সংবিধান দিৱস উপলক্ষে আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ ৭৫সংখ্যক সংবিধান দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগৰ উদ্যোগত জনতা ভৱনস্থিত লোকসেৱা ভৱনৰ সন্মিলন কক্ষত আয়োজিত সংবিধান দিৱস উদযাপন কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে।সংবিধান দিৱস উদযাপন কাৰ্যসূচীৰ ভাষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ১৯৪৯ চনৰ ২৬ নৱেম্বৰৰ দিনটোত ভাৰতৰ সংবিধান সভাই খচৰা সংবিধানৰ চূড়ান্ত ৰূপটোক দেশৰ সংবিধান হিচাপে গ্ৰহণ কৰাৰ উল্লেখ কৰি কয় যে ২০১৫ চনৰ ১১ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ নৱেম্বৰৰ দিনটো প্ৰতিবছৰে সংবিধান দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে। ইয়াৰ পিছতে সেই বছৰৰে ১৯ নৱেম্বৰত প্রয়োজনীয় অধিসূচনা জাৰি কৰি এই দিৱসক আনুষ্ঠানিকতা প্রদান কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই পৱিত্ৰ দিনটোত মহান স্বাধীনতা সংগ্রামী আৰু আইনজ্ঞ ড° বি আৰ আম্বেদকাৰ প্ৰমুখ্যে সংবিধান খচৰা সমিতিৰ প্ৰতিগৰাকী সন্মানীয় সদস্যৰ প্ৰতি গভীৰ শ্রদ্ধা নিবেদন কৰাৰ লগতে স্বাধীনতা যুঁজত যিসকল অক্লান্ত সেনানীৰ অসীম ত্যাগৰ ফলত দেশবাসীয়ে স্বাধীনতা লাভ কৰিলে তেওঁলোককো সশ্রদ্ধ প্রণাম জনায়। ভাৰতৰ সংবিধান প্রণয়নৰ ইতিহাসৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়- ১৯৪৬ চনৰ পাঁচ দশকৰ পূৰ্বে অর্থাৎ ১৮৯৫ চনত ভাৰতৰ সংবিধান ৰচনাৰ প্ৰথম প্ৰয়াস চলিছিল। এইক্ষেত্রত লোকমান্য বাল গংগাধৰ তিলকৰ অনুপ্ৰেৰণাত সংসদীয় চৰকাৰৰ পোষকতা কৰি ভাৰতত এখন সংবিধান ৰচনাৰ বেচৰকাৰী প্ৰয়াস আৰম্ভ হৈছে। ‘হোম ৰুল’ বিল শীৰ্ষক খচৰাৰ প্ৰস্তাৱনটোত লোকমান্য তিলকে প্রস্তাৱিত সংবিধানখনৰ এটা ৰূপৰেখা ব্ৰিটিছ গৱৰ্নমেণ্টৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিছে। ভাৰতীয় সংবিধান আইন নামে পৰিচিত সেই খচৰাত ভাৰতীয় নাগৰিকৰে গঠিত ভাৰতীয় সদনৰ প্ৰস্তাৱ কৰা হৈছিল আৰু সেই সদনত প্ৰতিগৰাকী ভাৰতীয়ই মত প্ৰকাশৰ স্বাধীনতাক স্বীকাৰ কৰা হৈছিল। সকলোৰে বাবে আইনৰ সমানতাৰ পোষকতা কৰা হৈছিল আৰু কেন্দ্ৰীয় সংসদৰ উপৰি প্ৰাদেশীক বিধানমণ্ডল গঠনৰ প্ৰস্তাৱ সেই খচৰাত দাখিল কৰা হৈছিল। ১৯২৮ চনত ব্রিটেইনৰ কনজাৰভেটিভ পাৰ্টীৰ চৰকাৰে ভাৰতত সংবিধান সংস্কাৰ কাৰ্যসূচীত পর্যালোচনা কৰিবলৈ চাইমন কমিছন গঠনৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে সেই সময়ত মতিলাল নেহৰুৰ অধ্যক্ষতাত ভাৰতীয় সংবিধান ৰচনাৰ এখন সমিতি গঠন কৰা হয় আৰু ই আছিল ভাৰতীয় সংবিধান ৰচনাৰ প্রথমটো বৃহৎ পদক্ষেপ। এই সমিতিৰ প্ৰতিবেদনক ভাৰতক এখন স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদানৰ পোষকতা কৰি প্ৰস্তাৱিত সংবিধানখনৰ এটা ৰূপৰেখা দাখিল কৰা হয়। ১৯৩৫ চনত ব্রিটিছ সংসদে ১৯১৯ চনৰ আইনখন বাতিল কৰি তাৰ ঠাইত ভাৰত চৰকাৰ আইন ১৯৩৫ প্রণয়ন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে এই নতুন আইনৰ অধীনত ভাৰতত প্ৰথমবাৰৰ বাবে ভাৰতীয়সকলৰ প্ৰতি দায়বদ্ধ এখন চৰকাৰৰ প্ৰস্তাৱ ৰখা হয়। আইনখনত যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হয়। দেশীয় ৰাজ্যসমূহে একোখন চুক্তিৰ জৰিয়তে ভাৰত যুক্তৰাষ্ট্ৰত চামিল হোৱাৰ ব্যৱস্থাসম্বলিত এই আইনখনেই মূলতঃ আধুনিক ভাৰতীয় শাসন ব্যৱস্থাৰ প্ৰধান আঘাত। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ১৯৪৬ চনৰ ১৩ ডিচেম্বৰত অনুষ্ঠিত সংবিধান সভাৰ তৃতীয়খন বৈঠকত সংবিধান প্রণয়ন কৰাৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল। বিভিন্ন কমিটীৰ প্ৰতিবেদন আৰু সংবিধান সভাত হোৱা আলোচনালানিৰ আধাৰত সংবিধান বিশেষজ্ঞ বি এন ৰাওৱে ১৯৪৭ চনৰ অক্টোবৰৰ ভিতৰত সংবিধানৰ খচৰা প্ৰস্তুত কৰি খচৰা কমিটীত দাখিল কৰাৰ পাছত খচৰাখন পুংখানুপুংখভাৱে পুনৰীক্ষণ আৰু পৰ্যালোচনাৰ অন্তত ১৯৪৮ চনত ভাৰতৰ সংবিধানৰ খচৰাটোৱে নির্দিষ্ট ৰূপ লাভ কৰে। চৰকাৰৰ গাঁথনি, কেন্দ্ৰ-ৰাজ্যৰ সম্পৰ্ক আৰু নাগৰিকৰ অধিকাৰকে ধৰি সংবিধান নথিত থাকিবলগীয়া সকলো দিশ বিস্তাৰিতভাৱে খচৰাত সামৰি লোৱা হৈছে। বহুতো আলোচনা আৰু যুক্তিতৰ্কৰ অন্তত ১৯৪৯ চনৰ ২৬ নৱেম্বৰৰ দিনটোত সংবিধান সভাই খচৰা সংবিধানৰ চূড়ান্ত ৰূপটোক ভাৰতৰ সংবিধান হিচাপে গ্রহণ কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ভাৰতৰ সংবিধানে দেশৰ জনসাধাৰণৰ আশা-আকাংক্ষাক প্রতিফলিত কৰি আহিছে। বিশ্বৰ বৃহত্তম গণতান্ত্রিক ৰাষ্ট্ৰ ভাৰতবৰ্ষই জনসাধাৰণৰ কল্যাণকে মুখ্য স্থান দিছে। সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণে যাতে স্বাধীনতা, সমতা আৰু ন্যায় পাব পাৰে তাৰ বাবে সংবিধানৰ বিভিন্ন ব্যৱস্থা অন্তর্ভুক্ত কৰা হৈছে। সংবিধানে যিদৰে নাগৰিকক বিভিন্ন সুবিধা আৰু সুৰক্ষা প্ৰদান কৰিছে সেইদৰে সংবিধানৰ মূল দৰ্শন আৰু আদর্শ জীয়াই ৰখাত প্ৰতিগৰাকী নাগৰিকৰো দায়িত্ব আৰু কৰ্তব্য আছে। ভাৰতৰ সংবিধানে বিভিন্ন ধৰণে বিশেষ বিশেষ মুহূৰ্তত