বিক্ষোভ-প্ৰতিবাদেৰে ডিব্ৰুগড়ত মটক-মৰাণৰ ১২ ঘন্টীয়া সৰ্বাত্মক বন্ধ প্ৰভাৱ

বিক্ষোভ-প্ৰতিবাদেৰে ডিব্ৰুগড়ত মটক-মৰাণৰ ১২ ঘন্টীয়া সৰ্বাত্মক বন্ধ প্ৰভাৱ::মৰাণ ছাত্র সন্থাৰ সঁকিয়নি-শোষণতন্ত্ৰৰ বিৰুদ্ধে পুনৰ চলিব মোৱামৰীয়া বিদ্ৰোহ

এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- বিক্ষোভ আৰু প্ৰতিবাদৰ মাজেৰে ১১-১১-২৪তাৰিখে মৰাণ আৰু মটক জনগোষ্ঠীয় ছাত্ৰ সংগঠনে আহ্বান জনোৱা ১২ ঘন্টীয়া ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বন্ধ কাৰ্যসূচী সৰ্বাত্মক ৰূপত প্ৰভাৱ পৰে। মটক আৰু মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত পুৱা ৫ বজাৰ পৰা সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন আৰু সদৌ অসম মৰাণ ছাত্র সন্থাই আহ্বান জনোৱা বন্ধ কাৰ্যসূচীৰ ফলত স্তব্ধ হৈ পৰে ডিব্ৰুগড় জিলা। বিশেষকৈ ডিব্ৰুগড় মহানগৰত দুই-এখন জৰুৰী যান-বাহনৰ বিপৰীতে ৰাজপথত যান-বাহনৰ চলাচল প্ৰায়ে বন্ধ হৈ পৰে। সমান্তৰালভাৱে বিত্তীয় প্ৰতিষ্ঠানকে ধৰি চৰকাৰী-বেচৰকাৰী কাৰ্যালয়সমূহো সম্পূৰ্ণৰূপে বন্ধ হৈ থাকে। একেদৰে বন্ধ হৈ থাকে মহানগৰীৰ আটাইকেইখন ব্যৱাসায়ীক প্ৰতিষ্ঠান। চাবুৱাৰ পৰা মটক আৰু মৰাণ জনগোষ্ঠীয় সংগঠনৰ নেতা-কৰ্মীসকলে ডিব্ৰুগড় মহানগৰ অভিমুখে এক বিশাল বাইক ৰে’লী উলিয়ায়। লাহোৱালৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে বাইক ৰে’লীৰে প্ৰতিবাদ কৰা প্ৰতিবাদকাৰী সকলক প্ৰশাসনৰ ফালৰ পৰা ১৪৪ ধাৰাৰ দোহাই দি আৰক্ষীয়ে বাধা প্ৰদানৰ চেষ্টা কৰে যদিও আৰক্ষীৰ বাধাকো নেওচি মহানগৰৰ মাজমজিয়াত প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰে। আনকি আৰক্ষীৰে খণ্ডযুদ্ধৰো সৃষ্টি হয় প্ৰতিবাদকাৰীসকল। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত কৰা মন্তব্যৰ বিৰুদ্ধে উজনিৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত মটক জনগোষ্ঠীয় সংগঠনসমূহে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে। এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ সভাপতি ৰঞ্জিত গোহাঁই, উপ-সভাপতি অজয় গগৈ, সাধাৰণ সম্পাদক স্বৰূপ গোহাঁইয়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে তীব্ৰ সমালোচনা কৰে। বিজেপি চৰকাৰে মটক-মৰাণৰ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত কৰি অহা প্ৰতাৰণা কোনো কাৰণতে সহ্য কৰা নহ’ব। নিৰ্বাচন আহিলেই জনজাতিকৰণৰ প্ৰসংগ উল্লেখ কৰি প্ৰতিশ্ৰুতিৰ নামত প্ৰতিশ্ৰুতি দি আহে শাসকগোষ্ঠীয়ে। ২০২৫ চনৰ ভিতৰত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নহ’লে বিজেপিক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰদান কৰিছে। অন্যহাতে সদৌ অসম মৰাণ ছাত্র সন্থাৰ সভাপতি পলিন্দ্ৰ বৰাই চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, মটক আৰু মৰাণ জনগোষ্ঠীয়ে জনজাতিকৰণৰ নামত পুনৰ আন্দোলন কৰিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক। বিজেপি চৰকাৰে শাসনৰ গাদীত বহাৰ প্ৰাকক্ষণত অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। এই প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল। পৰৱৰ্তী সময়ত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে চৰকাৰে। অৱশ্যে মডেলিটি প্ৰস্তুত কৰিলে যদিও সেই মডেলিটি ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক দাখিল নকৰিলে। ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সদিচ্ছা এই চৰকাৰখনৰ নাই। ৰাজনৈতিক পাশাখেলত জনগোষ্ঠীটোক বঞ্চিত আৰু শোষিত কৰিব যদি বিচাৰে তেনেহ’লে মৰাণ আৰু মটক জনগোষ্ঠীয়ে পুনৰ মোৱামৰীয়া বিদ্ৰোহ ঘোষণা কৰিব বুলি সঁকিয়নি প্ৰদান কৰি কয় যে, এই মোৱামৰীয়া বিদ্ৰোহ যিধৰণে শোষণ তন্ত্ৰৰ বিৰুদ্ধে হৈছিল, সেই শোষণতন্ত্ৰৰ বিৰুদ্ধে মৰাণ-মটকে মোৱামৰীয়া বিদ্ৰোহ পুনৰাবৃত্তি কৰিবলৈ সাজু হৈছোঁ। স্বাধীন দেশৰ নাগৰিক হিচাপে অনুসচিত জাতি- জনজাতি সকলে পোৱা অধিকাৰৰ দৰে আমাৰো সেই অধিকাৰ আছে। এই ভূমিখণ্ডৰ মালিক আমি। এই মালিকক যদি বঞ্চিত কৰা হয়, তাতকৈ দুৰ্ভাগ্যজনক আন একো হ’ব নোৱাৰে।