৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ কৰিলে আইমী বৰুৱা আৰু পাৰ্থসাৰথি মহন্তই 

৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা গ্ৰহণ কৰিলে আইমী বৰুৱা আৰু পাৰ্থসাৰথি মহন্তই 

ৰঙিলী বাৰ্ত্তাসেৱা- ৭০সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত উজ্বলিত অসমৰ কেইবাগৰাকীও সন্তান।ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকে কেইবাখনো অসমীয়া চলচ্চিত্ৰ ৷ আইমী বৰুৱা প্ৰডাকচন ছ’চাইটীৰ প্ৰযোজনাত আৰু আইমী বৰুৱাৰ পৰিচালনাত নিৰ্মিত বিচাৰকৰ বিশেষ বঁটা লাভ কৰা “বিৰুবালা- ‘উইটচ’ টু পদ্মশ্রী”-ৰ বাবে তথ্যচিত্র নির্মাতা অভিনেত্রী আইমী বৰুৱাই  ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰে। সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰাৰ বাবে বিৰুবালা ৰাভাই কিদৰে চেষ্টা চলাইছিল, বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে সেই বিষয়ে উল্লেখ কৰে। অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰা, কঠিন পৰিস্থিতিতো পীড়িতসকলক সহায় কৰা বিৰুবালা ৰাভাই ২০২১ চনত পদ্মশ্রী সন্মান লাভ কৰাৰ বিষয়েও ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণত উল্লেখ কৰে। আনহাতে এইবেলি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ লাভ কৰা আনখন ছবি হ’ল Hargila The Greater Adjutant Stork ৷  পৰিচালক ড৹ পাৰ্থ সাৰথি মহন্ত নিজে উপস্থিত থাকি গ্ৰহণ কৰে প্ৰমাণপত্ৰ ৷পূর্ণিমা দেৱী বৰ্মনৰ নেতৃত্বত দদৰা আৰু পছৰীয়াৰ মহিলাসকলে ‘হাড়গিলা’ সংৰক্ষণৰ বাবে নিৰলস প্রচেষ্টা অব্যাহত ৰাখিছে। বিলুপ্তিৰ পথত থকা ‘হাড়গিলা’ বিশ্বৰ ২০টা প্ৰজাতিৰ মাজৰ এটা। বিশ্বৰ ভিতৰতে দদৰা, পছৰীয়াৰ ‘হাড়গিলা’ সংৰক্ষণৰ প্ৰচেষ্টা সফল বুলি বিবেচিত হৈছে। পাৰ্থসাৰথি মহন্ত পৰিচালিত এই ছবিখনত ‘হাড়গিলা’ সংৰক্ষণৰ এই মহান প্রচেষ্টাক সামৰি লোৱা হৈছে। পূর্ণিমা দেৱী বৰ্মনে দদৰা- পছৰীয়াৰ মহিলাসকলক একত্ৰিত কৰি এই পক্ষীৰ সংৰক্ষণৰ বাবে লোৱা এনে প্রচেষ্টাক উৎসাহ যোগোৱাৰ লগতে বিশ্ববাসীক এই কাহিনী দেখুৱাবলৈ নিৰ্মাণ কৰা হৈছে ‘Hargila- The Greater Adjutat Stork’। ইয়াৰ পূৰ্বেও এই ছবিখন বিভিন্ন আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত প্রদর্শিত হৈ সমাদৃত হৈছে। ‘ পাই এণ্টাৰটেইনমেণ্ট’ৰ বেনাৰত তথ্যচিত্ৰখনৰ প্ৰযোজনা কৰিছে মীনা মহন্ত আৰু ইন্দ্রাণী বৰুৱাই। ইন্দ্ৰাণী বৰুৱাৰ চিত্ৰনাট্যৰে নিৰ্মিত তথ্যচিত্ৰখনৰ সম্পাদনা সমুজ্জ্বল কাশ্যপ আৰু গৌতম মজুমদাৰৰ। চিত্ৰগ্ৰহণ কৰিছে অমিয়া ৰঞ্জন দাস, জয়প্রকাশ চক্ৰৱৰ্তী আৰু মানস চাগ্রাই। ইয়াৰ লগতে অসমৰ কুলনন্দিনী মহন্তৰ ‘এমুঠি পুঠি’ লৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ অসমীয়া চিনেমাৰ ৰজত কমল বঁটা, ড৹ ববী শৰ্মা বৰুৱাৰ ‘ছিকাইছাল’লৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ তিৱা ছবিৰ ৰজত কমল বঁটা । আনহাতে চুটিছবিৰ শিতানত নৱপম ডেকাৰ ‘শূন্যতা’ লৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা ।