অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বিবৃতি
ৰঙিলী বাৰ্ত্তাসেৱা- বিহালীৰ উপ-নিৰ্বাচনৰ ফলাফলক কেন্দ্ৰ কৰি সাংসদ গৌৰৱ গগৈৰ নাম উল্লেখ কৰি ভূপেন বৰাৰ ‘ফেন ক্লাৱ’ৰ নামত কোনোৱে এক পত্ৰ প্ৰকাশ কৰা আৰু সেই পত্ৰ বিজেপিৰ একাংশ পালিনেতাই সামাজিক মাধ্যমত প্ৰচলন কৰি যি সস্তীয়া ৰাজনীতি কৰিব বিচাৰিছে সেয়া সম্পূৰ্ণ অভিসন্ধিমূলক। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এক বিবৃতিত কয় যে তেওঁৰ কোনো ‘ফেন ক্লাৱ’ নাই আৰু ‘ফেন ক্লাৱ’ গঠন কৰিবলৈ কাকো অনুমতিও প্ৰদান কৰা নাই। ‘ফেন ক্লাৱ’ৰ নামত কোনো বৈঠক অনুষ্ঠিত কৰাৰ নজিৰ নাই আৰু ভৱিষ্যতেও ফেন ক্লাৱ গঠনৰ কোনো পৰিকল্পনা নাই বুলিও বৰাই স্পষ্ট কৰি দিয়ে। এনেধৰণৰ সস্তীয়া আৰু নিকৃষ্ট ৰাজনীতিয়ে তেওঁক কেতিয়াও বিচলিত কৰিব নোৱাৰে বুলি উল্লেখ কৰি বৰাই কয় যে তেওঁ অসম আৰু অসমবাসীৰ স্বাৰ্থ ৰক্ষাৰ বাবে নিৰৱিচ্ছিন্নভাৱে আপোচবিহীন সংগ্ৰাম অব্যাহত ৰাখিছে আৰু জাতিৰ স্বাৰ্থত তেওঁ নিজকে উৎসৰ্গিত কৰাৰ মানসিকতা অধিক দৃঢ় কৰি তুলিছে৷