প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হোৱাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ১৯৭৫ চনত ভাৰতৰ সংবিধানৰ প্ৰমূল্যবোধক নাইকিয়া কৰি দেশত জৰুৰীকালীন অৱস্থা ঘোষণাৰ পাছত দেশৰ সংবিধানৰ প্ৰতি বৃহৎ প্রত্যাহ্বান আহি পৰিছিল। ভাৰতৰ ন্যায়পালিকাই সেই সময়ত সংবিধানৰ আধাৰত ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰক জীয়াই ৰাখিবলৈ প্রচেষ্টা চলাইছিল। আনহাতে, সংবিধানৰ ধৰ্মনিৰপেক্ষ শব্দৰ ওপৰত আজিও বহু বিতর্ক হোৱাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰতবৰ্ষৰ সংবিধানত ধৰ্মনিৰপেক্ষ শব্দটো ব্যৱহাৰ কৰিবলৈ ১৯৪৮ চনৰ নৱেম্বৰত বিহাৰৰ অধ্যাপক কে টি শ্বাহে সংবিধান সভাত প্রস্তাৱ আগবঢ়াইছিল। সেই প্ৰস্তাৱৰ বিৰোধিতা কৰি ড° বি আৰ আম্বেদকাৰে কৈছিল যে সংবিধানৰ প্ৰতিটো অনুচ্ছেদতে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ ধাৰণাটো প্রকট কৰি তোলা হৈছে। সেইবাবে প্রস্তাৱনাত ধৰ্মনিৰপেক্ষ শব্দটো ব্যৱহাৰ কৰাৰ কোনো অর্থ নাই বুলি আম্বেদকাৰে অভিমত প্রকাশ কৰিছে। সমাজবাদী শব্দটো সন্দর্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ড° বি আৰ আম্বেদকাৰে সমাজবাদী শব্দটো সংবিধানত অন্তভুক্তিৰ বিৰোধিতা কৰি কৈছিল যে ভৱিষ্যতৰ দিনত ভাৰতবৰ্ষৰ জনসাধাৰণে কেনেধৰণৰ সমাজত বাস কৰিব সেয়া আজিয়ে ভৱিষ্যতৰ সমাজখনৰ ওপৰত জাপি দিয়াটো উচিত নহয়। ড° বি আৰ আম্বেদকাৰে সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ আৰু সমাজবাদ এই দুয়োটা শব্দৰে সংলগ্নকৰণৰ বিৰোধিতা কৰিছিল বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰে। জৰুৰীকালীন অৱস্থাত সংবিধানৰ ৪২ সংখ্যক সংশোধনীৰ জৰিয়তে সার্বভৌম গণতান্ত্রিক প্রজাতন্ত্ৰৰ ঠাইত সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্রিক, প্রজাতন্ত্ৰ কৰা হৈছিল আৰু ৰাষ্ট্ৰৰ ঐক্য শব্দযুগলৰ সংশোধনী ঘটাই ৰাষ্ট্ৰৰ ঐক্য আৰু সংহতি কৰা হৈছিল। সেয়া আছিল সংবিধানৰ প্ৰস্তাৱনাৰ প্ৰথম সংশোধন। ইয়াৰ পিছত সংবিধানৰ প্ৰস্তাৱনাৰ কোনো সংশোধন হোৱা নাই। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰতবৰ্ষৰ সভ্যতালৈ দৃষ্টি দিলে এটা কথা বোধগম্য হয় যে ভাৰতৰ সংবিধানখন হৈছে পাঁচ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ মূল ভেটিক সংবিধান সভাই গ্রহণ কৰিছিল। সংবিধান সংশোধন কৰাৰ সময়ত দেশ বিভাজন হৈছিল আৰু বিভাজনৰ সেই সময়ছোৱাত সাম্প্রদায়িক দৃষ্টিভংগীও বিৰাজমান আছিল। ভাৰতবৰ্ষ চিৰকালে এখন