জোনাক নমা সন্ধিয়া – ইভা গন্ধীয়া ফুকন 

জোনাক নমা সন্ধিয়া
 ইভা গন্ধীয়া ফুকন 
জোনাক হেনো নামিব আজি সন্ধিয়া
জোনাকৰ বৰষুণত তিতিছানে কেতিয়াবা
উহঁ , নাই তিতা
মইও তিতা নাই
আহিবা আজি সন্ধিয়া
জোনাকৰ বৰষুণত তিতিম দুয়ো
বিছাৰিম জীৱনৰ মাদকতা
আপোন পাহৰা হৈ চাই ৰ’ম
চিকমিক শৰগৰ তৰা
শব্দৰ ভাষা চকুৰে বুজিবা
নিশাৰ নিস্তব্ধতাত
শুনিবা হৃদয়ৰ কোলাহল
ঠুনুকা মনৰ ৰুণুক- জুণুক শব্দ
তাতে বিচাৰি পাবা জীৱনৰ ছন্দ
চকুৰ পতাৰ উদ্বিগ্নতা আঁতৰাই
লিখিম জীৱন জীয়াৰ অঘোষ মন্ত্ৰ
দেওদি নচা জোনাকী পৰুৱাৰ নাচোনত
খহিব বুকুৰ দেৱাল
তলে তলে বৈ থকা উৎকণ্ঠা শিহৰণ
উৰ্বৰা হৈ সেউজী  হ’ব
মনৰ শালৰ ফুল তুলি থকা
উলট- পালট ব্যস্ত মাকোঁয়ে
অতৃপ্তিয়ে বিচৰা তৃপ্তি বা
তৃপ্তিয়ে বঢ়োৱা অতৃপ্তিৰ ফুল বাচিব !!