দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ সঞ্জীৱ খান্নাৰ

দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ সঞ্জীৱ খান্নাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে আজি শপত গ্ৰহণ কৰিলে ন্যায়াধীশ সঞ্জীৱ খান্নাই। ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা হয় এই শপতগ্ৰহণ অনুষ্ঠান । ৰাষ্ট্ৰপতি ভৱনত পুৱা ১০বজাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ খান্নাক শপত বাক্য পাঠ কৰোৱাই । অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, জ্যেষ্ঠ বিজেপি নেতা, প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু উচ্চতম ন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশসকল উপস্থিত থাকে । ন্যায়াধীশ খান্নাৰ কাৰ্যকাল ২০২৫ চনৰ ১৩ মে’ অৰ্থাৎ প্ৰায় ৭ মাহৰ হ’ব । উল্লেখ্য যে, ১০ নৱেম্বৰত অৱসৰ লৈছিল দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে। তেখেতৰ উত্তৰাধিকাৰী হিচাপে দায়িত্ব ল’বলগীয়া ন্যায়াধীশ সঞ্জীৱ খান্নাক আইন আৰু প্ৰশাসন দুয়োটা বিষয়তে অভিজ্ঞ আৰু দক্ষ বুলি অভিহিত কৰিছিল প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে। উল্লেখ্য যে বিগত চাৰিটা দশক ধৰি ন্যায়পালিকাৰ সৈতে জড়িত হৈ আছে ন্যায়াধীশ সঞ্জীৱ খান্না। তেখেত দিল্লী বাৰ কাউঞ্চিলৰ পৰা জড়িত হৈছিল ১৯৮৩ৰ পৰা। ন্যায়াধীশ সঞ্জীৱ খান্নাই দিল্লী উচ্চ ন্যায়ালয়লৈ অহাৰ পূৰ্বে দিল্লীৰ তিছ হাজাৰী আদালতৰ পৰা আৰম্ভ কৰিছিল আইন সেৱা। পৰৱৰ্তী সময়ত ন্যায়াধীশ সঞ্জীৱ খান্নাই আয়কৰ বিভাগৰ Senior Standing Counsel আৰু কেন্দ্ৰীয় শাসিত দিল্লীৰ Standing Counsel হিচাপেও কৰ্তব্য নিৰ্বাহ কৰে। ২০০৫চনত দিল্লীত উচ্চ ন্যায়ালয়ত যোগদান কৰে ন্যায়াধীশ সঞ্জীৱ খান্নাই।২০০৬ চনত স্থায়ী ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে দিল্লী উচ্চ ন্যায়ালয়ত। ২০১৯ চনত ন্যায়াধীশ সঞ্জীৱ খান্নাই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নোহোৱা স্বত্বেও উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ইলেক্ট্ৰৰেল বণ্ড, জন্মু কাশ্মীৰৰ ৩৭০ অনুচ্ছেদ বাহাল ৰখা সম্পৰ্কত কৰা ৰায়দান, ইলেক্ট্ৰনিক ভোটিং মেচিনৰ সপক্ষত কৰা ৰায়দানৰ  বিচাৰপীঠৰ অন্যতম অংশীদাৰ আছিল। নতুন দিল্লীৰ আইন ন্যায়িক একাডেমী, দিল্লী আন্তঃৰাষ্ট্ৰীয় আৰবিট্ৰেচন চেণ্টাৰ, জিলা আদালতৰ মধ্যস্থতা কেন্দ্ৰলৈ অভূতপূৰ্ব অৱদান আগবঢ়াইছে।পূৰ্বে কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ নকৰাকৈ, ২০১৯ চনৰ ১৮ জানুৱাৰীত ন্যায়াধীশ সঞ্জীৱ খান্নাই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। ন্যায়াধীশ সঞ্জীৱ খান্নাই দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদানকে ধৰি বহু গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। দিল্লীৰ প্রাক্তন উপ-মুখ্যমন্ত্রী মনীষ চিছ’দিয়াৰ এটা গোচৰতো ৰায় প্ৰদান কৰিছে মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত লাভ কৰা ন্যায়াধীশ সঞ্জীৱ খান্নাই।