ইছৰোৱে উৎক্ষেপণ কৰিলে GSAT-20 উপগ্ৰহ

ইছৰোৱে উৎক্ষেপণ কৰিলে GSAT-20 উপগ্ৰহ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় মহাকাশ বিজ্ঞানৰ নতুন কৃতিত্ব। মঙলবাৰে পুৱা মহাকাশলৈ উৎক্ষেপণ কৰিলে ভাৰতৰ এটা নতুন যোগাযোগ উপগ্ৰহ।  ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ GSAT-20 নামৰ এটা যোগাযোগ উপগ্ৰহ মঙলবাৰে পুৱা উৎক্ষেপণ কৰা হয়।  এই উপগ্ৰহটোৱে ভাৰতৰ দুৰ্গম অঞ্চললৈ ব্ৰডবেণ্ড সেৱা প্ৰদান কৰাৰ লগতে যাত্ৰীবাহী বিমানত উৰণৰ মাজতো ইণ্টাৰনেট সেৱা নিশ্চিত কৰিব।আমেৰিকাৰ ফ্ল’ৰিডাৰ কেপ কানাভেৰেল মহাকাশ কেন্দ্ৰৰ পৰা স্পেচ এক্সৰ ৰকেটযোগে উৎক্ষেপণ কৰা হয় উপগ্ৰহটো।ইলন মাস্ক নেতৃত্বাধীন স্পেচ এক্সৰ Falcon-9 ৰকেটৰ জৰিয়তে ভাৰতীয় উপগ্ৰহটো সফলতাৰে উৎক্ষেপণ কৰা হয়। ভাৰতীয় উপগ্ৰহৰ বিশেষ উৎক্ষেপণ স্পেচএক্সৰ ফেলকন ৯ ৰকেটত মঙলবাৰে পুৱা ৩৪ মিনিটৰ এই দীঘলীয়া যাত্ৰা আৰম্ভ হয়। উৎক্ষেপণৰ ৩৪ মিনিটৰ পাছতে উপগ্ৰহটো সফলতাৰে মহাকাশৰ উচ্চ কক্ষপথত স্থাপন কৰা হয়। প্ৰায় ৪ হাজাৰ ৭০০ কেজি ওজনৰ উপগ্ৰহটোৱে মহাকাশত থাকি ১৪ বছৰৰ বাবে সেৱা আগবঢ়াব। উপগ্ৰহীয় যোগাযোগ ব্যৱস্থাক অধিক শক্তিশালী কৰাই নহয় বিমানৰ যোগাযোগ ব্যৱস্থা আৰু ব্ৰডব্ৰেণ্ড সেৱা উন্নত কৰিব। ইছৰোৰ বাণিজ্যিক শাখা নিউ স্পেচ ইণ্ডিয়া লিমিটেডৰ উদ্যোগত ইছৰোৰ ছেটেলাইট চেণ্টাৰ আৰু লিকুইড প্ৰপালচন চিষ্টেম চেণ্টাৰে যৌথভাৱে নিৰ্মাণ  নিৰ্মাণ কৰিছে এই নতুন যোগাযোগ উপগ্ৰহটো।লগতে ভাৰতৰ স্মাৰ্ট চিটি অভিযানৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনিত তথ্য সঞ্চাৰণত সহায় কৰিব। উৎক্ষেপণ কৰা উপগ্ৰহটোৰ 48GB ডাটা ট্ৰাঞ্চমিছনৰ ক্ষমতা আছে। ভাৰতৰ যিকোনো সকলো স্থানতে ব্ৰডব্ৰেণ্ড সেৱাক শক্তিশালী কৰাত ভূমিকা ল’ব এই উপগ্ৰহই। উত্তৰ-পূবত মুঠ ৮টা স্থান আৰু দেশৰ প্ৰধান চহৰসমূহত থকা ২৪টা স্থানৰ সৈতে ভূপৃষ্ঠত থকা কেন্দ্ৰৰ সৈতে পোনপটীয়া সংযোগ থাকিব উপগ্ৰহটোৰ। যাৰ জৰিয়তে দেশৰ যোগাযোগ ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিব।