ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত ইউ পি এচ চিৰ প্ৰাক্তন অধ্যক্ষ ::তিনি উপাচাৰ্যৰ অংশগ্ৰহণ
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় প্রশাসনিক সেৱাৰ প্রতিযোগিতামূলক পৰীক্ষাত অবতীর্ণ হ’বলৈ দৈনিক এটা নহয় এটা নতুন কথা শিকিবলৈ, বুজিবলৈ চেষ্টা কৰাৰ প্ৰয়োজন। দৈনিক মনৰ মাজত যিকোনো এটা বিষয়ৰ বাবে অনেক প্রশ্ন কৰা প্রয়োজন। ভাৰতীয় লোকসেৱা আয়োগৰ প্রাক্তন অধ্যক্ষ তথা ভাৰতবৰ্ষৰ এগৰাকী জনপ্রিয় শিক্ষাবিদ ড° ডি পি আগৰৱালে এইদৰে কয়। কানৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু বি চি এ বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা অন্তৰংগ আলাপত ড° আগৰৱালাই কয়- দৈনিক বাতৰি কাকত, আলোচনী অধ্যয়ন কৰাই নহয়, নিজৰ ঠাইখনৰ, ৰাজ্যখনৰ, দেশখনৰ বিভিন্ন ঠাই, অঞ্চলসমূহক লৈও প্রশ্ন মনলৈ অনা প্রয়োজন আৰু তেনে অভ্যাসে ভাৰতীয় প্রশাসনিক সেৱাৰ পৰীক্ষাত উত্তীর্ণ হোৱাত সহায় কৰে। তেওঁ কয় ছাত্র-ছাত্রী সকলে সৰুৰে পৰা তেনে প্রতিযোগিতামূলক পৰীক্ষাত অবতীর্ণ হ’বলৈ লক্ষ্য বান্ধি লোৱা প্রয়োজন আৰু ছাত্র-ছাত্রীসকলে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত সৰু সৰু গোটত বিভক্ত হৈ তেনে আলোচনাচর্চা কৰা প্রয়োজন। ছাত্র একতা সভাৰ দৰে সংগঠনসমূহে মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত তেনে প্রতিযোগিতামূলক পৰীক্ষাৰ পৰিৱেশ গঢ়ি তুলিব পাৰে আৰু দেশৰ সেৱা কৰিবলৈ উপযুক্ত মানবসম্পদ সৃষ্টি কৰিব পাৰে। প্রায় এঘণ্টা ধৰি অনুষ্ঠিত হোৱা এই অন্তৰংগ আলাপৰ পূৰ্বে ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক চিন্ময় কলিতাই ভূতপূর্ব অধ্যক্ষগৰাকীক এখন ফুলাম গামোছাৰে আদৰণী জনায়। উল্লেখ্যযোগ্য যে ড০ আগৰৱালা দীর্ঘদিন ধৰি ভাৰতীয় লোকসেৱা আয়োগৰ স’তে জড়িত হৈ থকাৰ লগতে ভাৰত চৰকাৰৰ বিভিন্ন উচ্চ পৰ্যায়ৰ সমিতিৰ সদস্য হিচাপে সেৱা আগবঢ়াইছিল। ভূতপূর্ব অধ্যক্ষগৰাকীক ছাত্র- ছাত্রীসকলে বিভিন্ন প্রশ্ন সোধে আৰু তেওঁ যথাযথভাবে উত্তৰ প্রদান কৰে। অন্তৰংগ আলাপ অনুষ্ঠানত কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়া, উপাধ্যক্ষ ড° প্রিয়দেৱ গোস্বামী উপস্থিত থাকে। উল্লেখ্য যে কানৈ মহাবিদ্যালয়ত অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্য ড° অজন্তা ৰাজকোঁৱৰ, বীৰাঙ্গনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্রাক্তন প্রতিষ্ঠাপক উপাচার্য ড° জ্যোতি প্রসাদ শইকীয়া, শ্রী শ্রী অনিৰুদ্ধদের ক্রীড়া বিশ্ববিদ্যালয়ৰ উপাচার্য ড° জে পি বার্মা, ভাৰপ্ৰাপ্ত পঞ্জীয়ক যজ্ঞেশ্বৰ গোস্বামী শ্রী শ্রী অনিৰুদ্ধদের ক্রীড়া বিশ্ববিদ্যালয়ৰ ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ আৰম্ভণী কৰিবলৈ মহাবিদ্যালয়খনত থকা বিশ্ববিদ্যালয় কেন্দ্রটোত উপস্থিত হৈছিল। উল্লেখ্য যে ঐতিহাসিক ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত একেদিনাই তিনিখনকৈ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী উপাচাৰ্যৰ লগতে ভাৰতীয় লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষৰ উপস্থিত থকা এই দিনটো এক ঐতিহাসিক দিন বুলি বিবেচিত হৈছে।