মহানগৰীত আম আদমী পাৰ্টিৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস
বিজেপিৰ বুলড’জাৰৰ ৰাজনীতিৰ অৱসানৰ আহ্বান মনোজ ধানোৱাৰৰ
গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- “দেশজোৰা দুৰ্নীতি বিৰোধী গণ আন্দোলনৰ গৰ্ভত ২০১২ চনৰ ২৬ নৱেম্বৰত আম আদমী পাৰ্টিৰ জন্ম হৈছিল। দলৰ প্ৰতিষ্ঠাতা তথা ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ দুৰ্নীতি বিৰোধী সংগ্ৰামৰ আৰম্ভণি আৰু দুৰ্নীতিমুক্ত শাসনব্যৱস্থা স্থাপনৰ হকে দলৰ জন্মৰ সময়ত দেশত কংগ্ৰেছ ক্ষমতাত অধিষ্ঠিত হৈ আছিল। বৰ্তমান শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ দিনত দুৰ্নীতি – ভ্ৰষ্টাচাৰ হ্ৰাস পোৱা নাই। দুৰ্নীতি বৃদ্ধি পোৱাৰ লগতে দেশৰ সংবিধান সংকটৰ সন্মুখীন হৈছে। আম আদমি পাৰ্টীয়ে আজি দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰামৰ উপৰি সংবিধান ৰক্ষাৰ হকে সংকল্প গ্ৰহণ কৰাৰ সময়। ” আজি মহানগৰীৰ লতাশিলৰ বিষ্ণু নিৰ্মলা ভৱনত অনুষ্ঠিত আপৰ দ্বাদশ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলটোৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে এইদৰে কয়। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধেও সৰৱ আপৰ ৰাজ্যিক সভাপতি ধানোৱাৰে বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক নীতি তথা মেৰু বিভাজনৰ ৰাজনীতিৰ কঠোৰ সমালোচনা কৰে। দলীয় কৰ্মকৰ্তা সকলক সম্বোধন কৰি ধানোৱাৰে কয়, ” অসমৰ প্ৰতিটো চৰকাৰী আঁচনি ৰূপায়নৰ ক্ষেত্ৰতে ব্যাপক দুৰ্নীতি – অনিয়মৰ অভিযোগ উত্থাপন হৈছে। মাথোঁ দুৰ্নীতিয়ে নহয়, বৰ্তমান চৰকাৰৰ দিনত আইনৰ শাসন উলংঘা কৰি বুলড’জাৰৰ জৰিয়তে উচ্ছেদ চলাই নাগৰিকৰ বাসস্থানৰ অধিকাৰ খৰ্ব কৰিছে। সেইবাবে আজিৰ পৰিস্থিতিত আম আদমী পাৰ্টিৰ দায়িত্ব আৰু কৰ্তব্য বৃদ্ধি পাইছে। আগন্তুক দিনত ৰাজ্যখনত বিজেপিৰ বুলড’জাৰৰ ৰাজনীতিৰ অৱসান হ’ব লাগিব। আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ কামৰ ৰাজনীতি প্ৰতিষ্ঠাৰ বাবে আমি সকলোৱে ঐক্যবদ্ধ হৈ আগবাঢ়ি যাম। দিল্লীৰ আপৰ চৰকাৰে মহল্লা ক্লিনিকৰ জৰিয়তে নাগৰিকৰ বিনামূলীয়া চিকিৎসা সেৱা নিশ্চিত কৰিব পাৰে, ২০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ যোগান দিব পাৰে, চৰকাৰী খণ্ডত উন্নত মানৰ শিক্ষানুষ্ঠান নিৰ্মাণ কৰিব পাৰে, একেদৰে অসমবাসীৰ বাবেও অনুৰূপ ব্যৱস্থা গঢ়ি তোলাৰ স্বাৰ্থত আমি আপক শক্তিশালী কৰিব লাগিব। ” অনুষ্ঠানত দলৰ ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডাঃ ভবেন চৌধুৰীয়ে এখন দুৰ্নীতি মুক্ত ভাৰতবৰ্ষ নিৰ্মাণৰ স্বাৰ্থত আম আদমী পাৰ্টিয়ে অবিৰতভাৱে কাম কৰি যাব বুলি ঘোষণা কৰে। দলৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজা, সৌমিক সেনগুপ্ত, সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়া, পুনম গগৈ, ৰাজ্যিক মহিলা শক্তিৰং সভানেত্ৰী মাছুমা বেগম, ৰাজ্যিক যুৱ শক্তিৰ তত্বাৱধায়ক ৰুদ্ৰাংকুৰ হাজৰিকা, যুৱ শক্তিৰ সভাপতি বাবুল বিকাশ চেতিয়াৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ নেতাই ভাষণ দিয়ে। দ্বাদশ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত কাৰ্যসূচীত ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা আপৰ নেতা-কৰ্মী সকলে অংশগ্ৰহণ কৰে। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি দলৰ কৰ্মী সকলে এক আড়ম্বৰপূৰ্ণ সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়ন কৰে৷