অৱশেষত জালত পৰিল ডি বি ষ্টকৰ স্বত্বাধিকাৰী মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন

অৱশেষত জালত পৰিল ডি বি ষ্টকৰ স্বত্বাধিকাৰী মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত আৰক্ষীৰ জালত পৰিল শ্বেয়াৰ মাৰ্কেটৰ অনলাইন ট্রেডিঙেৰে নিশাটোৰ ভিতৰতে কোটিপতি হোৱাৰ স্বপ্ন দেখুৱাই ৰাইজৰ পৰা এক-দুই হাজাৰ নহয়, ৭ হাজাৰ কোটি টকা লুণ্ঠন কৰি পলাতক হৈ থকা ডিবি ষ্টক ব্ৰ’কিঙৰ স্বত্বাধিকাৰী মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মন।দুমাহৰ অন্তত বহু কষ্টৰ মূৰত অৱশেষত গোৱাৰ পানাজীত মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনক। পাণবজাৰ থানাৰ সহকাৰী আৰক্ষী আয়ুক্ত অমিত মাহাতোৰ নেতৃত্বত যোৱা এটা দলে গোৱাৰ পানাজীৰ ৰাজপথৰ পৰা কৰায়ত্ত কৰে প্ৰৱঞ্চকটোক। উল্লেখ্য যে দীর্ঘদিনে আৰক্ষীৰ চকুত ধূলি দি অজ্ঞাত স্থানত আত্মগোপন কৰি থকা দীপাংকৰ বৰ্মনক বিচাৰি বহু অভিযান চলোৱা হৈছিল যদিও সফল হ’ব পৰা নাছিল মহানগৰ আৰক্ষী। শেহতীয়াকৈ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত দীপাংকৰ বৰ্মন গোৱাত আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰাৰ পাছতে মহানগৰ আৰক্ষীৰ লগতে অপৰাধ শাখাৰ এটা দলে কিছুদিন ধৰি গোৱাত বাহৰ পাতি প্ৰৱঞ্চকটোৰ সন্ধান অব্যাহত ৰাখিছিল। কিন্তু প্ৰথম অৱস্থাত তেওঁলোকে সফল হ’ব নোৱাৰি পুনৰ উভতি আহিছিল। তাৰ পাছতে আন এক সূত্ৰই গোৱাৰ পানাজীত দীপাংকৰ বৰ্মনে আত্মগোপন কৰি থকা সন্দৰ্ভত সঠিক খবৰ দিয়াৰ পাছতে পুনৰ মহানগৰ আৰক্ষীৰ এটা দলে গোৱালৈ ৰাওনা হৈ এসপ্তাহ ধৰি তাত বাহৰ পাতে। গোৱাত উপস্থিত হৈয়ে এইবাৰ মহানগৰ আৰক্ষীৰ দলটোৱে গোৱাৰ স্থানীয় আৰক্ষীৰ সহায় লয়। সেইমৰ্মে মহাপ্ৰৱঞ্চকটোক হাতে-লোটে কৰায়ত্ত কৰাৰ বাবে বেহু ৰচনা কৰে আৰু তাৰ পাছতে পানাজীৰ বজাৰ এলেকাত ফুৰা- চকা কৰি থকা অৱস্থাতে পূৰ্বৰে পৰা অনুসৰণ কৰি থকা আৰক্ষীৰ দলটোৱে লগে লগে কৰায়ত্ত কৰে দীপাংকৰ বৰ্মনক। ইয়াৰ পাছতে দলটোৱে মহাপ্ৰৱঞ্চকটোক আত্মগোপন কৰা স্থানলৈ নি তালাচী চলায়। আৰক্ষীৰ সন্মুখতে মহাপ্ৰৱঞ্চকটোৱে নিজৰ সৈতে থকা দুটাকৈ বেগৰ পৰা এটা এটাকৈ মুঠ ১৩টা ৫০০ টকীয়া নোটৰ বাণ্ডিল উলিয়াই দিয়ে। এই ১৩টা বাণ্ডিলত সর্বমুঠ ২৭,০৬,৭৫০ টকা থকা বুলি ইতিমধ্যে মহানগৰ আৰক্ষীৰ শীৰ্ষৰ পৰা সদৰী কৰা হৈছে। তদুপৰি, মহাপ্ৰৱঞ্চকটোৰ লগত থকা সোণৰ আ-অলংকাৰো অভিযানকাৰী দলটোৱে জব্দ কৰিছে। জব্দকৃত ধন তথা অংলকাৰৰ সৈতে আৰক্ষীৰ দলটোৱে দীপাংকৰ বর্মনক পানাজী থানালৈ লৈ যায়।