গছ মোৰ ডাঙৰ ককাইদেউ – মাৰ্জিনা বেগম

গছ মোৰ ডাঙৰ ককাইদেউ 
মাৰ্জিনা বেগম ,বৰপেটা
মোৰ আয়ে জন্ম নিদিলেও
গছ মোৰ ডাঙৰ ককাইদেউ ,
ইয়াত তুমি হয়তো হাঁহিছা
তথাপিও…..  সিয়ে মোক
 সুখে -দুখে জীৱনৰ
প্ৰীতিৰ বা বলাই
ন- কৈ জীয়াই তোলে
সেউজ কোমল উশাহত ।
আঘাতৰ চকুলো নিগৰিলে
দূৰৰ পৰাই হাত বাউলি মাতে
নিৰ্জ্জীৱ প্ৰাণত আশা সঞ্চাৰি
দুগালত সিঁচি দিয়ে
প্ৰশান্তিৰে ভৰা মৰমৰ চুমা….
জী উঠে কাতৰ কলিজা ।
সৰা পাতে কথা কয়
নোপোৱাৰ যত  অব্যক্ততা,
হঠাতে অহা ধুমুহাই
কিদৰে ভাঙি থৈ যায়
ছাঁ দিয়াৰ সেউজীয়া হেঁপাহ।
সময় সলনি হয়
ৰং সলায় ঋতুয়ে
বিৰহৰ চোলা খুলি থৈ
তেওঁ মোক নিচুকাই প্ৰতিবাৰে,
নিজানত বহুৱাই নিৰৱে
গান গাই অন্তহীন সুৰে।
সৃষ্টিৰ বোৱঁতী সুঁতিত
বুকুত ফুলাই খৰিকাজাই
চেনেহৰ সুৰভী সঁফুৰা লৈ
প্ৰকৃতিৰ দাপোনত চিৰদিন থাকিব
গছ মোৰ ডাঙৰ ককাইদেউ হৈ।