলাইৰ ” পাৰদৰ্শী ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে ডমেইন স্কীল ট্ৰেইনাৰ বন্দনা চহৰীয়াই।‌ আনহাতে কাৰ্যসূচীৰ প্ৰাৰম্ভণিতে ভাৰতত প্ৰতি বছৰে ২৬ নৱেম্বৰত ভাৰতৰ সংবিধান গৃহীত হোৱাৰ স্মৃতিত উদযাপন কৰা সংবিধান দিৱসৰ ৭৫ সংখ্যক বৰ্ষত উপনীত হোৱাৰ সৈতে সংগতি ৰাখি আটায়ে সংবিধানৰ প্ৰস্তাৱনাৰ শপত গ্ৰহণ কৰে।।