ধৰ্মনিৰপেক্ষ দেশ হোৱাৰ বাবেই সংবিধান সভাই ভাৰতীয় সভ্যতাৰ মূল ভেটিকে সংবিধানত প্ৰদৰ্শন কৰিছিল আৰু ন্যায়ৰ আধাৰত এখন সমাজ নিৰ্মাণৰ পোষকতা কৰিছিল। ভাৰতবৰ্ষ এখন ব্যতিক্রমী দেশ বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ৯০ শতাংশ এটা ধৰ্মৰ লোক থকাৰ পিছতো সাহসেৰে ভাৰতৰ সংবিধানখনক ধৰ্ম নিৰপেক্ষ কৰা হৈছিল। ভাৰতবৰ্ষৰ সংবিধান সভাত ধৰ্মৰ আধাৰত সংবিধান নিৰ্মাণ কৰাৰ সুযোগ থকাৰ পাছতো ভাৰতীয়সকলে সংবিধানক ধৰ্ম নিৰপেক্ষ হিচাপে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। তেওঁ লগতে কয় যে ভাৰতৰ সংবিধান পশ্চিমীয়া ধাৰণা নহয়, ই পাঁচ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ সাৰ। তেওঁ লগতে কয় যে পাঁচ হাজাৰ বছৰৰ পৰা ভাৰতে বিশ্ব শান্তিৰ পোষকতা কৰিছিল আৰু সকলো ব্যক্তিৰ সুখ-শান্তিৰ কামনা কৰিছিল। সংবিধান সভাই কৈছিল যে ভাৰতবৰ্ষৰ সভ্যতাই ধৰ্ম নিৰপেক্ষ আৰু ধৰ্ম নিৰপেক্ষ বুলি প্রমাণ কৰাৰ প্রয়োজন নাই। ভাৰতৰ সংবিধান সভাত ডণ বি আৰ আম্বেদকাৰে দিয়া অন্তিম ভাষণটোৰ কথা উল্লেখ কৰি তেওঁ কয় যে সেই ভাষণ শুনিলে সংবিধানৰ সাৰমৰ্ম হৃদয়ংগম কৰিব পৰা যায়। ড° বি আৰ আম্বেদকাৰে কৈছিল ৰূপায়ণকাৰীসকলৰ ওপৰতে সকলো নিৰ্ভৰ কৰিব। ৰূপায়ণকাৰীসকল বেয়া হ’লে ভাল সংবিধানো বেয়ালৈ ৰূপান্তৰিত হ’ব। সেইদৰে সততে আন্দোলন কৰা আমাৰ সাংবিধানিক অধিকাৰ বুলি একাংশই কৰি অহা মন্তব্য সন্দৰ্ভত সেই সময়তে ড° বি আৰ আম্বেদকাৰে কৈছিল যে ভাৰত যদি আন্দোলনৰ পৰ্যায়লৈ যায়, ভাৰতৰ সংবিধানৰ আত্মাৰ সিদিনাই মৃত্যু হ’ব। আজি আমাৰ দেশত যিদৰে সংবিধানৰ বিশ্লেষণ কৰা হয়, ড° বি আৰ আম্বেদকাৰে কোৱাৰ মাজত বিৰাট পাৰ্থক্য আছে। ভাষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সকলোকে সংবিধানৰ প্রমূল্যবোধ আৰু দৰ্শন অধিক সমৃদ্ধ কৰাৰ বাবে নিষ্ঠা আৰু দায়বদ্ধতাৰে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। উক্ত এই অনুষ্ঠানত সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই ভাষণত কয় যে ভাৰতৰ সংবিধান ভাৰতীয় গণতান্ত্রিক ব্যৱস্থাৰ স্বাভিমান। সংবিধানখন জনসাধাৰণৰ ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ প্রতীক। সংবিধানখনে নাগৰিকৰ অধিকাৰৰ লগতে দায়িত্ব আৰু কৰ্তব্যও আৰোপ কৰিছে। এই অনুষ্ঠানত বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰী, ৰাজহ মন্ত্রী যোগেন মহন, শ্রমমন্ত্রী সঞ্জয় কিষাণ, অতিৰিক্ত মুখ্য সচিব বি আৰ ছামাল আদি উপস্থিত থাকে।