গৌৰৱৰ অহংকাৰৰ বাবেই বিজেপিয়ে ৫ আসনত জয়ী হ’লঃ অখিল গগৈ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ উপ-নিৰ্বাচনত ৫ টা সমষ্টিতেই বিজেপি আৰু মিত্ৰজোঁটৰ জয় তথা কংগ্ৰেছৰ পৰাজয়ক লৈ সৰৱ হৈ উঠিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। উপ- নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছতে প্রতিক্রিয়া প্রকাশ কৰি অখিল গগৈয়ে কয় যে কংগ্রেছে তেওঁলোকৰ ভিতৰুৱা সংঘাতৰ বাবে বিশেষকৈ সভাপতি ভূপেন বৰা আৰু সাংসদ গৌৰৱ গগৈৰ মাজত চলা সংঘাতৰ বাবে ৫খন আসনত বিজেপি আৰু মিত্রদল জয় হ’ল। গৌৰৱ গগৈৰ চৰম অহংকাৰৰ বাবেই বিজেপিয়ে ৫খন আসন কাঢ়ি ল’বলৈ সক্ষম হ’ল। ইয়াৰ পৰা আমি এটাই শিক্ষা ল’ব লাগিব যে ২০২৬ চনত বিজেপিবিৰোধী সকলো পুনৰ একলগ হ’ব লাগিব। সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয় যে বিৰোধী ঐক্যমঞ্চই একেলগে নির্বাচন খেলা হ’লে চাৰিখন আসনত জয়যুক্ত হ’ব পাৰিলোঁহেঁতেন। কিন্তু কংগ্ৰেছে তাতকৈ বেছি ভাল ফলাফল দেখুৱাব পাৰিম বুলি আত্মবিশ্বাসী হৈ ৫টা সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিলে আৰু বিৰোধী ঐক্যমঞ্চ ভাঙি দিছিল। কিন্তু আজিৰ ফলাফলে স্পষ্ট কৰিলে যে কংগ্ৰেছৰ এই অহংকাৰৰ বাবেই, নিৰ্বাচনত কংগ্রেছে যি ভিত্তিহীন স্থিতি ল’লে তাৰ বাবেই আজি অসমত বিজেপিয়ে অগ্রগতি লাভ কৰিবলৈ সক্ষম হ’ল। আমি বাৰম্বাৰ কৈ আহিছোঁ যে দেশৰ য’তেই বিজেপিৰ বিৰুদ্ধে বিৰোধী দলসমূহ ঐক্যবদ্ধ হৈছে তাতেই বিৰোধীয়ে সুফল লাভ কৰিছে আৰু কংগ্ৰেছে য’তেই বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিছে তাতেই সদায় তেওঁলোক পৰাজয় হৈছে। অসমৰ ক্ষেত্ৰতো একেই ফলাফল দেখিবলৈ পোৱা, গৈছে। এয়া অতিশয় দুর্ভাগ্যজনক কথা। কংগ্ৰেছে তেওঁলোকৰ অহংকাৰ ত্যাগ কৰিব লাগিব। লোকসভা নির্বাচনত কংগ্রেছে অকণমান ফলাফল ভাল কৰাৰ পাছত তেওঁলোকে ভাবি লৈছিল যে তেওঁলোক অপ্রতিদ্বন্দ্বী, তেওঁলোকক কোনেও হৰুৱাব নোৱাৰিব, বেলেগক লগত লোৱাৰ প্রয়োজন নাই। এই ধাৰণাৰ বাবেই আজি কংগ্ৰেছে দুর্ভাগ্যজনক ফলাফল লাভ কৰিছে। দৰাচলতে এই নির্বাচনী ফলাফল গৌৰৱ গগৈৰ অহংকাৰৰ ওপৰত এয়া এক মোক্ষম আঘাত ।”